বৰক্ষেত্ৰীৰ ঘোৰাথালত ৰহস্যজনক চুৰিকাণ্ড।আৰক্ষীৰ তদন্তত এজাহাৰকাৰীৰ পত্নী সহ দুই মহিলা চোৰনী আটক।

মুকালমুৱা,১০  ডিচেম্বৰ:--

বৰক্ষেত্ৰীৰ ঘোৰাথালত ৰহস্যজনক চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে।চুৰিকাণ্ডত জড়িত তিনি মহিলাক নগদ ধন,সোণৰ আ-অলংকাৰ সহ: আটক কৰে দৌলাশাল আৰক্ষীয়ে।দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল শইকীয়াৰ নেতৃত্বত চলোৱা তদন্তত আটক কৰে ৰেখা দাস,পদুমী দাস,লতিকা দাস নামৰ তিনি মহিলা চোৰনীক।উল্লেখযোগ্য যে-কিছু দিন পূৰ্বে ঘোৰাথালৰ অসীম দাস নামৰ লোকজনে নিজ গৃহত হোৱা চুৰিকাণ্ড ঘটনাৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছিল দৌলাশাল আৰক্ষীক।উক্ত এজাহাৰৰ ভিত্তিত দৌলাশাল আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই আটক কৰে তিনি মহিলা চোৰনীক।জানিব পৰ মতে-আটকাধীন ৰেখা দাস এজাহাৰকাৰী অসীম দাসৰ পত্নীয়ে ডেৰ লাখ টকা সহযোগী পদুমী দাসক নাটকীয়ভাৱে ঘৰৰ পৰা লৈ যাবলৈ দি স্বামীক চুৰি হোৱা বুলি অবগত কৰোৱাইছিল।ভুক্তভোগী স্বামী অসীম দাসে চুৰি হোৱা ডেৰ লাখ নগদ ধন,সোণৰ আ-অলংকাৰৰ তদন্ত বিচাৰি দৌলাশাল আৰক্ষীক এজাহাৰ দাখিল আৰিছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা