অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক জ্যোতিষ শৰ্মাৰ মৃত্যুত শোকাকিভূত গুণমুগ্ধ

অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক জ্যোতিষ শৰ্মাৰ মৃত্যুত শোকাকিভূত গুণমুগ্ধ

চনমাগুৰী অঞ্চলত শোকৰ ছাঁ 

প্ৰতিবেদক, ৰঙিয়া, ৯ ডিচেম্বৰঃ পশ্চিম বড়িগোগ জিলা পৰিষদ সমষ্টিৰ দেহাৰকুছিৰ সমাজ জীৱনৰ সৈতে অংগাংগীভাৱে জড়িত তথা চনমাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিভাগৰ বিষয় শিক্ষক জ্যোতিষ চন্দ্ৰ শৰ্মাৰ আজি ৰাতিপুৱা ৭.৩০ বজাত গুৱাহাটীৰ দিছপুৰ হাস্পতালত দেহৱসান ঘটে। কিছুমাহ  আগৰে পৰা শিক্ষক গৰাকীয়ে স্নায়ু আৰু মধুমেহ ৰোগত ভোগী চিকিৎসাধীন হৈ থকাৰ পিছতো স্বাস্থ্যৰ উন্নতি নোহোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসকে বহুকেইদিন শিক্ষক গৰাকীক সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখে যদিও অৱশেষত সকলো চেষ্টা বিফল হয় ৷ মৃত্যুৰ সময়ত প্ৰয়াত শৰ্মাৰ বয়স হৈছিল প্ৰায় ৬২ বছৰ। ইহসংসাৰত তেওঁ পত্নীৰ উপৰি এগৰাকীকৈ পুত্ৰ আৰু কন্যাক এৰি থৈ যায় । ইংৰাজী বিভাগৰ বিষয় শিক্ষক হিচাপে জ্যোতিষ চন্দ্ৰ শৰ্মা আছিল এগৰাকী আদৰ্শ শিক্ষক ৷ছাত্ৰ ছাত্ৰীৰ লগত আন্তৰিক সম্পৰ্ক গঢ়ি তুলি তেওঁলোকক অধ্যয়নৰ প্ৰতি কেনেকৈ মনোযোগী কৰি তুলিব পাৰি সেই বিষয়ে সকলো কলা আয়ত্ব কৰিছিল এইগৰাকী আদৰ্শ শিক্ষকে ৷ নিজৰ সৰল ব্যক্তিত্ব, অমায়িক আচাৰ ব্যৱহাৰ আৰু মৰমিয়াল স্বভাৱৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁৰ আছিল অপৰিসীম জনপ্ৰিয়তা। শিক্ষকতাকে জীৱনৰ ব্ৰত কৰি ল’লেও শৰ্মাই দেহাৰকুছি অঞ্চলটোত ভালেমান সামাজিক অনুষ্ঠান, আঞ্চলিক দুৰ্গা পূজা সমিতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷ প্ৰয়াত শৰ্মাই পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ইংৰাজী বিভাগৰ বিষয় শিক্ষক হিচাপে বিনা বেতনে কাম কৰিছিল ৷আজি শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে দেহাৰকুছি বাসগৃহত অগণন গুণমুগ্ধই উপস্থিত হৈ ভিৰ কৰে। কৰ্মৰত চনমাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অন্তিম দৰ্শনৰ বাবে চিকিৎসালয়ৰ পৰা পোনে পোনে লৈ অহাত বিদ্যালয়ৰ হৈ ভাৰপ্ৰাপ্ত অধ্যক্ষ কুমুদ চন্দ্ৰ শালৈ, অৱসৰপ্ৰাপ্ত শিক্ষক খাইৰুল হক, গজেন্দ্ৰ নাথ শালৈয়ে প্ৰয়াত শৰ্মাৰ কৰ্মৰাজিৰ ওপৰত বক্তব্য ৰখাৰ লগতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী,অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণেশ্বৰ শালৈ ,ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডিপু দাসৰ লগতে  অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা নিবেদন কৰি  আত্মাৰ শান্তি কামনাৰে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। 

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা