উত্তৰ গুৱাহাটীত ৰামকৃষ্ণ মিছন গুৱাহাটীয়ে দৰিদ্ৰ লোকৰ মাজত বিলালে কম্বল

পঙ্কজ নাথ, চাংসাৰি, ১৪ ডিচেম্বৰ :

ৰামকৃষ্ণ মিছন গুৱাহাটীয়ে সদায়ে দৰিদ্ৰ আৰ্ত জনৰ ওচৰত থিয় দি আহিছে ।  বান আক্ৰান্ত অথবা শীতকালত দৰিদ্ৰ জনৰ কাষত থিয় হৈ ,সদায়ে সেৱা কৰি আহিছে যামকৃষ্ণ মিছনে  । এইবাৰ ৰামকৃষ্ণ মিছনে দুখীয়া গৰীব লোকক কম্বল বিতৰণেৰে এক সময়োপযোগী  পদক্ষেপ গ্ৰহণ কৰিছে  ।  জনকল্যানমুলক সেৱাত নিয়োজিত সংস্থাটিয়ে  উত্তৰ গুৱাহাটীৰ বিভিন্ন গাঁৱৰ প্ৰায় চাৰি শতাধিক লোকক কম্বল  বিৰণৰ বাবে ঠায়ে ঠায়ে উপস্থিত হৈছে । উত্তৰ গুৱাহাটী লেঙা ,সাতগাঁও আৰু ৰূদ্ৰেশ্বৰত দেওবাৰে যুব বাহিনী অসমৰ সহযোগত শতাধিক দুখীয়া লোকৰ মাজত কম্বল বিতৰণেৰে পযিচয় দিলে মানব দৰদৰ । মানবতাৰ সেৱাত উৎসৰ্গীত ৰাম কৃষ্ণ মিছন গুৱাহাটীয়ে কেৱল উত্তৰ গুৱাহাটীতে নহয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে  প্ৰায় সাত শ পৰিয়ালক ইতিমধ্যে কম্বল বিতৰণ কৰিছে  । ৰাম কৃষ্ণ মিছন গুৱাহাটীৰ স্বামীজী আত্ম শুদ্ধনন্দ মহাৰাজে কয় যে বহু দৰিদ্ৰ লোকে শীতত ওমাল বস্ত্ৰৰ অভাবত কষ্টকৰ জীবন অতিবাহিত কৰে । ধনৰ অভাবত এখন ওমাল বস্ত্ৰ কিনিবলৈ অসমৰ্থ লোকক সহায়ৰ বাবে ৰামকৃষ্ণ মিছন আগবাঢ়ি যাব । ৰামকৃষ্ণ মিছনৰ   বাপী দাস ,আৰু যুব বাহিনী অসমৰ দ্বীপজ্যোতি দাস ,ধন বৰ্মন  প্ৰমুখ্যে কৰ্মী বৃন্দ  উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা