গুৱাহাটীত গাড়ী কিনোতে সাৱধান ! পুৰণি গাড়ীক নতুন বুলি বিক্ৰী কৰা খানাপাৰাৰ পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ বাটিল হল অনুজ্ঞাপত্ৰ ।

পঙ্কজ নাথ, চাংসাৰি, ১৫ ডিচেম্বৰ :

এখন নতুন গাড়ী ক্ৰয় কৰিবলৈ লাখ লাখ টকা খৰছ কৰিব যাওঁতে কোনো গাড়ীৰ ডিলাৰে আপোনাক ৰং তেল সনা পুৰণি গাড়ীকে নতুন বুলি বিক্ৰী কৰি দিব পাৰে বুলি আপুনি ভাৱেনে? যদি নাভাবে তেতিয়াহলে ভাবিবলৈ লওক । কাৰণ এখন পুৰণি গাড়ীক নতুন গাড়ী বুলি বিক্ৰী কৰি দিয়াৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হল গুৱাহাটীৰ খানাপাৰাত । যোৱা ৩ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাত থকা পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ পৰা কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰিৰ মন্টু বড়ো নামৰ এজন গ্ৰাহকে এখন মাৰুটি চিলেৰীঅ, ভিএক্সআই গাড়ী ক্ৰয় কৰিছিল। কিন্তু পিছত গম পোৱা গ’ল যে এইখন এখন নতুন গাড়ীৰ পৰিবৰ্তে এখন পুৰণা গাড়ী আছিল। ব্যৱহাৰ কৰা পুৰণি চিলেৰীঅ, ভিএক্সআই গাড়ীত ৰং তেল সানি নতুন গাড়ী বুলি গ্ৰাহক মন্টু বড়োক খানাপাৰাত থকা পোড্ডাৰ কাৰ ৱৰ্ল্ড কৰ্তৃপক্ষই বিক্ৰী কৰিছিল। ইয়াৰ পিছত মন্টু বড়োয়ে এই সমগ্র ঘটনা পোহৰলৈ অানি খানাপাৰাস্থিত পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ বিৰুদ্ধে দিছপুৰ থানাত এটা গোচৰ তৰিছে । সংবাদ মাধ্যমত এই ঘটনাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতেই সোমবাৰে কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসসহ পৰিবহণ বিষয়াৰ এম ভি আই, এনফৰ্চমেণ্ট আদিৰ বৃহৎ দল এটা উপস্থিত হৈ সকলো বস্তু তন্ন তন্ন কৈ পৰীক্ষা কৰাৰ পিছত পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ অনুজ্ঞাপত্ৰ বাতিল কৰি এই সমগ্র বিষয়ৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱা পৰ্যন্ত ডিলাৰ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰে জিলা পৰিবহণ বিষয়া গৌতম দাসে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা