কৃষ্ণাইৰ লালাবৰীত বাসগৃহৰ ওপৰেৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰঃৰাইজৰ মাজত সীমাহীন আতংক

অসম পক্তি বিতৰণ কোম্পানী লিমিটেডৰ গোৱালপাৰা জিলাৰ দামৰা উপ সংমণ্ডলৰ অধীনস্থ কৃষ্ণাইত বিদ্যুৎ যোগানত কিছু বিসংগতিৰ অভিযোগ উঠিছে ৷ উল্লেখ যোগ্য যে, বিদ্যুৎ বিভাগৰ কৃষ্ণাইস্থ নিয়ন্ত্ৰণ কেন্দ্ৰ ( ট্ৰেক্সাৰ)ৰ পৰা ১১ হেজাৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ ভেলাখামাৰ হৈ ৰাজাপাৰালৈ সম্প্ৰসাৰিত হৈ আছে ৷ ইয়াৰে এটা ভাগ  হাৰিমূৰালৈ বিস্তৃত হৈ থকাৰ বিপৰীতে আন এটা ভাগ গৈছে লালাবৰী অঞ্চললৈ ৷ বিদ্যুৎ বিভাগৰ নিয়ম অনুসৰি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ বাসগৃহৰ ওপৰেৰে পাৰ কৰাটো এক নীতিবহিৰ্ভুত কাৰ্য ৷ পিছে বিভাগটোৱে সকলো জানি শুনিও এই নিয়ম ভংগ কৰিছে লালাবৰী অঞ্চলত ৷ অভিযোগ অনুসৰি,লালাবৰীৰ চৌধুৰীপাৰাৰ উদ্ধৱ ৰায় আৰু মণিকান্ত ৰায়ৰ বাসগৃহৰ ওপৰেৰে পাৰ কৰি নিয়া হৈছে ১১ হেজাৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ ৷ বাস গৃহৰ ওপৰেৰে উচ্চ ক্ষমতাসম্পন্ন তাঁৰ পাৰ হৈ যোৱাৰ ফলত প্ৰতি মুহূৰ্ততে আতংকত ভুগিছে পৰিয়াল দুটাৰ সদস্য বৰ্গ ৷ এই সন্দৰ্ভত উদ্ধৱ ৰায়ৰ পৰিয়ালে ইতিমধ্যে দামৰা উপ সংমণ্ডলৰ এছডিঅ’ক লিখিত ভাৱে আবেদনো জনাইছে ৷ পিছে বিভাগে আজিকোপতি বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত
কণ কণ শিশুসহ বসবাস কৰি থকা চৌধুৰীপাৰাৰ এই দুটি পৰিয়ালত
প্ৰতি মুহূৰ্ততে ভয়ংকৰ বিপদৰ সদ্ভাৱনাই দেখা দিছে ৷ জানিব পৰা মতে, বিগত বাৰিষা কালত ধুমুহা বৰষুণত কেবাবাৰো বিদ্যুতৰ তাঁৰ চিগি অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰো উদ্ৰেক হৈছিল ৷ পিছে এই অথন্তৰ দেখিও গা লৰা নাই বিদ্যুৎ বিভাগটোৰ ৷ পৰিয়াল দুটিয়ে এই সন্দৰ্ভত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যুৎ বিভাগক পুণঃ অনুৰোধ জনাইছে ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা