সৰ্ব ভাৰতীয় অধ্যয়নে দেখুৱাইছে যে, ১৮-৩০ বছৰ বয়সৰ যুৱ ভাৰতীয় সকল ভিটামিন ডি'ৰ অভাৱ আৰু অপৰ্যাপ্ততাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয়




ষ্টাফ ৰিপৰ্টাৰ,২৯ ডিচেম্বৰ, ২০২০ৰ মে মাহত প্ৰকাশিত এক সৰ্ব ভাৰতীয় অধ্যয়ন, যাৰ ভিতৰত আছে ভাৰতৰ ৮১ খন চহৰৰ ২২৯ টা স্থানত ৪,৬২৪ জন ৰোগী, যি দেখুৱাই যে, ৭৬ শতাংশত ভাৰতীয় জনসংখ্যা ভিটামিন D(ডি)ৰ অভাৱত ভুগিছে। অধ্যয়নটোত লগতে দেখা গৈছে যে,১৮-৩০ বছৰ বয়সৰ ভাৰতীয় সকলৰ ক্ষেত্ৰত এই অভাৱৰ প্ৰচলন সৰ্বাধিক। ডাঃ সঞ্জিভ গোৱেল, এম,এছ এমচি এইচ,,গাৰ্জিয়ান হাস্পতাল ঞ্জলন্ধৰ আৰু ইণ্টাৰনেছনেল জাৰ্নেল অব ৰিচাৰ্ছ ইন অর্থ- পেডিক্সত প্ৰকাশিত অধ্যয়নৰ লেখকে এই সন্দৰ্ভত কয়"-যিহেতু ভিটামিন ডি হৈছে এই গুৰুত্বপূৰ্ণ সুক্ষপুষ্টি যি পেশী আৰু হাড়ৰ লগতে সামগ্ৰিক স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মহামাৰীৰ চিকিৎসা সক্ষম কৰিবলৈ চিকিৎসক আৰু ৰোগীৰ মাজত অধিক সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে"। আনহাতে এই সন্দৰ্ভত এব'টৰ চিকিৎসা পৰিচালক ডাঃ ৰুপা দাসে কয়"-এতিয়ালৈকে ভিটামিন ডি' ৰ অভাৱ বিশেষকৈ বয়সস্থ ব্যক্তি সকলৰ বাবে এক উদ্বেগজনক বিষয় বুলি ভৱা হৈছিল যাৰ বাবে ই হাড়ৰ স্বাস্থ্যৰ আশংকা সৃষ্টি কৰে। কিন্তু এই অধ্যয়নত দেখুওৱা হৈছে, যুৱ সকলৰ মাজত উচ্চস্তৰৰ অভাৱ আছে । সেয়ে ভিটামিন ডি' ৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা