দেউৰিগাঁও নাট্য মন্দিৰত বিজেপিৰ পাখিমৰীয়া মন্ডল যুৱ মৰ্চাৰ সভা সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ ডিচেম্বৰঃ বিজেপিৰ যুৱ মৰ্চাৰ পাখিমৰীয়া মণ্ডলৰ এখন ৰাজহুৱা সভা নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দেউৰী গাঁও নাট্য মন্দিৰ চৌহদত শনিবাৰে অনুষ্ঠিত হয় । বিজেপিৰ পাখিমৰীয়া মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি অৰ্ণৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত অংশ গ্ৰহন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়--"বিজেপি একমাত্ৰ দল যিয়ে সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে কাম কৰি আহিছে । যাৰ বাবে এতিয়া সকলো ৰাইজৰ বিজেপিৰ প্ৰতি আস্থা বাঢিছে । ২০২১ ত পুনৰ বিজেপি দলে চৰকাৰ গঠন কৰিব বুলি লগতে তেওঁ মন্তব্য কৰে । সভাত বিজেপিৰ যুৱ মৰ্চাৰ নগাওঁ শাখাৰ সুন্দৰ শৰ্মা, চ’চিয়েল মিডিয়াৰ তত্বাৱধায়ক পলাশ লাহন, বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰনৱ বৰা, পাখিমৰীয়া মণ্ডলৰ জ্যেষ্ঠ নেতা ঘন দাস, পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন দাস, যুৱ মৰ্চাৰ জিলা সম্পাদক সাগৰ বৰা, দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈ, দেওঁধৰ গাঁও পঞ্চায়তৰ সভাপতি মৃদুল ফূকন, পাখিমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি নিপুল শৰ্মাকে ধৰি তিনি শতাধিক যুৱ নেতা-কৰ্মী উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা