কেন্সাৰ ৰোগত আক্ৰান্ত দক্ষিণ শালমাৰা সমষ্টিৰ পাটাকাটা অঞ্চলৰ ৰহিজ আলী

কেন্সাৰ ৰোগত আক্ৰান্ত দক্ষিণ শালমাৰা সমষ্টিৰ পাটাকাটা অঞ্চলৰ ৰহিজ আলী। ৰহিজ আলীয়ে আজি এবছৰ ধৰি কেন্সাৰ ৰোগত ভুগি আহিছে। গৰু ছাগলীৰ পৰা আৰম্ভ কৰি সা- সম্পত্তি বিক্ৰী কৰিও কেন্সাৰ ৰোগৰ পৰা মুক্তি নাপালে‌ ৰহিজ আলীয়ে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যাক্তিজনে সা-সম্পত্তি চিকিৎসাৰ নামত শেষ কৰি সৰ্বস্বান্ত হৈ পৰিছে।ঊল্লেখযোগ্য যে কোনো লৰা সন্তান নথকা ছয় জনী ছোৱালীক লৈ গঠিত পৰিয়াল টোত ঘোৰ অন্ধকাৰ নামি আহিছে।

বৰ্তমানে ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই ৰহিজ আলীয়ে৷ এইক্ষেত্ৰত দুৰাৰোগ্য বেমাৰত আক্ৰান্ত ৰহিজ আলীক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অসম চৰকাৰক দাবী জনায় পৰিয়ালৰ লোকে। লগতে, মৌলানা বদৰ উদ্দিন আজমল, বিধায়ক ওয়াজেদ আলী চৌধুৰীৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ ওচৰত সহায়ৰ হাত আগবঢ়াবলৈ কাতৰভাৱে আহ্বান জনাইছে। চৰকাৰ তথা কোনো সদাশয় লোকসকলে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে 9957314010 এই নম্বৰত যোগাযোগ কৰিব পাৰে নতুবা তেওঁৰ পত্নী ফজিৰন নেছাৰ নামত থকা STATE BANK OF INDIA
 A/C -36234576844
IFSC CODE -SBIN0008267এই বেংক নম্বৰৰ যোগেদি সহায় কৰিব পাৰিব। 

দক্ষিণ শালমাৰা পৰা  মনোৱাৰ আলী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা