গা-খজুৱাত নাবালিকাৰ অবৈধ মাতৃত্বক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি≈≈নাবালিকাৰ মাতৃক স্থানীয় মহিলাৰ প্ৰহাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ডিচেম্বৰঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ সমীপৰ বৰিবজাৰ আৰক্ষী চকীৰ এলেকাধীন গা-খজুৱাত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আচলতে জেহিৰুল নামৰ বিবাহিত এটা নৰপিশাচৰ কামনাৰ বলি হৈ অৱৈধ মাতৃত্বৰ বোজা ব’বলগীয়া হোৱা এগৰাকী নাৱালিকাৰ মাতৃক ইয়াৰ বাবে জগৰীয়া কৰি স্থানীয় মহিলাই প্ৰহাৰ কৰি শাস্তি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অৱশ্যে ঘটনাৰ খবৰ পাই পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনকি একাংশ উত্তেজিত লোকে পাষণ্ড জেহিৰুলৰ পুখুৰীৰ পাৰত থকা ঘৰতো অগ্নি সংযোগ কৰি পৰিস্থিতি অধিক উত্তায়ল কৰি তোলে । ইফালে, নাৱালিকা গৰাকীক মঙলবাৰে পুৱা পাষণ্ড জেহিৰুলে ঘৰৰ পৰা লৈ যোৱা বুলি স্থানীয় লোকে জানিব দিয়ে । জানিব পৰা মতে, পাষণ্ড জেহিৰুলৰ ঘৰ গা-খজুৱাৰ কাষৰে ধনীয়াভেটি গাৱঁত । নাৱালিকা গৰাকীৰ পিতৃৰ এটা পুখুৰী ভাড়াত লৈ তাতে এটা ঘৰ সাজি মৎস্য পালন কৰিছিল পাষণ্ড জেহিৰুলে ৷ তাৰেই অচিলা লৈ নাৱালিকাগৰাকীৰ ঘৰত সঘন আহ যাহ কৰিছিল জেহিৰুলে । এনেদৰে সঘনে অহা-যোৱা কৰাৰ ফলত জেহিৰুলে কৌশলেৰে নাবালিকাগৰাকীৰ লগত অনৈতিক সম্পৰ্ক গঢ়ি তোলে ৷ যাৰ ফলত নাবালিকাগৰাকী গৰ্ভৱতী হয় ৷ অভিযোগ মতে, এই কথা গোপনে ৰাখিছিল যদিও শেহতীয়াভাবে সেই কথা পোহৰলৈ অহাত বুধবাৰে স্থানীয় ৰাইজ ক্ষুুভিত হৈ পৰে আৰু অঞ্চলৰ পৰিবেশ কলুষিত কৰাৰ অভিযোগ তুলি এনে অনাহুত পৰিস্থিতিৰ উদ্ভৱ ঘটায় ৷ অৱশ্যে, মিকিৰভেটা আৰু বৰিবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ কিছু শাম কাটে ।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা