অসমলৈ কিয় আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ সংঘ চালক মোহন ভাগৱত

অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল – অসম ক্ষেত্ৰৰ বৈঠক আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে
 
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল বৈঠক অসম ক্ষেত্র ২,৩ ডিচেম্বৰ , ২০২০
প্রতি বছৰৰ দৰে এইবছৰাে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল বৈঠক যােৱা অক্টোবৰ মাহত উত্তৰ প্ৰদেশৰ প্রয়াগত হােৱাৰ কথা আছিল । যিহেতু বিশ্বাসী ক’ৰণা মহামাৰী ভাইৰাচ ( ক’ভিড -19 ) ৰ বাবে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি 100 জনতকৈ অধিক লােক সমাগম হ’ব নােৱাৰে , সেয়েহে এই বৈঠক খন দেশৰ এঘাৰটা ( ১১ ) টা ক্ষেত্ৰত পৃথক পৃথক কৈ কৰাৰ সিদ্ধান্ত কৰা হৈছে । সেই অনুসৰি আমাৰ অসম ক্ষেত্র অর্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বৈঠক গুৱাহাটী মালিগাঁওস্থিত সেৱাভাৰতী জনজাতি ছাত্রাবাস , আদিংগিৰীত আজিৰে ০২/১২/২০২০ ৰ পৰা আৰম্ভ হৈ 0৩/১২/২০২০ লৈ অনুষ্ঠিত হৈছে । বৈঠকত সংঘৰ নিত্য – নৈমত্তিক কাম – কাজ শাখা , মণ্ডল যােজনা , গতিবিধি যেনে – ধর্ম জাগৰণ , কুটুম্ব প্রবােধন , পর্যাবৰণ , গ্রাম বিকাশ , গাে – সেৱা আদি বিষয়বােৰৰ ওপৰত আলােচনা কৰা হ’ব আৰু আগন্তুক কার্যক্রমৰ বাবে কাৰ্যযােজনা ঠিক কৰা হ’ব । বিশেষকৈ ক’ৰণা মহামাৰী সময়ত স্বয়ংসেৱক সকলে সমাজত কৰা বিভিন্ন সেৱা কাৰ্য্যৰ উপৰিও বৰ্তমানৰ পৰ্য্যাবৰণৰ দিশতাে আলােচনা কৰা হ’ব । এই বৈঠকত পৰমপূজনীয় সৰসংঘচালক ডাঃমােহনৰাৱ ভাগৱতজী , মাননীয় সৰকাৰ্যবাহ শ্ৰীযুত ভাইয়াজী যােশী ( সুৰেশজী যােশী ) আৰু আঠজন অখিল ভাৰতীয় অধিকাৰী আৰু প্রত্যেক প্ৰান্তৰ প্রান্ত টোলীৰ কাৰ্যকৰ্ত্তা উপস্থিত থাকিব । এই বৈঠকত চৰকাৰী কভিড প্ৰট’কল নিয়ম অনুসৰি সকলােধৰণৰ ব্যৱস্থা কৰা হৈছে । এই বৈঠকত ভাগ লােৱা প্ৰত্যেকজন ব্যক্তিৰ লগতে ইয়াত ব্যৱস্থাত থকা সকলাে প্ৰৱন্ধকৰে কভিড পৰীক্ষা কৰা হৈছে লগতে সকলােধৰণৰ সাৱধনতা অৱলম্বন কৰা হৈছে ।
ডাঃ উমেশ চক্ৰৱৰ্ত্তী ক্ষেত্র কাৰ্যবাহ ।
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ , অসম ক্ষেত্র।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা