সেৱা ভাৰতীৰ উদ্যোগত সৌৰ শক্তিৰ আধাৰত কৌশল বিকাশ শিবিৰৰ সমাৰোপন অনুস্থান

পঙ্কজ নাথ, চাংসাৰি, ৮ ডিচেম্বৰ :

উত্তৰ পূব ভাৰতৰ যুৱ সমাজৰ উত্থানত পূৰ্বোত্তৰ সেৱা ভাৰতীয়ে এক বিশেষ সেৱা আগবঢ়াই আহিছে ।শাৰীৰিক দিশত যেনেকৈ যোগ সাধনা ঠিক তেনেদৰে পৰিৱেশ আৰু অৰ্থনৈতিক বিকাশৰ বাবে কৌশল বিকাশৰ অগ্ৰগতিত যুৱ সমাজৰ কৌশল বিকাশৰ জৰিয়তে সংস্থানৰ এক বিশেষ আচনি হাতত লৈছে । TERIৰ সহযোগত ৪০গৰাকী যুৱক-যুৱতীক স্বনিৰ্ভৰশীল কৰাৰ বাবে আয়োজিত ১৫দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আজি সমাৰোপন কাৰ্যসূচী উত্তৰ গুৱাহাটীৰ যোগ নিলয়ত অনুস্থিত হয় ।সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে অনুস্থানৰ শুভাৰম্ভ কৰে আনন্দ প্ৰকাশ তিৱাৰীয়ে ।তেখেত কৌশল বিকাশ মিচনৰ সঞ্চালক আৰু ASTCৰ সঞ্চালক । ড.ৰাজীৱ গুপ্তাই সঞ্চালন কৰা সভাত সঞ্চালক তিৱাৰী দেৱে কয় যে উত্তৰ পূৰ্বাঞ্চল সৌৰ শক্তিৰ এক সম্ভাৱনাশীল স্থান  আৰু সূৰ্যৰ শক্তি পোনপটীয়া কৈ লব পাৰি । গোটেই ভাৰতবৰ্ষতেই ইয়াৰ প্ৰশিক্ষণ কৰি আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীত সেৱা ভাৰতীৰ উদ্যোগত যোগ নিলয়ত এই প্ৰশিক্ষণ সমাপ্ত হয় । অনুস্থানত পল্লবী শুক্লাই অনুস্থানৰ উপস্থাপন কৰে । ৰমেন শৰ্মা আৰু  সুৰেন্দ্ৰ   টকহেলদাৰে সাৱলীল ভাষণ দিয়ে উক্ত অনুষ্ঠানত। আজিৰ এই অনুস্থানত মুখ্য অতিথি আনন্দ প্ৰকাশ তিৱাৰীয়ে মাৰ্গ দৰ্শনৰ লগতে শিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰে ।

এই প্ৰশিক্ষণ বৰ্গটি সফলমণ্ডিত কৰি তুলিবৰ কাৰণে যথেষ্ট সহায় সহযোগিতা কৰে ডঃ দিপাংকৰ দেৱনাথ, ডঃ ডনীৰাং ৰিয়াং, অৰুপ জ্যোতি দাস, শেষৰ হালদাৰ,দিম্পল কাকতি, বিতুপন সন্দিকৈ। 
 শেষত কল্যাণ মন্ত্ৰৰে সমাৰোপন কাৰ্যক্ৰমৰ সামৰণি হয় ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা