"সৰা ফুলে কথা ক’লে" শীৰ্ষক উপন্যাস উন্মোচন




ষ্টাফৰিপোৰ্টাৰ, ২৬ ডিচেম্বৰ : 
' গণতন্ত্ৰ নাথাকিলে বহু ভাল কথা ডুবি যাব। অৱশ্যে গণতন্ত্ৰত ভাল বেয়া দুয়োটা থাকে। সম্প্ৰতি ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত উন্নত মানৰ সাহিত্য সৃষ্টি হৈছে। প্রান্তিক, সাদিন, গৰিয়সীৰ দৰে উচ্চ মানৰ সাহিত্য সকলোতে সৃষ্টি হ'ব পাৰে- এইদৰে কয় 'যশস্বী ঔপন্যাসিক,কবি,বিশিষ্ট চিন্তাবিদ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। শনিবাৰে গুৱাহাটীৰ কটন এলাম্‌নাই ভৱনত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত গীতিকা শইকীয়াই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বৰ্ণিল অভিজ্ঞতাৰ ভিত্তিত লিখা "সৰা ফুলে কথা ক’লে" শীৰ্ষক উপন্যাসখন যশস্বী ঔপন্যাসিক,কবি,বিশিষ্ট চিন্তাবিদ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উন্মোচন কৰি লগতে কয় 'সৰা ফুলে কথা ক’লে এখন ব্যতিক্ৰমী উপন্যাস। সামাজিক মাধ্যমত নিম্ন মানৰ সাহিত্য ৰচনা কৰা হোৱা বুলি ভবাটো ভুল। উচ্চমানৰ সাহিত্য সকলোতে সৃষ্টি হ'ব পাৰে। এই উপন্যাসখনৰ কাহিনী অলপ ব্যতিক্ৰম। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক সুন্দৰ বার্তা উপন্যাস খনৰ জৰিয়তে দিয়া হৈছে। যিমানেই দুৰ্যোগ, প্ৰতিকূল পৰিবেশ আহিলেও ন্যায়ৰ বাবে যুজঁ কৰিব লাগিব। নীতি নিয়মৰ মাজেৰে ন্যায় প্ৰতিষ্ঠা কৰিবলৈ অবিৰাম যুজঁ দিব লাগিব। সততা, মূল্যবোধৰ আদৰ্শ জীয়াই থাকিব লাগিব। লেখিকাই নিজৰ অভিজ্ঞতাৰ ভিত্তিত উপন্যাস খন লিখিছে।বেনাৰসৰ অলিয়ে গলিয়ে ভিক্ষা বৃত্তি একমাত্ৰ জীৱিকাৰ উপায় হিচাপে অৱলম্বন কৰা  বিধবা মহিলা সকলৰ বিষয়েও উপন্যাসখনত বৰ্ণনা কৰা হৈছে। লেখিকাক শুভেচ্ছা জনালোঁ। এই  উপন্যাসখন সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ।' 
সভাত বিশিষ্ট অতিথি হিচাপে  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশিষ্ট লেখিকা তথা বৰ্তমান ৰে’লৱে ক্লেইম্‌চ ট্ৰিবিউনেলৰ বিষয়া লীনা শৰ্মা, তুৰা চৰকাৰী কলেজৰ অধ্যাপক- সাহিত্যিক মীনাক্ষী বুঢ়াগোহাঁই,সংগীত শিল্পী,লেখক, চিকিৎসক ডাঃঅঞ্জনজ্যোতি চৌধুৰী উপস্থিত থাকি শুভেচ্ছামূলক
বক্তব্য আগবঢ়ায়। গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়ক, সাংবাদিক দৰ্শনা বৰুৱাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে৷ বন্তি প্ৰজ্বলন কৰে দীননাথ শইকীয়া আৰু জুনুপ্ৰভা শইকীয়াই৷ গুৱাহাটীৰ ভপাণবজাৰৰ এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই প্ৰকাশ কৰা "সৰা ফুলে কথা ক’লে" শীৰ্ষক এই উপন্যাসখনৰ কাহিনীভাগত এগৰাকী সাংবাদিকৰ দৃষ্টিভংগীৰে সংবাদ মাধ্যমক দেখুওৱাৰ প্ৰয়াস কৰা হৈছে।
গাম্ভীৰ্যপূৰ্ণ  গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত জ্যোতিৰ্ময় শইকীয়া,গীতিমা দাস কৃষ্ণ, হেমচন্দ্ৰ দলে,পলিমা বি চেতিয়া,দিগন্ত বৰা,ভাস্কৰ শইকীয়া,যুগললোচন দাস,দিগন্ত কুমাৰ নাথ,ঈশ্বৰ মহন্ত,ভাৰতী বৰুৱা মহন্ত,একাগ্ৰ শইকীয়া ,সমগ্ৰ শইকীয়া আদি ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য -মান্য ব্যক্তি উপস্থিত থাকে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা