ৰঙিয়াত বিনামূলীয়া চিকিৎসা শিবিৰত কৰ্কট ৰোগৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়াস

প্ৰতিবেদক, ৰঙিয়া ১৩ ডিচেম্বৰঃ বৰ্তমান সময়ত  বহু মানুহ মধুমেহ, থাইৰয়েড আদি বেমাৰত ভুগি আছে।  কিন্তু তেওঁলোকে ভালদৰে চিকিৎসা নকৰে। ঔষধ-পাতি খোৱা-লোৱা আদিৰ  ক্ষেত্ৰতো  সচেতন নহয়। ইপিনে ৰাজ্যত   স্তন কেঞ্চাৰৰ ৰোগীৰ সংখ্যাও পুৰ্বতকৈ  বহু বাঢ়ি গৈছে। অথচ  তেওঁলোকেও সময়মতে চিকিৎসা কৰিবলৈ নাহে। এই কৰ্কট ৰোগী সকল  যাতে সোনকালেই চিকিৎসা কৰিবলৈ আহে, চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ পথ্য আদি গ্ৰহণ কৰে তাৰ প্ৰতি সজাগতা বৃদ্ধি হোৱাটো  আমি বিছাৰিছো আৰু তাৰ বাবেই আমাৰ এই  প্ৰয়াস। এই মন্তব্য ইউ এইচ এছ ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়ৰ স্বত্বাধিকাৰী, চিকিৎসক  সুনীল মল্ল বুজৰবৰুৱা  আজি ৰঙিয়া বঙালীকুছিৰ  ছানাৰাম শইকীয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ইউ এইচ এছ ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয় আৰ স্বেচ্ছাসেৱী নেশ্বনেল ইউথৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰত এই মন্তব্য কৰে চিকিৎসক ডাঃ বুজৰবৰুৱা। বিশেষ সুবিধাযুক্ত মেডিকেল আৰু চাৰ্জিকেল অন্তঃস্ৰাৱী বেমাৰ দুয়োটাই চিকিৎসা কৰা উত্তৰ-পূৱত ইউ এইচ এছ ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়ৰ  প্ৰথম বুলি তেওঁ দাবী কৰে। শিবিৰত শতাধিক ৰোগীক বিনামূলীয়া চিকিৎসা কৰাৰ উপৰিও ঔষধ বিতৰণ কৰা হয়। শিবিৰত ডাঃ কৃষ্ণাণু কাকতি, মতিউৰ ৰহমানৰ উপৰিও ছফিকুৰ ৰহমান, স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি ছহিদুৰ ৰহমান, সম্পাদক জব্বৰ আলীৰ উপৰিও নূৰুল আলম, প্ৰকাশ শৰ্মা সহ অন্যান্য সদস্য সকল উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা