ধিং পূৰ্বাঞ্চল যোগ নিকেটনৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ডিচেম্বৰঃ নগাঁও জিলাৰ ধিং পূৰ্বাঞ্চল যোগ নিকেটনৰ ৩৩ সংখ্যাক প্ৰতিষ্ঠা দিৱসটি দেওঁবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। ১৯৮৭ চনত ধিং পূজাবাৰীত নিজ ঘৰৰ চৌহদতে প্ৰয়াত শিক্ষাবিদ অৰুণ তালুকদাৰে প্ৰতিষ্ঠা কৰিছিল ধিং পূৰ্বাঞ্চল যোগ নিকেটন। য'ত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যোগৰ দ্বাৰা বিভিন্ন ৰোগৰ ৰোগীক চিকিৎসা প্ৰদান কৰি ইতিমধ্যে অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আনকি ইয়াৰ প্ৰশিক্ষাৰ্থী সকল বিগত সময়ছোৱাত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি ধিঙৰ লগতে সমগ্র ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে। ইফালে, এই প্ৰতিষ্ঠা দিৱসতেই ধিং পূৰ্বাঞ্চল যোগ নিকেটনত সংযোজন ঘটে পি জি পাঠ্যক্রমৰ। য'ত উপস্থিত থাকে কৃষ্ণকান্ত মুক্ত বিশ্ব বিদ্যালয়ৰ জীন দিব্যজ্যোতি
মহন্ত ৷ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত শিক্ষাবিদ কুশ মহন্ত, প্ৰতিষ্ঠিত ব্যৱসায়ী গকুল গোস্বামীকে ধৰি ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা