তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচন≈≈পুখুৰীপাৰ সমষ্টিত বিজেপিৰ প্ৰচাৰ তুংগত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ ডিছেম্বকঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ পৰিষদৰ ২২ নং পুখুৰীপাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ হৈ মঙলবাৰে দলীয় নেতা-কৰ্মীসকলে বেবেজীয়াৰ সমীপৰ কুঁজাৰবড়ি আৰু শেতালিত সদলবলে দিনযোৰা নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় । প্ৰাৰ্থীগৰাকীয়ে ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰাৰ বিপৰীতে অঞ্চল দুটাৰ চুবুৰীয়ে চুবুৰীয়ে অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত সমষ্টিটোৰ দলীয় নিৰ্বাচনী প্ৰভাৰী বিভূতি বৰঠাকুৰ, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ উপাধাক্ষ্য বিদু্ৎ বৰদলৈ, বিস্তাৰক পবিত্ৰ তালুকদাৰ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, পঞ্চায়ত সভাপতি ক্ৰমে পংকজ বৰা, দিগন্ত  কুমাৰ নাথ, ববিতা মেধি, আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন শইকীয়া, দিপাঞ্জলী কোঁৱৰ, বিজেপি নেতা সঞ্জীৱ কুমাৰ দেউৰী,  নিৰ্বাচনী সমিতিৰ প্ৰচাৰ সম্পাদক যুৱ নেতা ৰাজেশ কোঁৱৰকে ধৰি  মহিলা মৰ্চা, যুৱ মৰ্চা আৰু পঞ্চায়তৰ পদাধিকাৰীসকল উপস্থিত থাকে ৷ বিজেপিৰ নেতাসকলে আগন্তুক নিৰ্বাচনত  দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ জয় ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে ৷ ইফালে, বিজেপি প্ৰাৰ্থী গৰাকীৰ তুলনাত এতিয়ালৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ নিৰ্বাচনী প্ৰচাৰ স্তিমিত হৈ থকা পৰিলক্ষিত হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা