কুজিদাঁহত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অৰুণা বড়াৰ "থুপি তৰা" শীৰ্ষক গ্ৰন্থ উন্মোচন≈≈সাহিত্যত সদায় সাহিত্যিক জনৰ জীৱন দৰ্শন প্ৰতিফলিত হয়--ড° অমিয়া পাতৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ ডিচেম্বৰঃ "জীৱনত বহু কথাই মানুহৰ ক’বলৈ থাকি যায় ৷ থাকি যোৱা কথাবোৰক সৃষ্টিশীল ৰচনাৰে মানুহে থৈ যাব পাৰে ৷ এনে কাৰণতেই শিক্ষকতা জীৱনৰ পৰা অৱসৰ লোৱাৰ ২০ বছৰৰ পিছতো লেখিকা অৰুণা বড়াই নিজৰ গতিশীল প্ৰতিভাৰে আজি চিনাকি দিবলৈ সক্ষম হৈছে ৷" নগাঁও জিলাৰ কুজিদাঁহৰ ধোপাবৰ সত্ৰত যোৱা ২ ডিচেম্বৰত অনুষ্ঠিত হোৱা এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা তথা নগাঁও কন্যা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অমিয়া পাতৰে এইদৰে কয় ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অৰুণা বড়াৰ "থুপি-তৰা" শীৰ্ষক গ্ৰন্থ খনি উন্মোচনী কৰি দিয়া ভাষণত ড° পাতৰে প্ৰসংগক্ৰমে সাহিত্যত সদায় সাহিত্যিক জনৰ জীৱন দৰ্শন প্ৰতিফলিত হয় বুলিও মন্তব্য আগবঢ়াই ৷ অসম লেখিকা সংস্থাৰ আই পদ্মপ্ৰিয়া শাখাৰ উদ্যোগত আৰু প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সহযোগত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আৰম্ভণিতে কণ্ঠশিল্পী অমিয়া বৰাই এটি ঘোষা পৰিৱেশন কৰাৰ লগতে লেখিকা অৰুণা বড়াইও এটি ভক্তিমূলক গীতেৰে অভ্যাগত সকলক প্ৰণাম যাচে ৷ প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে সামগ্ৰিকভাৱে পৰিচালনা কৰা অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত, নগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি বীৰেণ লালুং, ডিমৰীয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক মোহিনী মোহন ডেকা, শিক্ষাবিদ সুশীল বৰা, দধীমোহন বৰা আৰু সুৰেণ বৰা উপস্থিত থাকি মূল্যবান বক্তব্য প্ৰদান কৰে ৷ আই পদ্মপ্ৰিয়া শাখাৰ সভানেত্ৰী ববীতা শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ লগত ৰজিতা খুৱাই অনুষ্ঠিত কৰা সুগম সংগীতৰ এক ব্যতিক্ৰমী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰবীণ শিল্পী গম্ভীৰ নাথে কলাগুৰু বিষ্ণু ৰাভাৰ "মেঘৰ বুকু ফালি আনিম বিজুলীৰ চাকি খোপাত গুজিবানে/ কুঁৱলীৰ জাল ফালি আনিম ৰুপোৱালি জোনবাই জোনবিৰিত লগাবানে" শীৰ্ষক চিৰসেউজ গীতটি পৰিৱশনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ তদুপৰি লেখিকা ইলো বৰা, বিশ্বজিত বৰদলৈ আৰু অজয় ডেকাই পাঠ কৰা কবিতাৰ লগতে শিশু শিল্পীদ্বয় পৰী বৰদলৈ আৰু নিবৃত্তি গায়নৰ দ্বাৰা পৰিবেশিত নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হয় ৷ প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সভাপতি সমীৰ হাজৰিকাই নিমন্ত্ৰিত বিশিষ্ট লোকসকলক অনুষ্ঠানত চিনাকি কৰাই দিয়াৰ পৰৱৰ্তী কালত সোনাপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা নিশামণি বৰাৰ দ্বাৰা শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয় ৷
Comments
Post a Comment