মাইক্র'ফাইনেন্স প্ৰসংগত অসম কেবিনেটে লোৱা সিদ্ধান্তক গ্ৰামীণ শ্ৰমিক সন্থা--মাইক্র'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ডিচেম্বৰঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শুভ্রজ্যোতি বর্দ্ধন আৰু সাধাৰণ সম্পাদক তথা মাইক্র'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই অসম চৰকাৰৰ কেবিনেটে মাইক্র'ফাইনেন্স প্ৰসংগণত ঘোষণা কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে - ৰাজ্যখনৰ ঋণগ্রস্ত মহিলা সকলৰ প্ৰায় এক বছৰজোৰা আন্দোলনৰ হেঁচাত কেবিনেটে এই সিদ্ধান্ত ঘোষণা কৰিবলৈ বাধ্য হৈছে। শ্ৰমিক নেতাদ্বয়ে এয়া সংগ্ৰামৰ এঢাপ বিজয় বুলি মত পোষণ কৰি কয় যে--বিধান সভা নিৰ্বাচনৰ  প্ৰাকক্ষণত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশনাৰ আধাৰত মাইক্ৰ'ফাইনেন্স কোম্পানী বোৰক নাকী লগোৱাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে। এতিয়াও প্ৰস্তাৱিত আইনৰ খছৰা ৰাজহুৱা হোৱা নাই যদিও সামাজিক মাধ্যম আৰু মিডিয়াত দিয়া অসমৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে দৰাচলতে এই প্রস্তাৱিত আইনে মাইক্র'ফাইনেন্স কোম্পানীৰ শোষণ-লুন্ঠনৰ বলি হোৱা দৰিদ্ৰ পৰিয়ালসমূহ ঋণমুক্ত হোৱাৰ কোনো ধৰণৰ বক্তব্য নাই। মাত্ৰ মাইক্র'ফাইনেন্স কোম্পানী সমূহৰ এজেন্ট সকলক ঋণগ্রস্ত ৰাইজৰ ঘৰলৈ গৈ কিস্তি সংগ্ৰহত বাধা প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে। যিটো ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ নিৰ্দ্দেশনাৱলীত সন্নিৱিষ্ট হৈ আছে। বিবৃতিত মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক তথা গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক মহন্তই স্পষ্টকৈ মত প্ৰকাশ কৰে যে--ঋণগ্রস্ত ৰাইজৰ ঋণ মুকুবৰ সিদ্ধান্ত অসম কেবিনেটত গ্ৰহণ নকৰালৈকে সংগ্ৰাম অব্যাহত থাকিব আৰু বৰ্তমান নিৰ্বাচনৰ প্ৰাকক্ষণত ঋণগ্রস্ত দুখীয়া ৰাইজক তথা চৰকাৰী নগদ ধনৰ আঁচনিৰ পৰা বঞ্চিত লোকসকলক আভুৱা ভাৰি ভোট বুটলাৰ চক্ৰান্ত বুলি মত পোষণ কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা