ধিঙত দুটা কামৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ ডিচেম্বৰঃ নগাঁও জিলাৰ ধিঙত বুধবাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই দুটাকৈ কামৰ আধাৰশিলা স্থাপন কৰে । ২০১৯-২০ বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰ অধীনত নিৰ্মাণ হব লগা শ্বট পূজা ঘাট আৰু দশমী ঘাটৰ আধাৰশিলা স্থাপন কৰি বিধায়িকা আঙুৰলতা ডেকাই কয়- কৰ'না মহামাৰী আৰু লকডাউনৰ বাবে উন্নয়ন মূলক কাম-কাজ সমূহ বহু পিছুৱাই গৈছিল। কিন্তু লকডাউনৰ শিথিলতাৰ পিছত বিটিচি নিৰ্বাচনৰ প্ৰচাৰত পূর্ণ ব্যস্ত থকাৰ বাবে এই কামৰ আধাৰশিলা স্থাপন কৰিব পৰা নাছিলো। বিটিচি নিৰ্বাচনত ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা সেই একেই উৎসাহ আৰু উদ্দীপনা এই আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, বিধায়িকা আঙুৰলতা ডেকাই আধাৰশিলা স্থাপন কৰা এই দুয়োটা কামৰে প্ৰাককলন মূল্য ১০ লাখকৈ বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা