কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেলৈ ডি লিট ডিগ্ৰী প্ৰদান অৰুণাচল উনিভাৰ্ছিটি অৱ ষ্টাডিজৰ


ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,২৪ ডিচেম্বৰ
ইউনিভাৰ্ছিটী অৱ ষ্টাডিজ ৰ পঞ্চম সমাৱৰ্তন অনলাইন আৰু কায়িক মোডৰ মিশ্ৰণ মাধ্যমেৰে বিগত ২২ ডিচেম্বৰ(২০২০) ত অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু  উদ্যোগশীলতা বিভাগৰ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে এই সমাৱৰ্তনৰ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে । এই সন্দৰ্ভত কেন্ত্রীয় মন্ত্ৰী গৰাকীয়ে কয়"-নামছাইৰ ইউনিভাৰ্ছিটি অৱ ষ্টাডিজে অঞ্চলটোৰ বিকাশত আন্তঃগাঁথনিমূলক সুবিধা সহ উচ্চ শিক্ষা সম্পূৰ্ণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক পৰিবেশ উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে"। তেওঁ লগতে কয়"-উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্রত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদেশ্যৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় খনে অতি ভাল পথ অনুকৰণ কৰি আহিছে"। বিশ্ব শিক্ষা মিছনৰ অধ্যক্ষ আৰু অৰুণাচল অধ্যয়নৰ সভাপতি ড০ আল আগৰৱালাই দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ক্ষেত্ৰত তেওঁৰ মূল্যৱান অৱদানৰ বাবে ড০ মহেন্দ্ৰ নাথ পাণ্ডেক সাহিত্যৰ ডক্টৰেট ডিগ্রী প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ উটাচৰ্য প্ৰফেছৰ অ' পি শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা