নাককাটিৰ শিখৰত কৃষক মুক্তিৰ জিলা সভাপতিৰ অনশন

'কা' বাতিল আৰু অখিল গগৈক মু্ক্তিৰ দাবী 

বঙাইগাঁৱৰ নাককাটি পাহাৰৰ শিখৰত উঠি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰ অনশন 

বঙাইগাঁওঃ ২৩ ডিচেম্বৰঃ 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ে পাহাৰৰ সুউচ্চ শিখৰত উঠি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সভাপতিগৰাকীয়ে বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ নাককাটি পাহাৰৰ সুউচ্চ শীষৰ্ত পুৱা আঠ বজাৰ পৰা বিয়লি চাৰি বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি জিলা সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সদায় বৰাক , ব্ৰহ্মপুত্ৰ ,পাহাৰ ,ভৈয়ামৰ কথা কয় ৷ সেই কাৰণে আজি বঙাইগাঁৱৰ নাককাটি পাহাৰৰ শিখৰত উঠি অনশন কৰিছো আৰু ইয়াৰ পৰা অখিল গগৈক অতি সোনকালে মুক্তি দিবলৈ আৰু 'কা' বাতিল কৰিবলৈ দাবী জনাইছো ৷ আমি স্পষ্টভাবে ক'ব বিচাৰিছো যে অসমৰ একমাত্ৰ প্ৰতিবাদী কণ্ঠ , জাতি , মাটিৰ কণ্ঠ, কৃষকৰ কণ্ঠ তথা সাধাৰণ ৰাইজৰ কণ্ঠ অখিল গগৈক বন্দী কৰি ৰাখি আজি চৰকাৰখনে অসম বিৰোধী আইন আনিব ধৰিছে ,কৃষক বিৰোধী আইন আনিব ধৰিছে আৰু অসমৰ সাতখনৰৈ টোলগেট খুলিব ধৰিছে ৷ আমাৰ স্পষ্ট কথ অখিল গগৈক অতি সোনকালে মুকলি কৰি দিয়ক আৰু 'কা' বাতিল কৰক ৷ আমি পাহাৰৰ শিখৰৰ পৰাই চৰকাৰক সকিয়াই দিছো ৷ সভাপতি ৰায়ে আৰু কয় যে অখিল গগৈক যদি মুকলি কৰি দিয়ে তেতিয়াহলে বিজেপি চৰকাৰ নিঃশেষ হ'ব ৷ সেই কাৰণে বিভিন্ন ষড়যন্ত্ৰ কৰি অখিল গগৈক আজি কাৰাবন্দী কৰি ৰাখিছে ৷ ২০২১ চনত বিজেপি দলে যাতে পুনৰ শাসনলৈ আহিব পাৰে তাৰ কাৰণে নানা ব্লুপ্ৰিণ্ট ৰচনা কৰি অখিল গগৈৰ ওপৰত বাৰম্বাৰ এটাৰ পিচত আন এটা গোচৰ জাপি দি এমাহ দুমাহ কৰি এবছৰে কাৰাগাৰত বন্দী কৰি ৰাখিছে ৷ সেয়ে আমি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অকি সোনকালে অখিল গগৈক মুক্তি দিয়াৰ লগতে জাতি ধ্বংসী 'কা' আইনখন বাতিল কৰাৰ বাবে দাবী জনাইছো ৷

প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা