ৰঙিয়া অসামৰিক চিকিৎসালয়ত প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান

প্ৰতিবেদক , ৰঙিয়া, ৯ ডিচেম্বৰঃ 

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ অধীনত প্ৰতি মাহৰ ৯ তাৰিখে চৰকাৰী চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ দ্বিতীয় আৰু তৃতীয় প্ৰসৱপূৰ্ব পৰীক্ষা বিশদভাৱে পৰ্যবেক্ষণ কৰা হয়। গৰ্ভৱতী অৱস্থাত চিকিৎসকৰ সহায়ত বিনামূলীয়াকৈ পাঁচটা পৰীক্ষা কৰোৱা অত্যন্ত জৰুৰী। ৰক্ত পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, ৰক্তচাপ, হিম'গ্লবিন আৰু আল্ট্ৰাচাউণ্ড।ৰঙিয়া মহকুমাৰ অন্তৰ্গত কনিহা, বালিসত্ৰ, মধ্যপাণ্ডুৰী আৰু ৰঙিয়া অসামৰিক চিকিৎসালয়ত বিগত সময়চোৱাত এই অভিযান চলি আছিল যদিও আজিৰ পৰা উক্ত চিকিৎসালয় সমূহৰ সলনি মাথোঁ ৰঙিয়া অসামৰিক চিকিৎসালয়তে চলি থাকিব। সেইমৰ্মে আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃ অভিযান কাৰ্যসূচীৰ উদ্বোধন কৰে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই ।আনহাতে অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মুকুল ভট্টাচাৰ্য, ডাঃ নীলমণি কলিতা,আৰ. এম. এন. চি. এইচৰ পৰামৰ্শদাতা অনিমা বেগম, এ. এন. এম গীতাঞ্জলী কলিতা, কুলচুম বেগমে সহযোগ আগবঢ়াই বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ কৰ্মচাৰী অমূল্য বৈশ্যই।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা