কামৰূপ জিলা আন্ত:ক্লাৱ উশ্বু প্ৰতিযোগিতাত ৬ টা পদক অৰ্জনৰে উজ্বলিল উত্তৰ গুৱাহাটী মাৰ্চেল আৰ্ট ক্লাৱ।

পঙ্কজ নাথ, চাংসাৰি, ১ ডিচেম্বৰ :

সদ্য সমাপ্ত কামৰূপ জিলা আন্তঃ ক্লাৱ উশ্বু চেম্পিয়নশ্বিপত ২০২০ ত ৬ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটী মাৰ্চেল আৰ্ট ক্লাৱৰ সদস্যসকলে। গুৱাহাটী মালিগাওঁ উশ্বু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত পাণ্ডু ৰেষ্ট কেম্পত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। উত্তৰ গুৱাহাটী মাৰ্চেল আৰ্ট ক্লাৱে ৪ টা সোন, ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰশিক্ষক গনেশ শীলে জানিবলৈ দিয়া মতে যোৱা কালি সমাপ্ত হোৱা ১৮ তম চাব-জুনিয়ৰ, জুনিয়ৰ আৰু ২৪ তম জ্যেষ্ঠ ল'ৰা আৰু ছোৱালী চাণ্ডা / তাওলু কামৰূপ  (এম) জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২০ ত
জুনিয়ৰ ল'ৰা শাখাত বিকি দাসে সুন্দৰ খেল প্ৰদৰ্শনৰে  সোণৰ পদক লাভ কৰে। একেদৰে জিন্টু স্বৰ্গীয়াৰীয়ে ৬০ কেজি ওজনৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। ৪৮ কেজি ওজনৰ শাখাত গৌতম দাসে সোণৰ পদক আৰু ৬০ কেজি ওজনৰ তলৰ ছাব-জুনিয়ৰ শাখাত আয়ুশ নেৱৰে স্বৰ্ণ, ২৮  কেজি ওজনৰ শাখত ৰূপৰ  পদক দখল কৰে। ২৮ কেজি শাখাত ধনঞ্জয় নৱৰে ব্ৰঞ্জ পদক লাভ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা