প্ৰাক্তন মন্ত্ৰীৰ বাবে হিমন্তৰ দুখ ! সংবাদ মাধ্যমৰ বাবেহে কংগ্ৰেছে বোলে অজন্তা নেওগক বহিষ্কাৰ কৰিলে

আমিনগাঁওত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ উদ্ধোধন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।

পঙ্কজ নাথ, চাংসাৰি, ২০ ডিচেম্বৰ :

 আজি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ আমিনগাঁওৰ নুমলি জলাহ খেলপথাৰত অসমৰ মূখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুভাৰম্ভণি কৰা হয় । এই অনুস্থানত শিক্ষামন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত বিভিন্ন মন্তব্য প্ৰদান কৰে। অজন্তা নেওগলৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুখ লগাৰ কথা কৈ উল্লেখ কৰে যে বাতৰি কাকত আৰু পৰ্টেলে এক্সপেল কৰালে কংগ্ৰেছী বিধায়িকা অজন্তা নেওগক। সংবাদ মাধ্যমৰ বাবেহে কংগ্ৰেছে অজন্তা নেওগক বহিষ্কাৰ কৰিলে বুলি কটাক্ষ মন্ত্ৰী হিমন্তৰ । আজি আমিনগাঁওত অসম চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ ২০২০ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী সকলক বাণীকান্ত কাকতি বটা স্বৰূপে স্কুটীবিতৰণ অনুষ্ঠানত ভাগলৈ মন্ত্ৰী হিমন্তই সংবাদিকৰে মত বিনিময় কৰি এইদৰে মন্তব্য কৰে । ইফালে ৰাইজৰ দল সম্পৰ্কতো মন্ত্ৰী জনাৰ ব্যঙ্গাত্মক মন্তব্য কৰি তেওঁ কয় : মানুহে নিৰ্বাচিত হোৱাৰ পিছতহে মুকুট পিন্ধে ,কিন্তু এচামে দলত জইন কৰিয়ে মুকুট পিন্ধিলে । ইফালে আগন্তুক বিধান সভাৰ নিৰ্বাচনত এশ আসন সম্পৰ্কত নৰম স্থিতি মন্ত্ৰী হিমন্তৰ । এশৰ ওচৰে পাজৰে আসন লাভ কৰিব হেনো বিজেপিয়ে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি শুভাৰম্ভ কৰিলে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অভিলাষী আচনি ‘প্ৰজ্ঞান ভাৰতী’ । উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান অধিকাৰ ‌কৰা ২২,২৪৫ গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰে স্কুটী । শুভাৰম্ভণি অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শীৰ্ষ ১০ ছাত্ৰীক বিতৰণ কৰা হয় স্কুটি। ১৪৪.৩০ কোটি ‌ব্যয়সাপেক্ষ এই আচনিত আছে ২২০৩৪ খন পেট্ৰ’লচালিত আৰু ‌২১১ খন বিদ্যুৎ চালিত স্কুটী ।

বিশিষ্ট ‌পণ্ডিত ড’বাণীকান্ত কাকতিৰ স্মৃতিত বিতৰণ কৰা মেধা বটাৰ বাবে উৎফুল্লিত হৈ পৰিছে কৃতী ছাত্ৰী সকল । আজিৰ এই অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠানত সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকীবুদ্দিন আহমেদ, পালাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা,মন্ত্ৰী ভবেশ কলিতা,হাজো সমষ্টিৰ বিধায়িকা সুমন হৰি প্ৰিয়া, কামৰূপৰ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা