বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ওদালগুৰিৰ আটাৰিখাটত নিৰ্বাচনী হিংসাৰ বাবে উত্তপ্ত পৰিস্থিতি

আদিবাসী ছাত্ৰ সন্থাৰ বিষয়বৱীয়াক আক্ৰমণ কৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান ।  -----------------------------------------
ডিমাকুছি   , ২ ডিচেম্বৰ :--

# বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে এতিয়া  বিটিচিৰ বিভিন্ন অঞ্চলত নিতৌ সংঘটিত হ'ব ধৰিছে  হিংসাত্মক ঘটনা  ।
#  বিশেষকৈ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত  তীব্ৰ গতিত চলিব ধৰিছে নিৰ্বাচনী হিংসা । বিটিএডিত প্ৰতিদিনে সংঘটিত হৈ আহিছে ৰাজনৈতিক দলৰ হিংসা উত্তপ্ত পৰিস্থিতি ।  নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছে বিটিচি ৷ দিন যোৱাৰ লগে লগে বিটিচিত ৰাজনৈতিক দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলৰ মাজত সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । 
# মঙ্গলবাৰে সন্ধিয়া  ওদালগুৰি জিলাৰ ৩২ নং ভেৰগাঁও  পৰিষদীয় সমষ্টিৰ আটাৰিখাট ভিচিডিচি ৰ অন্তৰ্গত  নাওবান্ধা ওৰাং বস্তি গাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাইমাৰী সমিতি গঠন কৰি থকা সময়তে ইউপিপিএলৰ ১৫/২০ জনীয়া যুৱকৰ দলে  মুখত ক'লা কাপোৰ পৰিধান কৰি হাতে হাতে লোহাৰ ৰদ , যাঠি টাঙোন , বেৰৰ খুটি লৈ আক্ৰমণ কৰিবলৈ খেদি যায় । 
# যিহেতুকে আদিবাসী ছাত্ৰ সন্থাই মুকলি ভাৱে বিপিএফক সমৰ্থন জনোৱাৰ বাবে বিভিন্ন অভিযোগ সাব্যস্ত কৰি আটাৰিখাট আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ ৰৌতিয়াক হত্যা কৰিবলৈ বিচাৰি অঞ্চলটোত তাণ্ডৱ চলোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৱে এখন চাৰিচকীয়া বাহন ক্ষতিগ্ৰস্ত কৰি গাড়ীৰ চালক আৰু পৱিত্ৰ গোড় নামৰ যুৱক এজনক আহত কৰে ।  
# যাৰ বাবে আজি আটাৰিখাটত আদিবাসী ছাত্ৰ সন্থাৰ বিষয়বৱীয়াকে ধৰি শতাধিক আদিবাসী ৰাইজে পথত ওলাই আহি তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তী প্ৰদান কৰিবলৈ আইন প্ৰশাসনক দাবী জনাই । অন্যথা আদিবাসী ৰাইজে ইয়াতকৈও ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বাধ্য হ'ব বুলি সকিয়নী দিয়ে । 
ডিমাকুছি ৰ পৰা,
পিংকু কলিতা 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা