সুদীৰ্ঘ ৩৬ বছৰৰ মুৰত সাক্ষাৎ≈≈আৱেগিক হৈ পৰিল সহপাৰ্ঠী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ ডিচেম্বৰঃ একাংশ উচ্চ শিক্ষিত লোক ৷ তেওঁলোক বৰ্তমান বিভিন্ন স্থানত কৰ্মৰত ৷ তেওঁলোকৰ দুজনমান আকৌ বিদেশতো কৰ্মৰত ৷ ব্যস্ততাৰে ভৰা তেওঁলোকৰ জীৱন ৷ ব্যস্ততাৰে ভৰা জীৱনৰ মাজতো তেওঁলোকৰ মনত ভাহি উঠে স্কুলীয়া জীৱনৰ স্মৃতিবোৰ ৷ সেয়ে সাত-সাগৰ তেৰ নদী পাৰ হৈ দৌৰি আহিল সতীৰ্থৰ সন্ধানত ৷ লক্ষ্য কেৱল অতীজৰ স্মৃতি ৰোমণ্ঠনৰ ৷ এইসকল লোকৰ পাৰহীন উল্লাস আৰু উচ্ছাহ দেখা গ’ল দেওঁবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বুঢ়া গোঁসাই থান প্ৰাংগণত ৷ উল্লেখ্য, ১৯৮৪ চনৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত বৰ্ষৰ এইসকল শিক্ষাৰ্থী ৩৬ বছৰৰ মূৰত বুঢ়াগোহাঁই থানত মিলিত হয় ৷ সেই অনুুুুসৰি সকলোয়ে ব্যস্ততাপূূূৰ্ণ জীৱনৰ কথা পাহৰি সতীৰ্থসকলক কাষত পাই আৱেগ বিভুৰ হৈ পৰে ৷ এনেদৰে সুুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ পিছত পুুনৰ মিলন ঘটাৰ স্মৃৃৃতি ৰোমন্থনৰে সকলো ব্যস্ত হৈ পৰিল নৃত্য-গীতেৰে সময় স্মৰণীয় কৰি তোলাত ৷ আনকি কোনো কোনোয়ে খেল-ধেমালী বা কথোপকথনত মত্ত হোৱাৰে বিপৰীতে বিৱৰীলে নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মময় জীৱনৰ কথা । এই স্মৰণীয় অনুষ্ঠানটি বাংময় কৰি তোলাত অৰিহনা যোগায় প্ৰশান্ত, বিকুল, প্ৰভাত, বিশ্বজিত, অমৰজিত, ভাগ্যশালী, ববিতা, ভুপেন, সুশীল প্ৰমুখ্যে কৰি অত্যুৎসাহী এইসকলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা