দিয়াচলাই কাঠিৰে বিশ্ববিখ্যাত আইফেল টাৱাৰ নিৰ্মাণ, ৰঙিয়াৰ ছাত্ৰ চাহিল হুছেইনৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত স্থান লাভ

দিয়াচলাই কাঠিৰে বিশ্ববিখ্যাত আইফেল টাৱাৰ নিৰ্মাণ 
ৰঙিয়াৰ মেধাৱী ছাত্ৰ চাহিল হুছেইনৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত স্থান লাভ 

প্ৰতিবেদক, ৰঙিয়া ৩১ ডিচেম্বৰঃ কোভিড-১৯ সংক্ৰমণ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱপ্ৰজন্মৰ প্ৰতি নিজ নিজ কৰ্মস্পৃহাক লৈ জনোৱা আহ্বানত সঁহাৰি জনাই ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া পৌৰসভা এলেকাৰ ২ নং ৱাৰ্ড, উত্তৰ বনগাওঁৰ এগৰাকী মেধাৱী ছাত্ৰই  নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰ ফলত ঘৰতে অকল দিয়াচলাইৰ কাঠিৰে নিৰ্মাণ কৰি উলিয়াইছে বিশ্ব বিখ্যাত আইফেল টাৱাৰ । ইয়াৰ বাবে ছাত্র গৰাকীয়ে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নিজৰ নাম সনিবিষ্ট কৰিবলৈ সক্ষম হৈছে।ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী চাইদুল ইছলাম (অতুল)আৰু ৰুণুমনি বেগমৰ জ্যেষ্ঠ পুত্ৰ তথা পলিটেকনিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাহিল হুছেইন। শিক্ষাৰ্থী হুছেইনে আইফেল টাৱাৰটো নিৰ্মাণ কৰি ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত SMALLEST REPLICA OF EIFFEL TOWER MADE USING MATCHSTICKS নামেৰে  নিজৰ নাম অন্তৰ্ভুক্ত  কৰিবলৈ সক্ষম হৈছে।এই গৰাকী পলিটেকনিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাহিল হুছেইনে মাত্ৰ দহ দিনৰ ভিতৰত  নিৰ্মাণ কৰি উলিয়াইছে বিশ্ববিখ্যাত আইফেল টাৱাৰটো। চাহিলে দিয়াচলাই কাঠিৰে  নিৰ্মাণ কৰি উলিওৱা আইফিল টাৱাৰটো উচ্চতা হৈছে ২৩.৫" ইঞ্চি আৰু বহল হৈছে ৯" ইঞ্চি। মেধাৱী ছাত্ৰ জনে জানিবলৈ দিয়ামতে তেওঁঁ আইফেল টাৱাৰটো নিৰ্মাণ কৰোতে প্ৰায় সাত'শৰ পৰা আঠ'শ ডাল দিয়াচলাইৰ কাঠি ব্যৱহাৰ হৈছিল ।ইতিমধ্যে চাহিল হুছেইনে অষ্টমমান শ্ৰেণীৰ পৰাই বিভিন্ন পেলনীয়া সামগ্ৰীৰে ঘৰতে তাজমহল, টাইটানিক জাহাজ,ৰেলৰ ভাপ ইঞ্জিন, 
জনজাতি সকলৰ চাংঘৰ, একুৰিয়াম, কাঠৰ দুমহলীয়া ঘৰ,মটৰ চাইকেল,ই- ৰিক্সা সহ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত চাহিলে গীনিজ বুক অফ ৰেকৰ্ডচ ৰ বাবে তেওঁ চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা