চতিয়াত ১৮ কোটিৰ পথৰ কামৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকা
চতিয়া সমষ্টিৰ অতিকৈ গুৰুত্বপূৰ্ণ ইটাখোলা হৈ মনাই বৰপাম সংযোগী গড়কাপ্তানি পথৰ পকীকৰণৰ পুনৰ নিৰ্মাণৰ কামৰ আজি শুভাৰম্ভ কৰা হয়।প্ৰায় ১৮ কোটিৰ টকাৰ ব্যয় সাপেক্ষে ১১কিলোমিটাৰ দৈঘ্যৰ পকীকৰণৰ হ'ব লগা এই পথৰ দিনৰ ১১বজাত শুভাৰম্ভ কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই।গড়কাপ্তানি বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী লগতে অঞ্চলটোৰ ভালে সংখ্যক ৰাইজৰ উপস্থিত পথটিৰ কামৰ শুভাৰম্ভ কৰি বিধায়ক হাজৰিকাই কয় যে সমষ্টিটো অত্যন্ত গুৰুত্বপূৰ্ণ এই গড়কাপ্তানি পথটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে কেইবাখনো গাওঁৰ ৰাইজৰ যাতায়ত সুচল হৈ পৰিব।এচ অ পি ডিৰ আধীনত নিৰ্মাণ হ'ব লগা এই পথটিৰ আবন্টণৰ ক্ষেত্ৰত অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে মন্ত্ৰী গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই।
জামুগুৰিহাটৰ পৰা জোন বৰা।
Comments
Post a Comment