ৰঙিয়াত ছাত্ৰ সন্থাৰ দাবী পূৰণ ন'হলে ৰেল অৱৰোধৰ হুংকাৰ

প্ৰতিবেদক, , ৰঙিয়া ৯ ডিচেম্বৰঃ অনতিপলমে অসমত স্থানীয় ৰেলৰ চলাচল আৰম্ভ কৰা,১৩খন গুৰুত্বপূৰ্ণ ৰেলৰ চলাচল বন্ধ কৰাৰ সিন্ধান্ত বাতিল কৰা, মাহিলী টিকট ব্যৱস্থা বাহাল ৰখা  জ্যেষ্ঠ নাগৰিক, বেমাৰী সহ অন্যান্য বিভিন্ন যাত্ৰীৰ ক্ষেত্ৰত থকা ৰেহাই ব্যৱস্থা  বাহাল ৰখা,, ৰেলৰ ভাড়া বঢ়োৱাৰ সিদ্ধান্ত বাতিল কৰা  সহ বিভিন্ন দাবীৰ সমৰ্থনত আজি ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সমুখত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম ৰেল যাত্ৰী সন্থা, ৰেলৱে হকাৰ সন্থা, অসম জাতীয় পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্মিলন, চিপিএম, ব্যৱসায়ী সন্থা সহ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও  স্থানীয় ৰাইজে স্বতঃস্ফূর্ত ভাবে অংশ গ্ৰহণ কৰে।বিক্ষোভকাৰী সকলে অবিলম্বে স্থানীয় ৰেলৰ চলাচল আৰম্ভ কৰক, কৰনাৰ গইনা লৈ স্থানীয় ৰেলৰ চলাচল বন্ধ ৰখা নচলিব,১৩ খনকৈ ৰেল বন্ধ কৰা নচলিব, স্থানীয় ৰেল বন্ধৰ ক্ষেত্ৰত সাংসদ মন্ত্ৰী বিধায়ক নিমাত কিয় জবাব দিয়ক,  মাহিলী টিকট ব্যৱস্থা বাহাল ৰাখক, ৰেল টিকটত ৰেহাই ব্যৱস্থা বাহাল ৰাখক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত স্থানীয় নিৱনুৱা যুৱক যুৱতীক অগ্ৰাধিকাৰ প্ৰদান কৰক আদি  শ্লোগানেৰে  প্ৰতিবাদস্থলী  উত্তাল কৰি তোলে। বিক্ষোভ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে সদৌ অসম ছাত্ৰ সন্থাই ৰেল বিভাগে অসমক কৰা এই প্ৰবঞ্চনা বাৰ বাৰ সহ্য কৰা নহব। পশ্চিম বংগ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত যদি স্থানীয় ৰেল চলাচল কৰিব পাৰে তেনেহলে অসমৰ ক্ষেত্ৰত এই বৈষম্য কিয় বুলি তেওঁ ৰেল বিভাগক প্ৰশ্ন কৰে। এই ক্ষেত্ৰত সাংসদ সকলে চকু মুদা কুলিৰ ভাও জুৰি থকা বুলি উল্লেখ কৰি ছাত্ৰ নেতা গৰাকীয়ে অসমৰ সকলো সাংসদক সমালোচনাৰে থকা সৰকা কৰে।তেওঁ অবিলম্বে স্থানীয় ৰেল চালু কৰাৰ লগতে ১৩ খন ৰেলৰ চলাচল আৰম্ভ কৰাৰ উপৰিও অন্যান্য দাৱী সমূহ পূৰণ নকৰিলে ৰেলৰ চকা বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে। সভাত প্ৰাক্তন বিধায়ক অনন্ত ডেকাই  দেশৰ বিভিন্ন প্ৰান্তত স্থানীয় ৰেল সমূহ চলাচল কৰাৰ পাছতো অসমত নচলাত নিত্য যাত্ৰী ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী তথা চাকৰিয়াল সকলে যি অবৰ্ণনীয় অসুবিধাৰ সম্মুখীন হৈছে সেয়া অনুধাৱন কৰাৰ অন্তৰ বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক আৰু সাংসদৰ নাই বুলি তেওঁ  কটাক্ষ কৰে। ৰেল বিভাগে ৰাইজৰ  অসুবিধাৰ প্ৰতি পিঠি দি স্থানীয় ৰেল বন্ধ কৰাটো কেতিয়াও সহ্য কৰা নহব। ডেকাই কয় যে ৰেল বিভাগে অসমৰ ক্ষেত্ৰত চৰম অবিচাৰ কৰিছে। উড়াজাহাজ, বাছ  শ্বপিং মল, বজাৰ চুইমিং পুল আদি খুলি অকল স্থানীয় ৰেল বন্ধ ৰখাটো ৰেল বিভাগৰ চুড়ান্ত ষড়যন্ত্ৰ। ৰেল বিভাগৰ এই সিন্ধান্তৰ ফলত সাধাৰণ ৰাইজ তথা ব্যৱসায়ী সকল চুড়ান্ত ক্ষতিগ্ৰস্থ হৈছে। টবাছে অতিৰিক্ত যাত্ৰী কঢ়িয়াই নিয়া স্বত্বেও ৰাজ্যৰ স্বাস্থ্য বিভাগ নিমাত অথচ কোভিডৰ গইনা লৈ ৰেল বন্ধ কৰি ৰাখি সাধাৰণ খাটি খোৱা মানুহৰ ওপৰত মাধমাৰ শোধোৱাটো অত্যন্ত গৰিহনা যোগ্য। তেওঁ অনতিপলমে স্থানীয় ৰেল চলোৱাৰ দাবী জনায়। তাৰ উপৰিও ১৩ টা ৰেল বন্ধ কৰা, মাহিলী টিকট ব্যৱস্থা বন্ধ কৰা, ৰেহাই ব্যৱস্থা বাতিল কৰা আদি ৰেল বিভাগৰ তুঘলকী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহব বুলি তেওঁ ৰেল বিভাগক সকিয়াই দিয়ে। তেওঁ ৰেলৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত স্থানীয় নিৱনুৱা যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়াৰো দাবী জনায়। কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা  হেমন্ত দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক  মৃন্ময় কুমাৰ ডেকা, ছাত্ৰ নেতা বুবুল আলী অসম জাতীয় পৰিষদৰ মজিবুদ্দিন আহমেদ, কামালুৰ  জামান, ৰেল যাত্ৰী সন্থাৰ তৰফৰ পৰা বিমলেন্দু ঘোষ, চিপিএমৰ  দেবাশীষ ঘোষৰ উপৰিও কটন কলেজিয়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দিবাকৰ শৰ্মা, হকাৰ সন্থাৰ সভাপতি পুতুল কলিতা সহ কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে  শতাধিক ৰাইজ অংশগ্ৰহণ কৰে। বিক্ষোভৰ অন্তত সাতজনীয়া প্ৰতিনিধি দল এটাই মান্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিনিধি দলটোৱে অবিলম্বে দাবী সমূহ পূৰণ কৰাৰ দাবী জনায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা