সদৌ অসম এন পি এছৰ নাহৰকটীয়া আঞ্চলিক সমিতি গঠন

 অলপতে গঠন হোৱা সদৌ অসম এন পি এছ (New pension system) কর্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতি গঠন হৈ যোৱাৰ পিছত দেওবাৰে নাহৰকটীয়া আঞ্চলিক সমিতিখন গঠন হৈ যায়।
      নাহৰকটীয়া আৰ কে জিটানী হিন্দী বিদ্যালয়ত শতাধিক চৰকাৰী কৰ্মচাৰীৰ উপস্থিতিত বিয়লি অনুষ্ঠিত হোৱা সভাত দিলীপ কুমাৰ সিঙক সভাপতি আৰু লেলিন টাইক সম্পাদক ৰূপে লৈ মুঠ এঘাৰজনীয়া নাহৰকটীয়া আঞ্চলিক সমিতিখন গঠন কৰে। 
      উল্লেখযোগ্য যে পুৰণি পেঞ্চন ব্যৱস্থা আঁতৰাই ২০০৪ চনৰে পৰা গৃহীত হোৱা নতুন পেঞ্চন ব্যৱস্থাৰ যোগেদি ষাঠি/চল্লিছৰ যি ব্যৱস্থা কৰিছে এই আসোঁৱাহপূৰ্ণ আঁচনি ব্যৱস্থা সমূহ চৰকাৰী কৰ্মচাৰী সকলে মানি লব পৰা নাই।
       যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম এন পি এছ কর্মচাৰী পৰিষদৰ নতুনকৈ গঠন হোৱা নাহৰকটীয়া আঞ্চলিক সমিতিখনে যি নতুন পেঞ্চন আঁচনি ব্যৱস্থা আঁতৰাই পুনৰ পুৰণি পেঞ্চন চিষ্টেমক বাহাল ৰাখিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়।
      
নাহৰকটীয়াৰ পৰা গগন হাজৰীকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা