ডিমৌ-চকলাঘাটত অসম আন্দোলনৰ তিনি শ্বহীদক স্মৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ ডিছেম্বৰঃ অসম আন্দোলনৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ত্যাগৰ চিতাজুইত ১৯৮১ চনৰ ৩১ ডিছেম্বৰত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌত আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল ডিমৌ পূৱ শালমৰাৰ ভূধৰ ডেকা, ৰাজীৱ ৰাজকুমাৰ আৰু চকলাঘাটৰ নৰেন্দ্ৰ নাথৰ ৷ সেই গৌৰৱোজ্বল ইতিহাসৰ স্মৃতিত বৃহস্পতিবাৰে দক্ষিণ-পঞ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ডিমৌ চাৰিআলিত থকা তিনি শ্বহীদৰ স্মৃতি সৌধৰ বাকৰিত শ্বহীদ দিৱস পালন কৰে ৷ তদুপলক্ষে পুৱা শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰে নগাঁও জিলা ছাত্ৰসন্থাৰ উপ সভাপতি পংকজ জ্যোতি বৰাই ৷ ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন আৰু স্মৃতিচাৰণ অনুষ্ঠানত জিলা সাংগঠনিক সম্পাদক মনোজ কুমাৰ দাস, মহকুমা ছাত্ৰসন্থাৰ সম্পাদক কুলেন্দু  পাঠক, দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মৃদুল বৰুৱাকে ধৰি বেবেজীয়া, ফুলগুৰি, ডিমৌ, দক্ষিণপাট আদি শাখা ছাত্ৰ সন্থাৰ বিষয়ৱবীয়াসকল উপস্থিত থাকে ৷ ইফালে, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চকলাঘাটৰ গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত থকা শ্বহীদ নৰেন্দ্ৰ নাথৰ স্মৃতি সৌধত পালন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাই ৷ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিপন শৰ্মাই আঁত ধৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ নেত্ৰকমল বৰঠাকুৰ, গম্ভীৰ শইকীয়া, শিক্ষাবিদ পূৰ্ণ বেজবৰুৱা, সমাজকৰ্মী ক্ষিতেশ্বৰ বৰা, জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক পংকজ ডেকা, জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিৎ দাসকে ধৰি শ্বহীদ পৰিয়ালৰ সদস্য, প্ৰাক্তন ছাত্ৰ নেতা আৰু হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা