হাজোৰ বৰছলিত "দাৰুল উলুম ও কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান"ৰ শুভ উদ্বোধন
কাৰিকৰী শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বিতা কৰাৰ উদ্দেশ্যৰে কামৰূপ জিলাৰ হাজোৰ বৰছলিত ৰাইজে প্ৰতিষ্ঠা কৰিলে এখনি দাৰুল উলুম আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান।
বৰছলিৰ বঙালপাৰা গাওঁত প্ৰতিষ্ঠা কৰা দাৰুল উলুম ও কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটি আজি দিনযোৰা বৰ্ণাধ্য কাৰ্য্যসূচীৰে শুভ উদ্বোধন কৰে উক্ত অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক মৌলনা ওচমাণ গণিয়ে।
অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া জয়ান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত
সভাত বঙালপাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী জাহানাৰা বেগম, কাউন্সিলাৰ লুটফৰ ৰহমান, অৱসৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহিম, অধ্যাপক ছাইফুল ইছলাম, ৰেজ্জাক আলী, অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক আতাউৰ ৰহমান, শিক্ষক ছাজাহান আলী, হুছেইন আলী আহমেদ, আতাউৰ ৰহমান, মোকাদ্দেছ আলী, ইছমাইল হুছেইন, বিশিষ্ট সমাজ সেৱক আলহাজ হাফিজ আব্দুছ ছাত্তাৰ, মৌলানা আমিৰ আলী, শিক্ষক মোকছেদ আলীকে ধৰি পাঁচ শতাধিক সচেতন লোকে অংশ গ্ৰহণ কৰে।
পঙ্কজ নাথৰ ৰিপৰ্ট ।
Comments
Post a Comment