বঙাইগাঁৱৰ ফুলকুমাৰীত অবৈধ কাঠফলা কল উৎখাত

বঙাইগাঁওঃ ২৪ ডিচেম্বৰঃ আজি বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনী আৰু বহলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বন কৰ্মচাৰীয়ে চলোৱা এক যৌথ অভিযানত বিদ্যাপুৰৰ ওচৰৰ ফুলকুমাৰী গাঁৱত এটা অবৈধ ভ্ৰাম্যমাণ কাঠ ফলা কল উৎখাত কৰে। উল্লেখ্য যে বন বিভাগৰ অভিযানকাৰী দল অহাৰ উমান পাই দুষ্কৃতিকাৰীয়ে কাঠফলা মিলটো কিছুদূৰলৈ নি লুকুৱাই ৰাখে যদিও বনবিভাগৰ দলটোৱে অনুসৰণ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে কিছু সংখ্যক অবৈধ কাঠৰ কুণ্ডা আৰু ফলা কাঠো জব্দ কৰে । জব্দকৃত কাঠখিনি আৰু কাঠ ফলা কলটো পিচত বহলপুৰ বনাঞ্চলিক কাৰ্য্যালয়লৈ নিয়া হয় ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য অনুমানিক প্ৰায় এক লক্ষাধিক হ'ব। উক্ত চোৰাং কাঠৰ সৰবৰাহত জড়িত তথা কাঠফলা কল স্থাপন কৰা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে ।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা