লাহৰীঘাটৰ ধূপগুৰি মন্ডল কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ সজাগতা সভা

লাহৰীঘাটৰ ধূপগুৰি মন্ডল কংগ্ৰেছৰ  উদ্যোগত কংগ্ৰেছৰ সজাগতা সভা 
# অৱসৰপ্ৰাপ্ত বি ডি অ , জি আদিল কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থি হিচাপে দাবীদাৰৰ বাবে সজাগতা সভা  #

বা: নজৰুল ইছলামৰ দুৰ্গত নতুন মুখৰ বুৰবুৰণি।

 মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ধূপগুৰি গাওঁ পঞ্চায়তৰ কমিনিউটি হলত আজি বিয়লি ৩ বজাত  ধূপগুৰি মন্ডল কংগ্ৰেছৰ উদ্যোগত  আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থি হিচাপে এখনি দলীয় সজাগতা সভা অনুষ্ঠিত হয় । কেবা শতাধিক স্হানীয় ৰাইজ পুৰুষ আৰু মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সজাগতা সভাত সভাপতিত্ব কৰে জেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাছেন  আলীয়ে । উদ্দেশ্য ব্যাখ্যা  আৰু  আদৰণি পৰ্বৰ আঁত ধৰে   সাংবাদিক আফতাফ হুছেইনে । সজাগতা সভাৰ মূখ্য অতিথি হিচাপে   অৱসৰপ্ৰাপ্ত বি ডি অ,  জি আদিলৰ কংগ্ৰেছ দলৰ পৰা  আগন্তুক অসম বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ পৰা সম্ভাৱ্য প্ৰাৰ্থিৰ দাবীদাৰ হোৱাৰ বাবে জনমত তথা ৰাইজৰ লগত চিনাকী হোৱা ।
যিহেতুকে নিৰ্বাচনৰ কেই মাহ মান বাকী থকা  অৱস্থাত কংগ্ৰেছ দলৰ পৰা দলীয় টিকট বিচাৰি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তথা বৰ্তমানৰ বিধায়ক ডাঃ নজৰুল ইছলামেও খাপ পাতি  আছে যদিও  সমানে সমানে দাবীদাৰ হৈ আছে অৱসৰপ্ৰাপ্ত বি ডি অ  , জি আদিলো । সেয়ে সমষ্টিৰ চুকে কোণে  আৰম্ভ কৰিলে জনসাধাৰণৰ মাজত তেওঁৰ প্ৰতি আৰু কংগ্ৰেছ দলৰ প্ৰতি  আকৃষ্ট কৰাৰ বাবে বিভিন্ন সভা সমিতি ও সজাগতা সভা  । অৱশ্যে  ইতিমধ্যে সমাপ্ত হোৱা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ফলাফলে উনুকিযাই দিলেও মানুহ আশাবাদী ।মৈৰাবাৰীৰ পৰা মোস্তুফা জামানৰ ৰিপ'ৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা