জাজৰিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ ডিছেম্বৰঃ “অতীতটোক জুকিয়াই চাই আমি সজাগ হৈ থাকিব লাগিব ৷ জাতিটোৰ প্ৰতি, আইৰ মুখৰ ভাষাটোৰ প্ৰতি অহা সংশয়বোৰ নিৰাময়ৰ বাট বিচৰাৰ এয়াই সময় ৷ অসম সাহিত্য সভাৰ  প্ৰতিজন বিষয়ববীয়া, প্ৰতিজন সদস্যই ভাষা জননীক সেৱা কৰিবলৈ ওলাই আহি জাতিটোক শক্তিশালী কৰিব লাগিব ৷” আজি নগাঁও জিলা সাহিত্য সভাই জাজৰি শতদল শাখা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ এনেদৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকাই ৷ নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্তই পৌৰোহিত্য কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিদিষ্ট বক্তাৰ ভাষনত বিশিষ্ট শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাই নতুন চামক ভাষা সাহিত্যৰ ভাৰখন তুলি ল’বলৈ আহ্বান জনায় ৷ জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰীকা আৰু  জাজৰি শাখা সাহিত্য সভাৰ সম্পাদক জেহিদুৰ ৰহমানে আঁত ধৰি আগবঢ়াই নিয়া আৰু জাজৰি শাখা সাহিত্য সভাৰ সভাপতি অনন্ত বৰদলৈয়ে আদৰণি ভাষন আগবঢ়োৱা সভাখনত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যই কয় যে-ভাষা জীয়াই থাকে মানুহৰ মুখত ৷ যিমানেই বেছি মানুহে ভাষাতো ক’ব সিমানেই ভাষাটো শক্তিশালী হয় ৷ ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই কয় যে-অসম সাহিত্য সভা অসমীয়া ভাষা সাহিত্যৰ শিৰৰ কিৰিতি ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আবুল খায়েৰ আহমেদ, অসম সাহিত্য সভাৰ ভাষা প্ৰয়োগ উপ সমিতিৰ সদস্য ভৱেশ মেধি, সাহিত্যিক পেঞ্চনাৰ সুশীল বৰা, শিক্ষাবিদ দধিমোহন বৰা, দেবেন শইকীয়া, জীৱন বৰা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, জিলা কোষাধাক্ষ্য কুমুদ বৰা, আকাশ উপ সমিতিৰ আহ্বায়িকা স্বপ্না কলিতা, জিলা পত্ৰিকা উপ সমিতিৰ সহযোগী সম্পাদক কল্যাণ কুমাৰ বৰা, জামুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী কৰবী লিগিৰা, সম্পাদিকা অৱন্তী দেৱী, জিলা কাৰ্যনিৰ্বাহক প্ৰিয় কুমাৰ নাথ, নন্দেশ্বৰ নাথ,  জাজৰি শাখা সাহিত্য সভাৰ জ্যেষ্ঠ বিষয়-ববীয়া বক্তৰ হুছেইন, চফিকুল হক, মনোজ মহন্ত , হেমন্ত খাটনিয়াৰ, আচফিয়া চুলতানাকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে ৷ সভাৰ মাজতে “অসম গৌৰৱ সন্মান” বঁটাপ্ৰাপক জাজৰিৰ বিশিষ্ট সাহিত্য-সংস্কৃতিৰ সংগঠক নৰেন ডেকাক বিশেষভাৱে নগাঁও জিলা আৰু জাজৰি শাখাৰ তৰফৰ পৰা উষ্ম  সম্বৰ্ধনা জনোৱা হয় ৷ সভাত কবি মহেন্দ্ৰ হাজৰিকা আৰু বিহুৰাম বৰদলৈয়ে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষত কবিতা পাঠ কৰে ৷ মুকলি সভাৰ আগে আগে জাজৰি উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ প্ৰাংগনত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় ৷ উক্ত অনুষ্ঠানত বিশিষ্টা লেখিকা বিনু লস্কৰ ঠাকুৰীয়াকে ধৰি ৰহাৰ সূৰ্যৱতী শাখাৰ ৩০ গৰাকী মহিলা সদস্যাই অংশ লয় ৷ ইফালে, জিলা সাহিত্য সভাৰ অন্তৰ্গত চকলাঘাট শাখা, ধিং শতদল শাখা, উপাসনা শাখা, শিঙিয়া পাঠৰী শাখা, বৰাপানীপৰীয়া শাখা, মৰিকলং শাখা আদিয়েও শাখা ভিত্তিক প্ৰতিষ্ঠা দিৱস পালন কৰে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা