জামুগুৰিহাটৰ বিশিষ্ট ব্যবসায়ী ভূপেন বৰুৱাৰ মৃত্যু

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৯ ডিচেম্বৰ:৮০ দশকৰ প্ৰায় ১৯৭৫-৭৬ চনতে ব্যৱসায় আৰম্ভ কৰি জামুগুৰি হাটৰ থলুৱা ব্যৱসায়িৰ বাটকটীয়া বিশিষ্ট ব্যবসায়ী ভূপেন বৰুৱাৰ কালি নিশা মৃত্যু হয়। শোণিতকোঁৱৰ গজেন বৰুৱা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি, জামুগুৰি ব্যবসায়ী সন্থাৰ জন্মলগ্নৰ পৰা সক্ৰিয় সদস্য, ডেকাসুন্দৰ যুৱক সংঘ, গাঁও উন্নয়নকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্রোতভাবে জড়িত এইগৰাকী স্ব-নিৰ্ভৰশল, স্বাভিমানী অসমীয়াৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁটা পৰে। গাঁওখনৰ এগৰাকী ভাৱৰীয়া ভূপেন বৰুৱাৰ মৃত্যুত আজি পুৱা তেখেতৰ বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডেকাসুন্দৰ গাঁও উন্নয়ন সমিতি, জামুগুৰি ব্যবসায়ী সন্থা, ডেকাসুন্দৰ যুৱক সংঘ, ডেকাসুন্দৰ মহিলা সমিতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ডেকাসুন্দৰ প্ৰাথমিক প্ৰমুখ্যে অঞ্চলটোৰ গুণমুগ্ধ অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে তেখেতৰ মৃত্যুত জামুগুৰি ব্যবসায়ী সন্থাই পুৱা ৮ বজাৰ পৰা ১১ বজালৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰবীণ ব্যৱসায়ী সতীৰ্থ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৪ বছৰ। তেখেতে পত্নী, ৩ জনী জী-জোঁৱাই সহ এক ভৰুন সংসাৰ এৰি থৈ ইহলীলা সামৰি পৰলোকপ্ৰাপ্তি হয়।
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা