গীতাৰ বাদক শৰৎ বিশ্বকৰ্মাৰ মৃত্যু



ষ্টাফৰিপোৰ্টাৰ,  ১০ ডিচেম্বৰ :  ১৯৮৯ চনৰ ১৫ মাৰ্চৰ দিনা  প্ৰয়াত কণ্ঠশিল্পী মিতালী চৌধুৰীৰৰ সৈতে গুৱাহাটীৰ পৰা ডিবগৈৰ এক সাংস্কৃতিক অনূষ্ঠানত ভাগ লবলৈ গৈ থকা অৱস্থাত জাগীৰোডত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত পতিত হৈ আজীৱন পংগুত্বৰ জীৱন কটোৱা গীতাৰ বাদক শৰৎ বিশ্বকৰ্মা আৰু নাই । বুধবাৰে নিশা বাদ্যযন্ত্ৰী শিল্পী গৰাকীয়ে অসুস্থ অৱস্থাতে মহানগৰীৰ জটিয়াৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ । প্ৰয়াত বাদ্যযন্ত্ৰী  শিল্পী শৰৎ  বিশ্ব কৰ্মাই জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাস , ৰিদীপ দত্ত , সন্ধ্যা মেনন , শান্তা উজীৰ আদিৰ সৈতে এটা সময়ত গীতাৰ বজাই জনপ্ৰিয়তা অৰ্জন  কৰিবলৈ সক্ষম হৈছিল । প্ৰতিষ্ঠিত শিল্পী দিলীপ বিশ্বকৰ্মাৰ ভাতৃ প্ৰয়াত
শৰৎ  বিশ্ব কৰ্মাই মৃত্যুৰ সময়ত আত্মীয় স্বজনক এৰি যায়।
 শিল্পী গৰাকীৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা