ফেচবুক গ্ৰুপ 'জোনবাই'ৰ মহানুভৱতা≈≈আৰ্তজনক আগবঢ়ালে আৰ্থিকভাবে সহায়ৰ হাত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ডিচেম্বৰঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া বুলি ক'লে একাংশ লোকে প্ৰথমে ইয়াৰ ঋণাত্মক দিশৰ কথাহে আঙুলিয়াই দি সমালোচনাত মুখৰ হৈ পৰে যদিও ইয়াৰ যে বহু ধনাত্মক দিশ আছে তাৰ কথা পাহৰি যায় ৷ কিয়নো বহু সময়ত জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং চাইড ফেচবুকত গঠিত গ্ৰুপে সময়ে সময়ে বিভিন্ন সামাজিক কৰ্মৰাজি সম্পাদন কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ অন্যতম উদাহৰণ হৈছে ফেচবুক গ্ৰুপ- 'জোনবাই'। উল্লেখ্য, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিপলিং কচুৱা গাঁও নিবাসী অতি দৰিদ্ৰ পৰিয়ালৰ ৰাম পাঠক আৰু গীতালি বৰুৱা পাঠকৰ একমাত্ৰ দহমহীয়া পুত্ৰ বিশ্বজিৎ পাঠক এক দুৰাৰোগ্য ৰোগত (Hirschiprungs) চলিত বৰ্ষৰ যোৱা জানুৱাৰী মাহৰ আক্ৰান্ত হয়। শিশুটিৰ চিকিৎসাৰ বাবে অভিভাৱকে ঘৰৰ মাটি বিক্ৰি কৰি দুটাকৈ অস্ত্ৰোপচাৰ কৰে যদিও শিশুটো সুস্থ হৈ নুঠিল। পিছত চিকিৎসকে শিশুটো সুস্থ কৰি তুলিবলৈ আৰু এটি অস্ত্ৰোপচাৰৰ প্ৰয়োজনৰ কথা কোৱাত দুৰ্ভগীয়া পৰিয়ালটো কিংকৰ্তব্যবিমূঢ়ত পৰে ৷ কিয়নো এইটো অস্ত্ৰোপচাৰৰ খৰচ প্ৰায় লক্ষাধিক টকা । এনে অৱস্থাত পূৰ্বৰ অস্ত্ৰোপচাৰৰ বেলিকা সৰ্বস্বান্ত হৈ পৰা শিশুটিৰ পৰিয়ালে উপায়হীন হৈ বিষয়টো 'জোনবাই' গ্ৰুপৰ এডমিন উজ্জ্বল ভাগৱতীক জনোৱাত তেওঁ গ্ৰুপৰ সদস্যা সুৰভি ডেকাৰ লগত আলোচনা কৰি বিষয়টো প’ষ্ট আকাৰে গ্ৰুপত প্ৰচাৰ কৰে। তাৰে পৰিপ্ৰেক্ষিতত গ্ৰুপৰ ভালেমান সদস্য-সদস্যাই আৰ্থিক অনুদান আগবঢ়াই যোৱা ২৭ ডিচেম্বৰত শিশুটিৰ ঘৰত গৈ বিশ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। উক্ত অনুষ্ঠানত গ্ৰুপৰ আন এগৰাকী এডমিন ৰজী হাজৰিকাৰ লগতে সক্ৰিয় সদস্য মৃদুপৱন(মুন) বৰা, কুনাল প্ৰতিম চৌধুৰী, কমল ডেকা, ৰূপজ্যোতি শৰ্মা, অত্ৰি কুমাৰ পাৰ্থ প্ৰতিম,শৰৎ মাইনা কটকী, সুৰভি ডেকা আৰু শিৰোমনি হাজৰিকা উপস্থিত থাকি সাহায্য প্ৰদান কৰে। জোনবাইৰ এই প্ৰশংসনীয় পদক্ষেপক সকলোৱে শলাগ লৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা