হাজোংবৰীস্থিত বিদ্যা ভাৰতীৰ বহুমুখী প্ৰকল্পত শিশু সমিতি, অসমৰ বাৰ্ষিক সাধাৰণ সভা, কৃতি শিক্ষাৰ্থী, খেলৱৈ, আচাৰ্য আচাৰ্যাবৃন্দক সম্বৰ্ধনা

পঙ্কজ নাথ, চাংসাৰি, ৬ ডিচেম্বৰ:

বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০২০ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে চন্দ্ৰপুৰৰ হাজোংবৰীস্থিত
বিদ্যা ভাৰতীৰ বহুমুখী প্ৰকল্পত
আৰম্ভ হৈছে । বন্তি প্ৰজ্জ্বলন আৰু বন্দনাৰে আৰম্ভণি হোৱা সভাখনত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি,অসমৰ সভাপতি  ড০ নিৰ্মল বৰুৱাই। সভাপতিৰ আসন গ্ৰহণৰ পাছতেই আদৰণি ভাষণ পাঠ কৰে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে । ইয়াৰ পিছতে বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক ব্ৰক্ষ্মাজী ৰাওৱে প্ৰস্তাৱিক ভাষণত বিদ্যা ভাৰতী তথা শিশু শিক্ষা সমিতি অসমৰ লক্ষ্য উদ্দেশ্যৰ কথা কৈ  পঞ্চপদী শিক্ষা ব্যৱস্থাৰে  শিশুক শিক্ষা প্ৰদান কৰি  সমাজৰ একোগৰাকী সংস্কৃতিবান, সুনাগৰিক হিচাপে গঢ় দিবলৈ শিশু   শিক্ষা  সমিতি অসমে নিৰৱিচ্ছন্নভাৱে কাম কৰি আছে  বুলি মন্তব্য কৰে। শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী উপস্থিত থকা সভাত মুখ্য অতিথিৰ মন্তব্য ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰখ্যাত বৈজ্ঞানিক তথা আই এ এছ এছ টি ৰ প্ৰাক্তন সঞ্চালক বৰ্তমান ডাউন টাউন ইউনিভাৰ্ছিটিৰ কুলপতি ড০ নাৰায়ন চন্দ্ৰ তালুকদাৰে তেখেতৰ চমু বক্তব্যত বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাত সংস্কৃাৰ আৰু যোগৰ সংযোজনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আজিৰ সভাত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহোটা স্হানৰ ভিতৰত  আঠোটাকৈ স্হান দখল কৰা অসমৰ ভিন ভিন অঞ্চলৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীবৃন্দ ক্ৰমে বৰভাগ নিকেতনৰ জ্যোতিষ্মান দেৱশৰ্মা (তৃতীয় স্থান) , ৰামদিয়া নিকেতনৰ নিখিলেশ  দত্ত, (অষ্টম স্থান), গোলাঘাট কাকডোঙা নিকেতনৰ ৰাজদীপ বৰুৱা, (নৱম স্হান), নলবাৰী বাহাৰঘাট নিকেতনৰ মঃমাচুম মেহতাব, (নৱম স্হান), বাহাৰঘাট নিকেতনৰ ইমন বৈশ্য, (নৱম স্হান), বৰপেটা বহৰি নিকেতনৰ পূজা বেনাৰ্জী, কামৰূপ ৰামদিয়া নিকেতনৰ ভাৰ্গৱ জ্যোতি দাস, ডিফু ক্লিৰডাপ নিকেতনৰ অলিন্দিতা কলিতা( দশম স্হান) প্ৰাপ্ত এই আটাইকেইজনকে উপহাৰ ,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।  অনুষ্ঠানত  বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত শিশু শিক্ষা সমিতি অসমৰ হৈ সফলতা অৰ্জন কৰা খেলুৱৈ ময়ুৰী গগৈ (লীলাবাৰী লখিমপুৰ), প্ৰাঞ্জল দাস(পূৱ ৰঙানদী লখিমপুৰ), পৰিকলতা নৰহ (এঘাৰ মাইল, লখিমপুৰ), ৰিমি পেগু (ন-আলি, লখিমপুৰ), কিংশুক নাথ (নগাঁও), খুছবু গড়(ডিমৌ, শিৱসাগৰ), আইনু বৰুৱা (বেতবাৰী, শিৱসাগৰ)আৰু  অমন্টিকা মুণ্ডাক (বোকাখাত, যোৰহাট)  সম্বৰ্ধনা জনোৱা হয়। লগতে বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় যোগাসনত সফলতা লাভ কৰা ৰাখী বৰা (লখিমপুৰ), ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰতিযোগিতাত বঁটা বিজয়ী  ময়ুৰম বৰা (বোকাখাত, যোৰহাট) ৰাষ্ট্ৰীয় গণিত বিজ্ঞান মেলাত বিজ্ঞান আৰ্হিত বঁটা বিজয়ী দেৱলীনা কোঁৱৰক সম্বৰ্ধনা জনোৱা হয়। পোন প্ৰথমে ১০০% উৰ্ত্তীণ হোৱা নিকেতনৰ প্ৰধান আচাৰ্য সকলকো আজি সম্বৰ্ধনা জনোৱা হয়। সভাত শিশু শিক্ষা সমিতি অসমৰ প্ৰভাৰী পাৰিতোষ ঘোষ, বঁটাদাতা সৌৰভ মালপানীয়ে বঁটা বিজয়ীসকলক শুভেচ্ছা প্ৰদান কৰি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। দুদিনীয়া অধিবেশনৰ কাইলৈৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠ, হিচাপৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে অসমৰ বিভিন্ন উপ সমিতি সমুহৰ প্ৰমুখসকলে নিজ নিজ আঁচনি সম্পৰ্কত প্ৰতিবেদন দাখিল আৰু বক্তব্য ৰাখিব বুলি জানিব পৰা গৈছে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা