কৃষ্ণাইৰ মাণিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ পকী দেৱালৰ আধাৰশিলা স্থাপন

গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তৰ্গত মানিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ অধীনত আজি দুটা নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ইয়াৰে এটা পকী নলা আৰু আনটো পকী দেৱাল নিৰ্মাণৰ কাম ৷
চতুৰ্দিশ বিত্তীয় বৰ্ষৰ  ২০১৮-১৯ বৰ্ষৰ অধীনত আবৰদ্দিন পথৰ পৰা ৰফিজুল আলীৰ বাসগৃহলৈ নিৰ্মাণ হ’বলগীয়া পকী নলাৰ বাবেে আবণ্টিত ধন ৰাশি  পৰিমাণ ৫’৪৯ লাখ টকা ৷ আনহাতে,মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পকী দেৱাল নিৰ্মাণৰ বাবে আবণ্টিত ধন ৰাশিৰ পৰিমাণ ১’৬০ লাখ 
টকা ৷ কৃষ্ণাই উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সুপ্ৰভা ৰায়ে আধাৰশিলা স্থাপন কৰা আজিৰ অনুষ্ঠানত উপস্থিত থাকে মাণিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী নাজিয়া হুছেইন,আঞ্চলিক পঞ্চায়ত সদস্যা খুৰশিদা আহমেদ, কণিষ্ঠ অভিযন্তা ধ্ৰুৱজিৎ নেওগ,পঞ্চায়ত সচিব প্ৰবীৰ কুমাৰ দাস,সমাজ সেৱক ইমৰাণ হুছেইন আৰু পঞ্চায়ত সদস্য সদস্যা সকলৰ লগতে অৰ্ধ শতাধিক ৰাইজ ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা