“ৰ’ছেৰী” – গুৱাহাটীত উন্নত মানদণ্ডৰ মাছ আৰু মাংস বিক্ৰীৰ স্বাস্থ্যসন্মত অনলাইন প্ৰতিষ্ঠান



ষ্টাফৰিপোৰ্টাৰ, ১০ ডিচেম্বৰ : ৰ’ছেৰী হৈছে অসম ভিত্তিক এক অনলাইন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে সতেজ কুকুৰা, ছাগলীৰ মাংস, সতেজ মাছৰ লগতে বৰফত সংৰক্ষিত খাদ্য যেনে- “চচেজ”, “নাগেটচ” ইত্যাদি গ্ৰাহকৰ ৰুচি অনুসৰি যোগান ধৰি আহিছে। অসমৰ মাছ, মাংসৰ বিক্ৰী প্ৰতিষ্ঠানসমূহ মুলত অসংগঠিত হৈ থকাৰ লগতে গুণগত মানদণ্ড আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশতো এক প্ৰত্যাহ্বানৰ সন্মুখিন হৈ আছে। ভাৰতত মাছ, মাংসৰ উদ্যোগটোৱে ২০১৯ চনত প্ৰায় ৭৫ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছিল (উৎস: ইণ্টাৰনেচনেল ইউৰ মনিটৰ)। ভাৰতৰ ৮০% ৰো অধিক লোকে আমিষ আহাৰ গ্ৰহণ কৰে। একেদৰে উত্তৰ-পূৱৰ বিশেষকৈ অসমত ৯০% ৰো অধিক লোকে মাছ, মাংসক আহাৰ ৰূপে গ্ৰহণ কৰে।
স্বাস্থ্যসন্মত, উন্নত মানদণ্ডৰ মাছ, মাংস গ্ৰাহকে লাভ কৰাতো এক চিন্তনীয় বিষয় আনহাতে পূৰ্বে গুৱাহাটীত কেতিয়াও অনলাইন যোগে মাছ, মাংস বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বিষয়ে জনা নাযায়। অৱশ্যে, কভিড-১৯ সংক্ৰমনৰ ৰোধৰ সমগ্ৰ দেশজুৰি যি লকডাউন ঘোষিত হৈছিল সেয়াই এক পৰিৱৰ্তনৰ সূচনা কৰিলে, কিয়নো এই সময়চোৱাতে মানুহে ঘৰৰ পৰাই অনলাইন যোগে মাছ, মাংস ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে গুৱাহাটীত মাছ, মাংস বিক্ৰী কৰা আন বহুতো অনলাইন প্ৰতিষ্ঠান আৰম্ভ হৈছে। অৱশ্যে স্বাস্থ্যসন্মত দিশতো ৰাইজৰ বাবে সবাটোকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এইয়া অনলাইন মাছ, মাংস বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।
সেয়েহে ৰ’ছেৰীৰ প্ৰতিষ্ঠাপক– অঞ্জনজ্যোতি ফুকন আৰু নিলোৎপল বৰুৱাই সতেজ মাছ, মাংস গ্ৰাহকৰ ঘৰৰ দুৱাৰদলিত হস্তান্তৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যদিও ২০২০ চনৰ মে' মাহত ল'কডাউনৰ সময়চোৱাতহ প্ৰতিষ্ঠানটোৰ কাৰ্যব্যৱস্থাৰ আৰম্ভনি; প্ৰকৃততে কিন্তু উক্ত প্ৰতিষ্ঠানটোৰ স্থাপনৰ প্ৰস্তুতি বহু পূৰ্বৰে পৰা কৰি থকা হৈছিল। গুণগত মানদণ্ডৰ ক্ষেত্ৰতো “ৰ’ছেৰী” প্ৰতিষ্ঠানটোৱে সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। গ্ৰাহকসকলক farm to fork ম’ডেলত সেৱা আগবঢ়াবলৈ প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাসকলে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। ৰ’ছেৰীয়ে গাঁও অঞ্চলৰ ক্ষুদ্ৰ কৃষক, কুকুৰা পালক, মাংস উৎপাদকসকলৰ সৈতে ক্ৰমে পোনপতীয়া যোগাযোগ অব্যাহত ৰাখিছে। যাৰ ফলত তেওঁলোকে তেওঁলোকৰ সামগ্ৰীসমূহ ৰ’ছেৰীক বিক্ৰী কৰিব পাৰে। ফলত উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰীৰ বাবে সৰ্বোচ্চ মূল্য লাভ কৰিবলৈ সক্ষম হ’ব আৰু ই মধ্যভোগীসকলক উৎখাত কৰিব। মাছৰ বাবে প্ৰতিষ্ঠানটোৱে দৈনিক সতেজ মাছ ধৰা মাছমৰীয়াসকলৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰে; প্ৰতিষ্ঠানটোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কটা-বছাৰ ব্যৱস্থা কৰি গ্ৰাহকসকলক যোগান ধৰে। সৰু মাছবোৰ আমাৰ প্ৰতিষ্ঠানৰ অন্তৰ্গত কটা-বছা কেন্দ্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নকৈ কাটি-বাছি আৰু পেকিং কৰি গ্ৰাহকসকলক প্ৰদান কৰা হয়। তেওঁলোকে কেৱল ৰান্ধিয়েই পৰিৱেশন কৰিব পাৰে। উল্লেখযোগ্য যে সৰু মাছৰ এই ব্যৱস্থাটোৰ প্ৰতি গ্ৰাহকসকলৰ সঁহাৰি অতি সন্তোষজনক। প্ৰতিষ্ঠানটোৱে আৰু অধিক বিভিন্ন প্ৰজাতিৰ সৰু মাছ সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ৰ’ছেৰী এপটো বৰ্তমান এণ্ড্ৰইড প্লেটফৰ্ম আৰু ইণ্টাৰনেট সংস্কৰণত (rocery.in) উপলব্ধ। অতি সোনকালেই তেওঁলোকে IOS এপ্লিকেচনো আৰম্ভ কৰিব। এপটো অতি সুন্দৰভাৱে সজোৱা হৈছে আৰু সকলো সামগ্ৰী সু-নিৰ্দিষ্টভাৱে ৰখা হৈছে যাতে ‘ব্ৰাউজ’ কৰোঁতে গ্ৰাহকসকলৰ অভিজ্ঞতা সুখদায়ক হয়।
প্ৰতিষ্ঠানটোৱে ইয়াৰ গ্ৰাহকসকলক উন্নত মানদণ্ডৰ মাছ, মাংসৰ লগতে প্ৰথমতেই উল্লেখ কৰি অহা সামগ্ৰীসমূহ প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰযুক্তিৰ ক্ষেত্ৰত, অনাগত দিনবোৰত আৰু বহুতো সুস্বাদু খাদ্য সামগ্ৰী সংগ্ৰহ কৰি বিতৰণৰ পৰিকল্পনা কৰিছে য’ত গ্ৰাহকসকল উপকৃত হ’ব। এনে অনলাইন বিক্ৰয় প্ৰতিষ্ঠানৰ বাবে মাছ, মাংস ক্ৰয় কৰাৰ অভ্যাস বহুলোকৰ পৰিৱৰ্তন হৈছেই কাৰণ তেওঁলোকে ঘৰতে উচিত মূল্যত মনৰ পছন্দৰ সামগ্ৰী লাভ কৰিছে। বৰ্তমান আমাৰ মুঠ গ্ৰাহকৰ অৰ্দ্ধেকৰো অধিক হৈছে গৃহিনী আৰু জ্যেষ্ঠ নাগৰিক। কাৰণ তেওঁলোকে মাছ, মাংস ক্ৰয় কৰিবলৈ অস্বাস্থ্যকৰ তিতা বজাৰলৈ যোৱাটো পৰিহাৰ কৰিব বিচাৰে। এতিয়া হাততে থকা এণ্ড্ৰইড ম’বাইলটোৰ এপ্পত এটা ক্লিকেৰে তেওঁলোকে তেওঁলোকৰ পছন্দৰ মাছ অথবা মাংসৰ ৰ’ছেৰীৰ দ্বাৰা নিজৰ ঘৰৰ দুৱাৰমুখতে পাব পাৰে।
“ৰ’ছেৰী”ক সতেজ মাছ, মাংস যোগানৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক ৰূপে গঢ়ি তোলাই কোম্পানীটোৰ মূল লক্ষ্য।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা