প্ৰচণ্ড শীত আৰু কুৱলীৰ বাবে উত্তৰ গুৱাহাটীত ব্যহত জল পৰিবহন ব্যৱস্থা।

পঙ্কজ নাথ, চাংসাৰি, ২৫ ডিচেম্বৰ :

প্ৰচণ্ড শীতৰ লগতে ধৰালৈ নামি আহিছে অতিপাত কুঁৱলী । যাৰবাবে লুইতৰ ইপাৰ সিপাৰ নেদেখা কুঁৱলীৰ বাবে পুৱাৰ ভাগত গুৱাহাটীৰ ফেৰী সেৱা প্ৰায়ে বাতিল কৰি অহা হৈছে বিগত কেইবাদিনো ধৰি । আজিও পুৱাৰে পৰা ডাঠ কুঁলীৰ পৰাৰ বাবে গুৱাহাটীত ফেৰী চলাচলৰ সাহস গোটাব পৰা নাই জল পৰিবহন কৰ্মীয়ে । আজি ৰাতিপুৱা ৬ বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ তিনিওটা ঘাটলৈ আগবাঢ়ে ফেৰী । কিন্তু পুৰনিকলীয়া জলপৰিবহন ব্যবস্থাই কুঁৱলী ভেদি এতিয়াও যাতায়ত কৰিবলৈ অক্ষম । যাৰ পৰিনতিত পাৰ ঘাটতে আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী । ইফালে ফেৰীৰ বিকল্প বাছ সেৱাৰো নাই কোনো সুব্যবস্থা। যাৰবাবে এই অঞ্চলৰ লগতে দূৰণিবটীয়া জলযাত্ৰা কৰিবলৈ অহা যাত্ৰীসকলে নানা আহুকালৰ সন্মূখীন হবলগীয়াত পৰিছে। সেয়েহে উত্তৰ গুৱাহাটী অঞ্চলবাসী ৰাইজৰ লগতে জল যাতায়তকাৰী একাংশই শীঘ্ৰেই ৰাইজে সন্মূখীন হৈ থকা উপৰোক্ত সমস্যাৰ কথা অনুধাৱন কৰি জলপৰিবহনৰ সুব্যৱস্থাৰ উপৰিও বাছসেৱা প্ৰবৰ্তন কৰিবৰ বাবে পৰিবহন বিভাগৰ লগতে কামৰূপ প্ৰশাসনক আহ্বান জনাইছে। 

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা