Posts

Showing posts from April, 2020

বঙাইগাওৰ মীনা বিশ্বকৰ্মাৰ সান্নিধ্যলৈ অহা সৰভোগ এচ বি আইৰ কেচিয়াৰ নাৰায়ণ  পাঠক, এচিষ্টেন্ট মেনেজাৰ চানথামা বি আৰু তেওৰ স্বামী সুৰুপ দে ক হস্পিতাল কোৱাৰেন্টাইনলৈ

Image
# বঙাইগাওৰ মীনা বিশ্বকৰ্মা নামৰ কভিড পজেটিভ মহিলা গৰাকীৰ সান্নিধ্যলৈ অহা সৰভোগৰ ছয় পুৰুষ মহিলাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কোৱাৰেনন্টাইনলৈ প্ৰেৰণ ৷   # ২৭ এপ্ৰিলত সৰভোগৰ ষ্টেট বেংকলৈ আহিছিল মীনা বিশ্বকৰ্মা ৷ # সৰভোগৰ এচ বি আইৰ কেচিয়াৰ নাৰায়ণ  পাঠক, এচিষ্টেন্ট মেনেজাৰ চানথামা বি ৷ আৰু তেওৰ স্বামী সুৰুপ দে ক হস্পিতাল কোৱাৰেন্টাইন ৷ # আনহাতে শিবু দে তেওৰ পত্নী দুৰ্গা ছেত্ৰী আৰু জীয়ৰী সুমিতা দে ক ও হস্পিতাল কোৱাৰেনন্টাইনলৈ প্ৰেৰণ ৷ #  আত্মীয়তাৰ সুত্ৰে শিবু দেৰ ঘৰলৈ ও গৈছিল মীনা বিশ্বকৰ্মা ৷

জামুগুৰিহাটত বৌদ্ধিক বিকাশ কেন্দ্ৰৰ উদ্যোগত অনলাইনযোগে অনুষ্ঠিত বৰগীতৰ ফলাফল ঘোষণা

Image
#জামুগুৰিহাটত বৌদ্ধিক বিকাশ কেন্দ্ৰৰ উদ্যোগ৷ #অনলাইনযোগে অনুষ্ঠিত বৰগীতৰ ফলাফল ঘোষণা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ এপ্ৰিল :  দেশত চলি থকা লকডাউনৰ বাবেই ঘৰতেই সকলো ব্যস্ত হৈ পৰিছে নানান সৃষ্টিশীল কৰ্মত৷তাৰমাজতে আকৌ বিদ্যালয় মহাবিদ্যালয় সমুহৰ পাঠদান সমুহো বন্ধ হৈ পৰাত ম’বাইলতে অনলাইন ব্যৱস্থাৰ জৰিয়তে আৰম্ভ হৈছে শিক্ষণ ঘাটি পুৰণৰ চেষ্টা৷লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলোৰে বাবেই সেয়ে ম’বাইলটো হৈ পৰিছে বৰ্তমান সময়ত এক এৰাব নোৱাৰা সম্পদ৷জামুগুৰিহাটৰ বৌদ্ধিক বিকাশৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান বৰহমপুৰস্থিত বীনাপানি বৌদ্ধিক বিকাশ কেন্দ্ৰই তেঁওলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনলাইনযোগে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা বৰগীত প্ৰতিযোগীতাৰ ফলাফল ঘোষণা কৰিছে৷লকডাউনৰ পৰিপ্ৰেক্ষিতত গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত প্ৰতিযোগীতাখনি জামুগুৰিহাটত অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে অনলাইনযোগেই যোৱা ১২ এপ্ৰিলৰপৰা ২৭ এপ্ৰিললৈ এই প্ৰতিযোগীতা অনুষ্ঠিত হৈছিল৷“ক”,“খ”  আৰু “গ” তিনিটা ভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনিত সৰ্বমুঠ ৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷ঘোষিত ফলাফল অনুসৰি “ক” শাখাত প্ৰথম স্থান অধিকাৰ কৰে বৰ্ষাগ্নী ডেকা(বোক

ৰঙিয়াত প্ৰশাসনৰ আগতীয়া বান সতৰ্কতা সভা

Image
ক'ৰনা ভাইৰাচৰ পৰিপ্ৰক্ষিতত  বান সাহাৰ্য্যৰ বাবে বিশেষ পৰ্য্যালোচনা প্ৰতিবেদক, ৰঙিয়া, ৩০ এপ্ৰিল: অসম ৰাজ্যিক  দুৰ্য্যোগ  ব্যৱস্থাপনা প্ৰাধিকৰণে  ক'ৰনা ভাইৰাচ সংক্ৰমণৰ লগতে ৰাজ্যত  আগন্তুক বানপানীৰ প্ৰতি দৃষ্টি ৰাখি যুগুতাই উলিওৱা নীতি-নিৰ্দেশনাৰ নব্য সংস্কৰণ অনুযায়ী আজি ৰঙিয়া মহকুমা প্ৰশাসনে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে । ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সঞ্চালনাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ক'ৰনা ভাইৰাচ সংক্ৰমণৰ সামগ্ৰিক  পৰিস্থিতিৰ ওপৰত পৰ্য্যালোচনা কৰি বান সাহাৰ্য্য শিবিৰ স্থাপনৰ বিষয়ে চৰকাৰী নীতি-নিয়ম সমূহ বিস্তৃত ভাৱে দাঙি ধৰা হয় । সভাত ৰঙিয়া, কমলপুৰ আৰু কঞাঁ ৰাজহ চক্ৰ বিষয়াত্ৰয় ক্ৰমে মনালী জৈন, ডo অংকিতা শৰ্মা আৰু মনিকংকণা ভট্টাচাৰ্য্য, মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথ, মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথ, ৰঙিয়া পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ চম্পক ডেকা, কামৰূপৰ কাৰ্য্যবাহী দণ্ডাধীশ অপ্ৰতীম গোস্বামী,  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চৈয়দ চফিকুল

বৰপেটাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত বিনামূলীয়া মাস্ক বিতৰণ:

Image
বৰপেটাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত বিনামূলীয়া মাস্ক বিতৰণ: গ্ৰামীণ জীবিকা অভিযানৰ সুলভ বিক্ৰি কেন্দ্ৰ মুকলি | কঞ্জল দাস, বৰপেটা, ৩০ এপ্ৰিল :: অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, বৰপেটাৰ উদ্যোগত আৰু আত্মসহায়ক গোটৰ সহযোগত আজি বৰপেটা চহৰত বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ নগৰ প্ৰকল্প পৰিচালনা খণ্ড, বৰপেটা পৌৰসভা আৰু আত্মসহায়ক গোটৰ দ্বাৰা তৈয়াৰী এই মুখবন্ধ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ কোভিড১৯ ৰ সেৱাত নিয়োজিত আৰক্ষী, স্বেচ্ছাসেৱক, সংবাদ কৰ্মীৰ লগতে সাধাৰণ ৰাইজক এই মাস্ক প্ৰদানৰ লক্ষ্যৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ মাক্স বিতৰণ কাৰ্যসূচীত জিলা উপায়ুক্তৰ লগতে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অসম নগৰীয়া জীৱিকা অভিযানৰ নগৰ প্ৰকল্প পৰিচালক মিন্তু পাঠক আৰু অন্যান্য কৰ্মী আৰু আত্মসহায়ক গোটৰ কিছু সদস্যা উপস্থিত থাকে ৷ ইফালে অসম গ্ৰামীন জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সহযোগত কৰ'না প্ৰতিৰোধৰ অংশ হিচাপে কালি  জিলা সদৰৰ ৰাইনো ক্লাৱত এটি মাস্ক বিপনন কেন্দ্

মাজুলীত ল'ক ডাউন প্ৰভাৱিত কৃষি-সহযোগী খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৃষিমন্ত্ৰী অতুল বৰাৰ

Image
মাজুলীত ল'ক ডাউন প্ৰভাৱিত কৃষি-সহযোগী খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৃষিমন্ত্ৰী অতুল বৰাৰ, গাহৰিৰ মৃত্যুক লৈ আলোচনা, উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱে কৰা ষ্ট্ৰ'বেৰীৰ খেতি পৰিদৰ্শন: পৰাণজ্যোতি বৰা,মাজুলী, ৩০ এপ্ৰিল:   ক'ভিড-১৯ৰ বাবে বলৱৎ হৈ থকা দেশজোৰা ল'ক ডাউনৰ বাবে প্ৰভাৱিত হোৱা ৰাজ্যৰ কৃষি খণ্ডক পুণৰুজ্জীৱিত কৰিবলৈ প্ৰয়োজনীয় সকলো জৰুৰী কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে কৃষি বিভাগে। কৃষি আৰু সংলগ্ন খণ্ডৰ বাবে ল'ক ডাউনৰ নিয়মাৱলী শিথিল কৰাৰ পাছত মাজুলী জিলাত কৃষিখণ্ড আৰু পশুপালন সম্পৰ্কীয় শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ আজি নদীদ্বীপ জিলাখনলৈ আহি ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই স্থানীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে। মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ছুৱাইন ফিভাৰ জাতীয় ৰোগত যথেষ্ট সংখ্যক গাহৰিৰ মৃত্যু ঘটাৰ বিষয়টোও ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই ৰোগ প্ৰতিৰোধৰ বাবে বিভাগীয় পশুচিকিৎসক তথা বিশেষজ্ঞসকলে ক্ষেত্ৰভিত্তিক পৰীক্ষণেৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে। বৃহস্পতি বাৰে দুপৰীয়া নিমাতীঘাট হৈ ফেৰীৰে মাজুলীত আহি উপস্থিত হোৱা কৃষি আৰু পশুপালন মন

বিধায়িকা অজন্তা নেওগৰ উদ্যোগত ঐতিহাসিক আঠখেলীয়া নামঘৰত চেনিটাইজ

Image
গোলাঘাট,৩০ এপ্ৰিল : আজি অসমৰ ভক্তপ্ৰাণ ৰাইজৰ  প্ৰাণস্বৰূপ গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত কৰা হ'য়  চেনিটাইজাৰ।  ঈশ্বৰ  আৰাধনাৰ কেন্দ্ৰস্থল এই  নামঘৰভাগিত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে গ্ৰহণ কৰিলে এই পদক্ষেপ। চৌহদটো পৰিষ্কাৰ তথা বীজাণু মুক্ত কৰিবৰ বাবে গোলাঘাট  কংগ্ৰেছৰ যুৱকৰ্মী সকলে ললে আগভাগ। উক্ত কাৰ্যসূচী সফল কৰিবলৈ নামঘৰ পৰিচালনা সমিতি আৰু পি  এইচ ই বিভাগেও সহযোগ কৰে।আজিৰ এই কাৰ্যসূচীত বিধায়িকা গৰাকীয়ে নিজৰ ঘৰৰ চৌহদ আৰু ৰাজহুৱা অনুষ্ঠান - প্ৰতিষ্ঠানৰ চৌহদ সমূহো পৰিষ্কাৰ আৰু বীজাণু মুক্ত কৰি ৰাখিবলৈ লগতে সকলোকে মাস্ক আৰু হেণ্ডগ্ল'ভছ পৰিধান কৰিবলৈ আহ্বান জনায়। ইয়াৰপৰি এম পি ,এ এল এ ফাণ্ডৰ  ৪৫ লাখ টকাৰে নিৰ্মিত ৰাজহুৱা ভৱনৰ কাম - কাজৰ বুজ লৈ নিৰ্মাণ সমিতিক আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

কালিপুৰ, কামাখ্যা, বৰাগাওঁ, জু-ৰোড , ফটাশিল আমবাৰীত আনন্দ নিকেতন ট্ৰাষ্টৰ মাস্ক বিতৰণ

Image
পঙ্কজ নাথ, চাংসাৰি, ৩০ এপ্ৰিল : বিশ্বত কৰ'ণা ভাইৰাছ  মহামাৰী সংকটৰ বাবে গোটেই ভাৰতবৰ্ষত লকডাউন চলি আছে । এই লকডাউনৰ সময়ত দৰিদ্ৰ জনৰ সহায়ৰ বাবে গুৱাহাটীৰ কালিপুৰৰ আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰবী আশ্ৰমে  নানা ধৰনৰ সামাজিক উন্নয়ন মুলক কাম কৰি আহিছে, আজিওঁ এই লকডাউনৰ সময়ত আনন্দ নিকেতন ট্ৰাষ্ট ৰ ফালৰ পৰা  গুৱাহাটী মহানগৰৰ  কালিপুৰ, কামাখ্যা, বৰাগাওঁ, জু-ৰোড , ফটাশিল আমবাৰী আদি ঠাইত স্থানীয় লোকৰ  লগতে কিছুমান ভাৰাঘৰত থকা লোকসকলক প্ৰাই দুই শ পৰিয়ালক  মাস্ক যোগান ধৰা হয় । আনন্দ নিকেতন ট্ৰাষ্টৰ মনোজ কলিতা , ট্ৰাষ্টৰ কাৰ্য্যকৰী সদস্য ড০ পৱন তিৱাৰী আৰু চান্সিৰাম পায়েংৰ লগতে ভৈৰবী আশ্ৰমৰ প্ৰমুখ চন্দন দেবনাথৰ উপৰিও ইয়াৰ বহুতো কাৰ্য্যকৰ্তাই উক্ত মাস্ক বিতৰণ কৰে । এই মাস্ক গ্ৰহণ কৰিব অহা লোকসকলক কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰি ইয়াৰ বিষয়ে ধুনীয়াকৈ আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰমুখ মনোজ কলিতাই  বুজাই দিয়ে আৰু লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ কৰে বুলি জানিব পৰা গৈছে।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া অসুস্থ

Image
কঞ্জল দাস,বৰপেটা ৩০ এপ্ৰিল : বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস অসুস্থ ৷ যোৱা ১৪ এপ্ৰিলৰ পৰা পিঠিৰ বিষত ভূগি থকাৰ পিছত বৰপেটাত চিকিৎসা কৰা হৈছিল যদিও আৰোগ্য নোহোৱাত কালি উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীলৈ নিয়ে  আৰু আজি গুৱাহাটীৰ গনেশগুৰিস্থিত এপলো (ইণ্টাৰনেচনেল) হস্পিতালত ভৰ্তি কৰা হৈছে ৷ সম্পতি ডেকা সত্ৰীয়া দাসক আই চি ইউত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ ডেকা সত্ৰীয়া দাস  অসুস্থ হৈ পৰাৰ খবৰে বৰপেটাবাসীক মৰ্মাহত কৰি তুলিছে ৷ বৰপেটা সত্ৰৰ ভকত- আইসকলৰ উপৰি , বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসম , শংকৰদেৱ শাস্ত্ৰ অধ্যায়নাগাৰ , শংকৰদেৱ কলা ক্ষেত্ৰ বৰপেটাকে প্ৰমুখ্য কৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে ৷আজি পুৱা ১০- ৩০ বজাত জানিব পৰা মতে কালিতকৈ আজি কিছু সুস্থ ৷ কালি নিশা সত্ৰীয়া বাপজনাক ভেণ্টিলেচনত থব লগা অৱস্থাৰ সৃষ্টি হৈছিল যদিও চিকিৎসকৰ চেষ্টাত  সেই পৰ্যায় নাপালে ৷ তেখেতৰ হাওঁফাওঁত পানী জমা হৈছে ৷ কালি নিশালৈকে অক্সিজেন ৮০ তকৈও বহুত কম পাইছিল ৷ আজি ৯০ পৰ্যন্ত পাইছে  ৷ কালি হৃদস্পন্দন ১১৫ আছিল আজি ১১৪ হৈছে। ইপিনে চুগাৰ বহু থকাত ইনচুলিন দি থকা হৈছ

গুৱাহাটী প্ৰেছ ক্লাবত আজমল ফাউণ্ডেচনৰ খাদ্য সামগ্ৰী বিতৰণ

Image
ষ্টাফৰিপোৰ্টাৰ, ৩০ এপ্ৰিল ::  কৰ'না ভাইৰাছৰ বাবে চৰকাৰে আহ্বান জনোৱা লকডাউনৰ সময়ত সম্প্ৰতি বহু সাধাৰন নাগৰিকৰ লগতে সংবাদ মাধ্যমৰ লোক সকলো সমস্যাৰ সন্মূখিন হৈছে ৷ এনে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুঠ দুশটা খাদ্য সামগ্ৰীৰ টোপোলা  বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ পৰিয়াললৈ  আজমল ফাউণ্ডেচনে আগবঢ়ায় ৷ আজমল ফাউণ্ডেচনৰ  শৈক্ষিক সঞ্চালক প্ৰাক্তন কৰ্নেল চমিৰ কাঞ্জিলাল আৰু হাইদৰ হুছেইন বৰাই গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হৈ আনুষ্ঠানিক ভাৱে প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ, সম্পাদক সঞ্জয় ৰায় তথা প্ৰেছ ক্লাৱৰ বিষববীয়া  হাতত এই খাদ্য সামগ্ৰীৰ টোপোলা অৰ্পন কৰে ৷ এই কাৰ্যসুচীত উপস্থিত থকা চমিৰ কাঞ্জিলালে তেওঁৰ বক্তব্যত কয়  - "আজমল চি এচ আৰৰ চি ই অ মৌ বদৰুদ্দিন আজমল আৰু ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলে এই লকডাউনৰ সময়ত  বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সকলৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰে ৷ সেই অনুসৰি প্ৰতিটো পৰিয়াললৈ চাউল ১৫ কেজি, দাইল ২কেজি,মিঠাতেল ১ লিটাৰ,চেনী ২ কেজি গুটা বুট ২ কেজি, বিস্কুত ২পেকেট আৰু,চাবোন ৫ ডোখৰকৈ খাদ্য সামগ্ৰীৰ একোটাকৈ ট

অসম আৰোগ্য নিধিলৈ গৌৰীপুৰৰ স্মৃতি গ্ৰাম্য সংগঠনৰ অনুদান

Image
অসম আৰোগ্য নিধিলৈ গৌৰীপুৰৰ স্মৃতি গ্ৰাম্য সংগঠনৰ অনুদান । পঙ্কজ নাথ, চাংসাৰি, ৩০ এপ্ৰিল : স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাৰ আহ্বান ক্ৰমে ভয়াৱহ কৰ'না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত জয়ী হ'ৱলৈ ৰাজ্যৰ অগণন জনতাই 'অসম আৰোগ্য নিধিলৈ ' আগবঢ়াইছে সহায়ৰ হাত । তাৰেই পৰিপ্ৰেক্ষিতত জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ সমীপৱৰ্তী গৌৰীপুৰৰ আত্মসহায়ক গোটৰ দ্বাৰা গঠিত স্মৃতি গ্ৰাম্য সংগঠনে আৰাধ্য নিধিলৈ আগবঢ়াইছে ১০০০০/- টকাৰ অনুদান । স্মৃতি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মুন দাসে উক্ত ধনখিনি চেক যোগে বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰীৰ হাতত অলপতে প্ৰদান কৰি কৰ'না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুজঁ খনত চৰকাৰক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । ইতিমধ্যে বিশিষ্ট সমাজকৰ্মী মুন দাসৰ নেতৃত্বত আৰ্তজনলৈ খাদ্য সাহায্য আগবঢ়োৱাৰ লগতে উত্তৰ গুৱাহাটী, গৌৰীপুৰ, চাংসাৰি আৰু বাইহাটা চাৰিআলিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গামোচাৰে তৈয়াৰী মাস্ক বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

অসম আৰোগ্য নিধিলৈ গৌৰীপুৰৰ স্মৃতি গ্ৰাম্য সংগঠনৰ অনুদান

Image
পঙ্কজ নাথ, চাংসাৰি, ৩০ এপ্ৰিল : স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাৰ আহ্বান ক্ৰমে ভয়াৱহ কৰ'না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত জয়ী হ'ৱলৈ ৰাজ্যৰ অগণন জনতাই 'অসম আৰোগ্য নিধিলৈ ' আগবঢ়াইছে সহায়ৰ হাত । তাৰেই পৰিপ্ৰেক্ষিতত জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ সমীপৱৰ্তী গৌৰীপুৰৰ আত্মসহায়ক গোটৰ দ্বাৰা গঠিত স্মৃতি গ্ৰাম্য সংগঠনে আৰাধ্য নিধিলৈ আগবঢ়াইছে ১০০০০/- টকাৰ অনুদান । স্মৃতি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মুন দাসে উক্ত ধনখিনি চেক যোগে বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰীৰ হাতত অলপতে প্ৰদান কৰি কৰ'না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুজঁ খনত চৰকাৰক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । ইতিমধ্যে বিশিষ্ট সমাজকৰ্মী মুন দাসৰ নেতৃত্বত আৰ্তজনলৈ খাদ্য সাহায্য আগবঢ়োৱাৰ লগতে উত্তৰ গুৱাহাটী, গৌৰীপুৰ, চাংসাৰি আৰু বাইহাটা চাৰিআলিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গামোচাৰে তৈয়াৰী মাস্ক বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

গোলাঘাট শাখা সাহিত্য সভাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসত শ্ৰদ্ধা নিবেদন

Image
গোলাঘাট শাখা সাহিত্য সভাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসত শ্ৰদ্ধা নিবেদন :  গোলাঘাট,৩০ এপ্ৰিল : -            _________________________      হেমকোষ ৰচি  /                          হেমচন্দ্ৰ হেৰা   /                         ভাষা আকাশৰ জোন , /                স্বদেশ ভাষাত   /                         এনে শব্দকোষ   /                          ভাৰতত ৰচিলে কোন............... সাহিত্য ৰথী ,ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰে ...সোঁৱৰি আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস। ২৪ আঘোণ ১৭৫৭ শকত জন্মগ্ৰহণ কৰা হেমচন্দ্ৰ বৰুৱাৰ মহাপ্ৰয়ান হৈছিল ১৮১৮ শকৰ  ১৭ বহাগৰ আজিৰ দিনটোতে। প্ৰত্যেক বৰ্ষৰ এই বিশেষ  দিনটোত  হেমকোষ প্ৰণেতা বৰুৱা দেৱক গোলাঘাটবাসীয়ে স্মৰণ কৰি আহিছে যদিও এই বৰ্ষত সমগ্ৰ বিশ্বজুৰি কৰ'না মহামাৰীয়ে লকডাউনৰ যোগেদি জনজীৱন স্তব্ধ হৈ পৰাত গোলাঘাটৰ কলেজ তিনিআলিত অৱস্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষমূৰ্তি থলীত এক নিৰ্জনতা বিৰাজ কৰিছে। যদিও সামাজিক দূৰত্বৰ নিয়ম উলংঘন নকৰাকৈ গোলাঘাট শাখা সাহিত্য সভাৰ মুষ্টিমেয় কেইজনমান বিষয় - ববীয়াই অনুষ্ঠুপীয়াকৈ আজি এই হেমকোষ প্ৰণেতালৈ

ব্ৰেকিং : মৰিগাঁৱৰ জিলাৰ ভূৰাগাঁৱৰ ফলিহামাৰী পামত ছুইফট্ ডিজায়াৰৰ খুন্দাt এজন নিহত হয়

Image
Laharighat Breaking......... মৰিগাঁৱৰ জিলাৰ ভূৰাগাঁৱৰ ফলিহামাৰী পামত  ছুইফট্ ডিজায়াৰৰ খুন্দাt  এজন নিহত হয় । থিতাতে নিহত হোৱা লোক জনৰ  নাম  দুলু ডেকা । বৰডোৱা পাঁচ আলিৰ লোক জনে  চাইলেৰে শাক - পাঁচলি লৈ আহি থকা সময়ত AS-21H-2776 নম্বৰৰ ৰঙা ৰঙৰ ছুইফট্ ডিজায়াৰ বাহন খনে  মহতিয়াই নিয়ে আৰোহী জনক। ------------------------------------------ মৰিগাৱঁৰ পৰা অাফতাপ হুছেইন

কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভৱতা

Image
কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভৱতা  লক ডাউনত গৃহবন্দী সহস্ৰাধিক দুখীয়া শ্ৰমজীৱী পৰিয়ালক সাহায্য প্ৰদান *************************************  ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে  গোটেই দেশখনৰ লগতে আমাৰ ৰাজ্য খনতো চলিছে দীৰ্ঘদিনীয়া লক ডাউন ৷  এই তলা বন্ধৰ  গোৱালপাৰা জিলাৰ কৃষ্ণাইতো পৰিছে ইয়াৰ গভীৰ প্ৰভাৱ ৷ এই দুৰ্যোগৰ দিনত অঞ্চলটোৰ দুৰ্গত জনৰ সহায়ৰ বাবে হাতে কামে লাগি গ’ল কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা ৷ সন্থাৰ সদস্য সকলে বিপৰ্যস্ত লোক সকলক সহায় কৰাৰ মানসেৰে ধাপলি মেলিলে অঞ্চলটোৰ গাঁৱে-ভূঁৱে ৷ কৃষ্ণাই আছুৰ উপদেষ্টা আব্দুল হাই আহমেদ ,মহম্মদ হুছেইন (ছাজু) তথা সমাজ সেৱক ইমৰান হুছেইন (মুন)ৰ তত্ববধানত কৃষ্ণাই আছুৰ ৰাকিব আনছাৰী (সভাপতি) , মানিদুল ইছলাম (উপ সভাপতি), কহিনুৰ ইছলাম( সহঃসাধাৰণ সম্পাদক), গীতাৰ্থ শৰ্মা( উপদেষ্টা ),ছফিক আহমেদ ( উপদেষ্টা ),ৰুহুল আমিন(বাবু)(কাৰ্যালয় সম্পাদক), ফিদ্দুছ আহমেদ ( প্রাক্তন সভাপতি ), আবুল ফজল ইলিয়াচ চৌধুৰী(বিজু)(শুভাকাংক্ষী), বাছিত আহমেদ(শুভাকাংক্ষী ),ছমিৰ আলী (সহঃ সাধাৰণ সম্পাদক) আৰু ৰাজা জুবেৰ আহমেদ (সাংগঠনিক সম্পাদক)ৰ নেতৃত্বত আৰম্ভ হ’ল

নলবাৰীৰ খৈৰাবাৰী কৈৱৰ্ত চুবুৰীত চিপ লৈ এজনৰ আত্মাহত্যা

*নলবাৰীৰ খৈৰাবাৰী কৈৱৰ্ত চুবুৰীত চিপ লৈ এজনৰ আত্মাহত্যা* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ এপ্ৰিল*    নলবাৰীৰ চামতা উন্নয়ন খণ্ডৰ বেলশৰ আৰক্ষী থানাৰ  অন্তৰ্গত খৈৰাবাৰী কৈৱৰ্ত চুবুৰীৰ এজন যুবকে চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা বিবাহিত লোকজনৰ নাম মন্টু দাস (৪০)। জানিব পৰা মতে লোকজনে কালি মাজনিশাৰে পৰা পাৰিবাৰিক কন্দলৰ বাবে ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লোকে তেওঁক বিচাৰ খোচাৰ কৰিও কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যদিও পিছত আজি ৰাতিপুৱা স্থানীয় লোকে ঘৰৰ ওচৰৰে এডাল গছত চিপ লৈ আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে।পিছত স্থানীয় বেলশৰ  আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

গুৱাহাটী আই আই টি য়ে নিৰ্মাণ কৰি উলিয়াইছে ক'ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ইণ্টিউবেছন বক্চ

Image
।  পঙ্কজ নাথ, চাংসাৰি, ২৯ এপ্ৰিল : সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ'ণা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে। অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টি বায়' চাইঞ্চ বিভাগৰ ছাত্ৰৰদ্বাৰা ক'ভিড-১৯ ৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ইন্টিউবেছন বক্চ। বৰ্তমান এইমছ্কে ধৰি দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত পৰিক্ষামুলক ভাবে ব্যৱহাৰ কৰা হৈছে এই বক্চ। ভেন্টিলেটৰত ৰাখি ৰোগীক চিকিৎসা কৰাৰ সময়ত ই সহায়ক হয়। ইন্টিউবেছন বক্চ ভিতৰত ৰাখি চিকিৎসা আৰম্ভ কৰিলে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ভয় হ্ৰাস পায়। কাৰণ ইয়াৰ ফলত কাহিলে বতাহত হাঁচিয়াওতে ই বস্কৰ ভিতৰতে আবদ্ধ হব। গুৱাহাটী আই আই টিৰ বায়' চাইঞ্চ বিভাগৰ উমঙ মাথুৰে জানিবলৈ দিয়া মতে এই বক্চ সমূহ ১০০% সুৰক্ষিত। আন এগৰাকী গৱেষক মেকানিকেল ইঞ্জিনিয়াৰিংৰ ছাত্ৰ সনচিত জুনজুনৱালাই সদৰি কৰা তথ্য অনুসৰি প্ৰতিষ্ঠানটোৰ ছজনীয়া গৱেষকৰ দলটোৰ আন চাৰিজন সদস্য প্ৰাতিক মনছা, ব্ৰিচাংক ভৰদ্বাজ, ভিগনেশ কুমাৰ শুবেটাংক পানবাৰে এই বক্চটো নিৰ্মাণ কৰি উলিয়াইছে। ইয়া

Public health groups applaud GOI for banning of sale of tobacco products and spitting while urging people to quit tobacco*

Image
Guwahati, April 29: Public health experts have welcomed the timely move by Government of India to ban the use of tobacco products and spitting in public places with the aim to prevent the spread of coronavirus. Ministry of Health & Family Welfare has issued directions to all states and union territories, to prohibit the use and spitting of chewing  tobacco products  in public places to prevent the spread of the novel coronavirus. Chewing tobacco products like gutka,khaini, paan masala and areca nut (supari) increases the production of saliva leading to the urge to spit. Spitting in public places can enhance the spread of the COVID-19 virus.  Indian Council of Medical Research (ICMR) has also appealed to Indians to not consume and spit smokeless tobacco products in public places to check the spread of the COVID19 virus.   Over 20 states & 3 Union Territories have already banned the use of smokeless tobacco products and spitting in public places during the COVID-19 ep

লকডাউনত সৃষ্টিশীলতাত সময় উদযাপন কাজিৰঙাৰ চিত্ৰশিল্পী

Image
লকডাউনত সৃষ্টিশীলতাত সময় উদযাপন কাজিৰঙাৰ চিত্ৰশিল্পী পাপু ঘোষৰ তুলিকাত উদ্ভাসিত হৈছে ন ন জীৱন্ত সৃষ্টি পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা, ২৯ এপ্ৰিলঃ দেশৰ আন জনতাৰ দৰেই চিত্ৰশিল্পী পাপু সম্প্ৰতি লকডাউনত আবদ্ধ৷ কৰ’ণা মহামাৰীৰ ত্ৰাসে জনজীৱন স্তব্ধ কৰিলেও পাপুৰ শিল্পীমন বান্ধি ৰাখিব পৰা নাই৷ জনজীৱনৰ গৃহবন্দীৰ এই সময়চোৱাত কাজিৰঙা নিৱাসী চিত্ৰশিল্পী পাপু ঘোষৰ তুলিকাত উদ্ভাসিত হৈছে ন ন জীৱন্ত সৃষ্টি৷ যেন সৃষ্টিৰ তাড়নাতে পুনৰ জন্ম হৈছে সদাব্যস্ত চিত্ৰ শিল্পী গৰাকীৰ৷ গৃহবন্দীৰ এই সময়ছোৱাত এনেয়ে ঘৰত শুই-বহি সময় অতিবাহিত কৰাৰ বিপৰীতে পাপুৱে প্ৰকৃতিৰ নিভাঁজ ৰূপ আৰু গ্ৰাম্য জীৱনৰ কথকতাক ৰং তুলিকাৰে উদ্ভাসিত কৰি অংকন কৰিছে এলানি চিত্ৰ৷ প্ৰকৃতিৰ বিধ্বংসী ৰূপ লোৱা বৰদৈচিলাৰ তাণ্ডবত দৰিদ্ৰজনৰ ভাঙি যোৱা পঁজাটিৰে সৈতে যি কৰুণতা সেয়াও চিত্ৰত জীৱন্ত ৰূপত অংকন কৰিছে পাপুৱে৷ মনোজগতত থকা প্ৰখৰ অনুভৱে সৃষ্টিৰ মাজেদি শিল্প কৰ্মত প্ৰকাশ পায় প্ৰাণৰ সঞ্চয়। নিৰ্জীৱতাত প্ৰাণ সঞ্চয় কৰা তেনে এজন সংবেদনশীল প্ৰতিষ্ঠিত চিত্ৰ-ভাস্কৰ্য শিল্পী হৈছে কাজিৰঙাৰ পাপু ঘোষ৷ পাপু সাম্প্ৰতিক অসমৰ এজন সৰ্ব পৰিচিত ভাস্কৰ্যশিল

কাজিৰঙাত হাইলেন্ড নিৰ্মাণ : সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ সৈতে আলোচনা

Image
কাজিৰঙা, ২৯ এপ্ৰিল  : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বিশেষকৈ বানপানীৰ সময়ত আশ্ৰয় লৈ থাকিব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাইলেন্ড নিৰ্মাণ কৰা- নকৰা সম্পৰ্কে আলোচনা কৰিবলৈ যোৱা ২৭ এপ্ৰিলত সাংসদ কামাখ্যা প্ৰসাদ তাচা কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ মহীমিৰি আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ , বন সংমন্ডল বিষয়া ৰমেশ গগৈ, সহকাৰী বন সংৰক্ষক ৰিতোপবন বৰা, বনাঞ্চলিক বিষয়া চেলিম আহমেদে, নয়ন জ্যোতি গগৈ , অনাৰেৰি ৱাইল্ড লাইফ ৱাৰডেন্ট উত্তম শইকীয়া,  কাজিৰঙাত কাম কৰি থকা আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া , ভূমিকে আদি কৰি কেইবাটাও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, কাজিৰঙাৰ সাংবাদিক আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰিবলগীযা হাইলেন্ড, বাট পথকে ধৰি আন সমস্যা সম্পৰ্কে আলোচনা কৰা হয় । সাংসদ তাচাই জানিবলৈ দিয়া মতে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী প্ৰকাশ জাবৰেকাৰক বিশেষকৈ কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা চিন্তা কৰি উদ্যানত আৰু হাইলেন্ড নিৰ্মাণ আৰু

সংবাদ মাধ্যমৰ বাতৰিৰ পাছতে বনশ্ৰীৰ বাসগৃহত সাংসদ কামাখ্যা প্ৰসাদ তাছা

Image
সংবাদ মাধ্যমৰ বাতৰিৰ পাছতে বনশ্ৰীৰ বাসগৃহত সাংসদ কামাখ্যা প্ৰসাদ তাছা  কৰ'ণাৰ যুঁজত সহযোগ কৰা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা আৰু বনশ্ৰী গগৈক কৃতজ্ঞতা তাছাৰ পলিমা চেতিয়া,কাজিৰঙা, ২৯ এপ্ৰিলঃ নিজা উদ্যোগত গামোচাৰে মাস্ক তৈয়াৰ কৰি অত্যাৱশ্যকীয় সেৱাৰ লোকক বিনামূলীয়া বিতৰণ কৰা কাজিৰঙাৰ বনশ্ৰী গগৈৰ বাতৰি 'সংবাদ মাধ্যম'ত প্ৰকাশৰ পাছতে সাংসদ কামাখ্যা প্ৰসাদ তাছা বনশ্ৰীৰ বাসগৃহত উপস্থিত হয়৷ সাংসদ তাছাই কয় যে কভিড-১৯ৰ মাৰাত্মক যুঁজত কাজিৰঙাৰ বনশ্ৰীয়ে সহযোদ্ধা হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপে অত্যাৱশ্যকীয় সেৱাৰ স'তে জড়িত আৰক্ষী-প্ৰশাসন তথা সংবাদ মাধ্যমৰ লোকক ধাৰাবাহিক সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত যথেষ্ট মনোবল বৃদ্ধি কৰিব৷ ইপিনে, বনশ্ৰীৰ এই কাৰ্যত যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই বিভিন্ন ধৰণে বনশ্ৰীক সহযোগ আগবঢ়াই এক মহৎ কাৰ্য কৰিছে৷ অদৃশ্য শক্তি কৰ'ণাৰ এই যুঁজত অংশীদাৰত্ব গ্ৰহণ কৰা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা আৰু বনশ্ৰী গগৈলৈ সাংসদ তাছাই কৃতজ্ঞতা প্ৰকাশ কৰে৷ ইপিনে, সাংসদ তাছাৰ স'তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ বনশ্ৰীৰ বাস

সুৰা,গুটখা, ধপাত বিক্ৰীৰ বিৰুদ্ধে ৰঙিয়া মহকুমা প্ৰশাসনৰ ধাৰাবাহিক অভিযান

Image
সুৰা,গুটখা, ধপাত বিক্ৰীৰ বিৰুদ্ধে ৰঙিয়া মহকুমা  প্ৰশাসনৰ ধাৰাবাহিক অভিযান  অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান চিল্ড   প্ৰতিবেদক, ৰঙিয়া, ২৯ এপ্ৰিল: ক'ৰনা ভাইৰাচ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত লক্ ডাউন  অব্যাহত থকাৰ মাজতে সুৰা, গুটখা আৰু ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে ব্যাপক  অভিযান চলাই ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত প্ৰশাসনে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান চিল্ড কৰি দিয়ে ।  আজি প্ৰশাসনে গুটকা বিক্ৰীৰ সময়ত হাতে-লোটে ধৰা পেলাই ৰঙিয়াৰ 'লক্ষ্মী ভাণ্ডাৰ' নামৰ এখন গেলামালৰ দোকান চিল্ড কৰি দিয়ে । অভিযানত দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ গুটকা জব্দ কৰা হয় । অভিযানৰ নেতৃত্ব লোৱা ৰঙিয়া মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথে কয় যে ব্যৱসায়িক প্ৰতিষ্ঠানখনে জনাৰ পিছতো এনে অবৈধ বিক্ৰী কাৰ্য্য চলাইছে । গতিকে এনে অনৈতিক কাৰ্য্যৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । অভিযানত কামৰূপৰ সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামীও উপস্থিত আছিল ।একেদৰে, ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত

উত্তৰ গুৱাহাটী আৰক্ষী জালত দুই গভাইত চোৰ।

Image
পঙ্কজ নাথ, চাংসাৰি, ২৯ এপ্ৰিল : উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত বন্দী হ’ল দুটা দুৰ্ধৰ্ষ চোৰ। লকডাউনৰ সময়ত নিশা কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিছিল ঘৰৰ সমীপৰ নৱজীৱন সংঘত।  চোৰ  কৰিলে বহু সামগ্ৰী ।  চোৰ দুটাই  উত্তৰ গুৱাহাটী পশ্চিম ৰজাদুৱাৰৰ নৱজীৱন সংঘৰ শৰীৰ চৰ্চাৰ বাবে ব্যৱহৃত লোৰ বহু সামগ্ৰী চোৰ কৰি লৈ যাবলৈ সক্ষম হয়। চোৰৰ দুৰ্ভাগ্য নিশা দুয়োকে প্ৰত্যক্ষ কৰে চুবুৰীৰে এজন ব্যক্তিয়ে । সন্দেহৰ ভিত্তিত সংঘৰ কৰ্মকৰ্তা তথা ৰাইজে পশ্চিম ৰজাদুৱাৰৰ অমিয় দাসৰ পুত্ৰ মৃগাংক দাস আৰু মধ্যমখণ্ডৰ অজিত দাসৰ পুত্ৰ পল্লব দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত দুয়ো গভাইত চোৰে সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি দিয়ে।  উত্তৰ গুৱাহাটী আৰক্ষীয়ে স্বীকাৰোক্তিৰ ভিত্তিত  দুয়োকে আটক কৰে । আজি বহুদিনৰ পৰা উত্তৰ গুৱাহাটী বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। চোৰৰ সন্ত্ৰাসত দীৰ্ঘদিনৰ ধৰি অঞ্চলবাসীৰ নিদ্ৰা হৰণ হৈছিল । আজি উত্তৰ গুৱাহাটী আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত  50/2020 u/s u57/380 কেচ পঞ্জীয়ন কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

গোৱালপাৰাৰ টুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুলক খাদ্য খুৱালে ৰাভা হাছঙৰ অধ্যক্ষ চাৰুমোহন ৰাভাই

Image
লকডাউনৰ ফলত কপিকুলও খাদ্য সংকটত ভুগিছে ৷ এয়া গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী টুকুৰাস্থিত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত থকা বান্দৰৰ দৃশ্য ৷ লকডাউনৰ মাজতে টুক্ৰেশ্বৰী দেৱালয়ত উপস্থিত হৈ শ শ কপিকুলক খাদ্য যোগান ধৰিছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাই ৷ ৰাভা হাছঙৰ অধ্যক্ষ গৰাকীয়ে পৰিষদীয় এলেকাত আৰ্তজনক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত থকা কপিকুলৰ খাদ্য নাটনি হোৱাত নিজে উপস্থিত হৈ খাদ্য প্ৰদান কৰে শ শ কপিকুলক ৷ অধ্যক্ষ চাৰুমোহন ৰাভাৰ এনে মহানুভৱতাৰ পদক্ষেপক আদৰি জনায় দেৱালয়ৰ পুৰহিত সকল ৷  উল্লেখ্য যে দেশত লকডাউন ঘোষণা কৰাৰ দিনৰে পৰা টুক্ৰেশ্বৰী দেৱালয়ত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হব নোৱাৰাৰ ফলত কপিকুলৰ খাদ্যৰ নাটনি হৈ আহিছে ৷ কিয়নো ভক্তপ্ৰাণ ৰাইজে মনোবাঞ্চা পূৰণৰ উদ্দেশ্যে প্ৰতিদিনে দেৱালয়ত ভিৰ কৰে আৰু কপিকুলক খাদ্য প্ৰদান কৰে ৷ যাৰ বাবে খাদ্যৰ অভাৱ হোৱা নাছিল দেৱালয়ৰ কপিকুলৰ মাজত ৷ ইয়াৰ মাজতে অৱশ্যে জিলাখনৰ ভিন্ন প্ৰান্তৰ লোকে মাজে মাজে কপিকুলক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়াত সচেতন মহলে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ

লাইভ জামুগুৰিহাট, বি কে মেডিকেলৰ অাৰু বসুন্ধৰা গেছ এজেঞ্চিৰ উদ্যোগ৷শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ

Image
লাইভ জামুগুৰিহাট, বি কে মেডিকেলৰ অাৰু বসুন্ধৰা গেছ এজেঞ্চিৰ উদ্যোগ৷ শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৯ এপ্ৰিল: লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰা লোকসকলৰ কাষত খাদ্য সামগ্ৰীৰ টোপোলা লৈ থিয় দিছে বহু হৃদয়বান লোক৷বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহবানৰ পিছতেই যেন সকলোৱে আৰ্তজনৰ কাষত থিয় হৈ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে৷জামুগুৰিহাটতো নিতৌ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা লৈ আৰ্তজনৰ ওচৰত আহি সহায় কৰিছে বহুজনে৷জামুগুৰিহাটৰ গঠণমুলক বাতৰিৰ লগতে প্ৰতিটো খৱৰ তাৎক্ষণিকভাৱে যোগান ধৰা বাৰ্তাবাহক ফেচবুকৰ এক পৃষ্ঠা “লাইভ জামুগুৰিহাট” আৰু “বি কে মেডিকেল”ৰ স্বত্বাধিকাৰী বিনীত ভূঞা বসুন্ধৰা গেছ এজেঞ্চিৰ স্বত্বাধিকাৰী সত্যব্ৰত বৰুৱাৰ প্ৰচেষ্টাত অঞ্চলটোৰ কেবাঠাইতো খাতি খোৱা তথা দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শতাধিক পৰিয়ালৰ মাজত আলু,পিয়াজ,দালি,মিঠাতেল,চয়াবিন,নিমখ,চাবোনকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰে৷লকডাউনৰ সময়চোৱাত এইদৰে আৰ্তজনৰ কাষত থিয় হৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা লাইভ জামু

জামুগুৰিহাটত পিতৃয়ে লাঠিৰে কোবাই হত্যা কৰিলে পুত্ৰক

Image
  জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড। পিতৃয়ে লাঠিৰে কোবাই হত্যা কৰিলে পুত্ৰক । ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,২৯ এপ্ৰিল:- কালি নিশা জামুগুৰিহাট ত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ জামুগুৰিহাট।৬০বছৰীয়া এগৰাকী পিতৃৰ লাঠীৰ কোবত প্ৰাণ বাযু উৰি গ'ল এগৰাকী ২৭ বছৰীয়া বিবাহিতা পুত্ৰৰ।জামুগুৰিহাটৰ বৰভগীয়া গাওঁৰ সংঘটিত হোৱা এই হত্যাকাণ্ডই অঞ্চলজুৰি চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।গাওঁখনৰ ফুলেশ্বৰ বৰাৰ বৰপুত্ৰ তথা পেচাত এজন গাড়ী চালক ৰবীন বৰাই(২৭) আন দিনাৰ দৰে কালি নিশাও মদ্যপ্ৰাণ কৰি নিজৰ গৃহত প্ৰৱেশ কৰাৰ পিছতে ঘৰুৱা কিবা কথাক লৈ পিতৃৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।আৰু পিচত এই তৰ্কাতৰ্কি মাৰপিটলৈ ৰূপান্তৰিত হয়। ইয়াৰ মাজতেই পিতৃ ফুলেশ্বৰ বৰাই পুত্ৰ ৰবীনক পিছফালৰ পৰা এডাল লাঠিৰে মূৰত প্ৰচণ্ড জোৰৰে প্ৰহাৰ কৰে।পিতৃৰ লাঠিৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰা ৰবীনক উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইতিমধ্যে চিকিৎসকে ৰবীনক মৃত ঘোষণা কৰে।ইফালে আজি পুৱা ঘটনাস্হলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ হত্যাকাৰী পিতৃ ফুলেশ্বৰ বৰাক জামুগুৰি আৰক্ষী থানালৈ লৈ অনাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে

জামুগুৰিহাটত চিকিৎসক,আৰক্ষী,সাংবাদিকক ৰক্তদাতাৰ মাস্ক,চেনিটাইজাৰ প্ৰদান

Image
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৮ এপ্ৰিল : তেজপুৰস্থিত অগ্ৰণী বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণ ৰক্তদাতা আৰু অনলাইন প্ৰতিস্থান নেক্সট দোকানৰ উদ্যোগত আজি জামুগুৰিহাটত জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক,চিকিৎসা কৰ্মী,আৰক্ষী,সাংবাদিকৰ লগতে বেংক কৰ্মচাৰী আৰু কিছুসংখ্যক সাধাৰণ লোকৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়৷বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰপৰা ৰক্ষা পাবৰ বাবে আজি জামুগুৰিহাটত বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণটোৱে এই সামগ্ৰীসমুহ প্ৰদান কৰে৷বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণটোৰ সম্পাদক পৱন কুমাৰ নাথৰ নেতৃত্বত অহা সংগঠণটোৰ সদস্যসকলে জামুগুৰিহাটৰ কুসুমটোলাৰ নিলগৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সীমা দিকৰাই দলংৰ কাষতে কৰ’না ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া তথা  কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক,চিকিৎসা কৰ্মী,আৰক্ষী আৰু সাংবাদিকসকলক গামোছা পিন্ধাই উৎসাহিত কৰাৰ লগতে মাস্ক আৰু চেনিটাইজৰ প্ৰদান কৰে৷ইয়াৰ পিছতেই ৰক্তদাতাৰ সদস্যসকলে চতিয়াস্থিত নদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীসকল আৰু চতিয়া গ্ৰামীণ বিকাশ বেংকত শাৰী পাতি থকা গ্ৰাহক আৰু বেংক কৰ্মচাৰীসকলক এই সামগ্ৰী

সৰুপেটাৰ ক'ৰোণাত আক্ৰান্ত চি আৰ পি এফ জোৱানৰ মৃত্যু

Image
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ এপ্ৰিলঃ  বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোণা ভাইৰাছত আক্ৰান্ত হৈ দিল্লীত কৰ্মৰত ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত সৰুপেটাৰ বড়বৰীৰ নিবাসী ৩১ নং বেটেলিয়নৰ চি আৰ পি এফ জোৱান ইক্ৰাম হুছেইনৰ মৃত্যু হয়। দিল্লীত কৰ্তব্যৰত অৱস্থাত থকা জোৱানগৰাকী যোৱা ২৩ এপ্ৰিলত ক'ভিড-১৯ ত প'জিটিভ চিনাক্ত হৈছিল আৰু যোৱা নিশা দিল্লীৰ ছফৰজং চিকিৎসালয়ত ইক্ৰাম হুছেইনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিব পাৰে৷ উক্ত খবৰ পোৱাৰ পাছতেই অঞ্চলটোত শোকৰ ছাঁ বিয়পি পৰে৷ ইপিনে, জোৱান গৰাকীৰ মৃত্যুত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে। আনপিনে, দুৰ্ভগীয়া পৰিয়ালৰ লোকে মৃতদেহটো নিজ গৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। উল্লেখ্য যে, জোৱানগৰাকীয়ে মৃত্যুৰ সময়ত নিজ পত্নী, দুগৰাকী পুত্ৰ সন্তানকে ধৰি বহুতো আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

লক ডাউনৰ ক্ষেত্ৰত অধিক কঠোৰ গোৱালপাৰা জিলা প্ৰশাসনঃকৃষ্ণাইৰ বজাৰ অঞ্চল নিতাল নিস্তব্ধ

Image
লক ডাউনৰ ক্ষেত্ৰত অধিক কঠোৰ গোৱালপাৰা জিলা প্ৰশাসনঃকৃষ্ণাইৰ বজাৰ অঞ্চল নিতাল নিস্তব্ধ ------------- ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশৰ জনতাক ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা বলবৎ হোৱাকৈ আহ্বান জনোৱা লক ডাউনে আজি চৌত্ৰিশটা দিন সম্পূৰ্ণ কৰিলে ৷ উল্লেখ্য যে ১৫ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লক ডাউন সমাপ্তিৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পুণঃ ৩ মে’লৈ লক ডাউনৰ সময়সীমা বৃদ্ধি কৰে ৷ ইয়াৰ মাজতে ক’ভিড ১৯ ৰ সংক্ৰমণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য খনৰ পাঁচখন জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰা হয় ৷ ৰেড জ’নৰ অন্তৰ্ভুক্ত হয় গোৱালপাৰা জিলাখনো ৷ যাৰ পৰিপ্ৰেক্ষিতত লক ডাউনৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিল গোৱালপাৰা জিলা প্ৰশাসন ৷ সমগ্ৰ জিলাখনতে লক ডাউন যাতে সুনিশ্চিত হৈ পৰে তাৰ বাবে জিলা উপায়ুক্ত বৰ্ণালী ডেকা,আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাকে ধৰি জিলাখনৰ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া সকল তৎপৰ হৈ পৰিল ৷ তেওঁলোকে ৰাইজৰ মাজত ক’ৰোনা সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লগতে লক ডাউনৰ নীতি নিৰ্দশনা সমূহ পালন কৰাৰ বাবেও জনসাধাৰণৰ প্ৰতি বিভিন্ন উপায়েৰে আহ্বান জনালে ৷ পিছ পৰি নাথাকিল জিলাখনৰ

CM interacts with economists of the state in view of COVID-19

CM interacts with economists of the state in view of COVID-19         Time bound roadmap for reviving economy must: CM Dispur, April 28: As part of his efforts to reach out to various sections of the society, Chief Minister Sarbananda Sonowal today held an interactive session with the leading economists of the state at the Assam Administrative Staff College in the country for seeking their suggestion to revive Assam’s economy in the post COVID-19 scenario. During the deliberations, the participants offered their suggestions and feedbacks while the urging the government to take innovative and strong measures to overcome this challenge and bring the state’s economy back on track. Welcoming the suggestion of setting up economic task forces in the State till block level for taking specific revival measures for the State’s economy, the Chief Minister highlighted the need to prepare a time-bound roadmap for achieving short and long term goals to rejuvenate the economy which has been hit by C

NIC’s COVID SURAKSHA - HOME QUARINTINE MONITORINGSYSTEM

Image
In view of the outbreak of COVID19 pandemic, it was necessary for Home Quarantine of several citizens. But it was also felt that an appropriate system should be developed to monitor these quarantined people on a daily basis in order to keep an eye on their health. Accordingly, Surveillance Teams were formed consisting of ASHA, ANM & MPW. Each quarantined citizen was assigned one Surveillance team. But there was no proper mechanism available with the District Administration to monitor the functioning of the Surveillance team i.e. whether they have visited each of the quarantined members. Shri Biswajit Pegu, IAS and the Deputy Commissioner of Kamrup Metropolitan District having confronted with such a scenario, requested the of National Informatics Centre (NIC) to provide an IT based solution. NIC, Assam State Centre suggested that a Mobile App based solution called COVID Suraksha may be used for this purpose. It has already been successfully implemented in Hojai district

আৰক্ষীৰ মাজত ২৫০ খন মাক্স বিতৰণ বিজেপি মহিলা মৰ্চাৰ

Image
 কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ  মাক্স পৰিধান কৰাতো অতি জৰুৰী হিচাপে বিবেচিত হৈছে । কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে চলি থকা লক ডাউনৰ সময়ত চিকিৎসক , স্বাস্থ্য কৰ্মীৰ লগতে দিনে নিশাই কৰ্তব্য সম্পাদন কৰি আছে আৰক্ষী সকলে   । সেয়েহে  মঙ্গলবাৰে পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ  সম্পাদিকা ৰিতা হালৈৰ নেতৃত্বত এটি সজাতি দলে বেলশৰ থানাত উপস্থিত হৈ নলবাৰী জিলা   উপ-আৰক্ষী অধিক্ষক জুপি বৰদলৈ, বেলশৰ থানাৰ আৰক্ষী বিষয়া ৰবেন বড়োৰ উপস্থিতিত আৰক্ষী সকলৰ মাজত মাক্স বিতৰণ কৰে  । মহিলা মৰ্চাৰ কৰ্মী সকলে নিজ হাতেৰে বনোৱা মাক্স বিতৰণ কাৰ্যসূচীত নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক শৰ্মা,  পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা শৰ্মা,  সম্পাদক উৎপল  পাটোৱাৰী, বিজেপি নেতা ৰাজু ভূঞা সহ কেইবাজনো নেতা-কৰ্মী  উপস্থিত থাকে । পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ মহিলা মৰ্চাই বেলশৰ থানাৰ আৰক্ষী সকলৰ লগতে বেলশৰ থানাৰ অন্তৰ্গত আৰক্ষী চকী,  পহৰা চকীৰ আৰক্ষীৰ মাজত মুঠ  ২৫০ খন মাক্স বিতৰণ কৰে ।   টিহুৰ পৰা  কৰবী গোস্বামী

বি জে পি গোলাঘাট জিলা সমিতিৰ সম্বৰ্ধনা

Image
বি জে পি গোলাঘাট জিলা সমিতিৰ সম্বৰ্ধনা : গোলাঘাট,২৮ এপ্ৰিল :  ক'ৰণা যুদ্ধৰ কালছোৱাত জৰুৰীকালীন সেৱাত নিয়োজিত অন্যতম এটা শ্ৰেণী হৈছে সাংবাদিক সকল। ক'ৰণা সংক্ৰমণ হোৱা এলেকা অথবা ক'ৰণা ৰোগীৰ চিকিৎসা চলি থকা চিকিৎসালয়ত গৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ আৰু ৰাইজৰ সেৱাত নিয়োজিত এই সাংবাদিক সকলৰ কষ্ট আৰু ত্যাগক সন্মান জনাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিয়ে গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ।  বিজেপি গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱক দেৱজিৎ বৰাৰ নেতৃত্বত দলটোৰ বৰ্তমানৰ জিলা সমিতিৰ বিষয়ববীয়া সকলে ঐতিহ্যমণ্ডিত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় প্ৰাংগণত গোলাঘাট সদৰৰ কেইবাজনো সাংবাদিকক একোখন ফুলাম গামোচা আৰু মাস্ক প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।  এই কাৰ্যসূচীত গোলাঘাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি দেৱজিৎ বৰা,  প্ৰাক্তন সাধাৰণ সম্পাদক সীমান্ত বৰা,  বৰ্তমানৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাস,  বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।  তেওঁলোকে ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ক'ৰণা ৰোগী থকা গোলাঘাট জি

আঠগাওঁস্থিত মৰোৱাৰী হাস্পতালক পিপিই কিটছ আৰু মাস্ক বিতৰণ

Image
ষ্টাফৰিপ'ৰ্টাৰ,,,মহাৰাষ্ট্ৰৰ বাজাজ হেলথ কেয়াৰ  ছ'চাইটিয়ে ১০০ টা পিপিই কিটছ আৰু ২০০০ মাস্ক সোমবাৰে গুৱাহাটীৰ আঠগাওঁস্থিত মৰোৱাৰী হাস্পতালক দান কৰিছে। হাস্পতাল খনৰ হৈ সাধাৰণ সম্পাদক আৰ.এছ যোশীয়ে উক্ত কিট আৰু মাস্ক সমূহ গ্ৰহণ কৰে। মৰোৱাৰী হাস্পতালৰ কৰ্তৃপক্ষই ক'ৰণা মহামাৰীৰ সময়ত এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বাজাজ হেলথ কেয়াৰ  ছ'চাইটিক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত মৰোৱাৰী হাস্পতালৰ অধীক্ষক অনিল কুমাৰ কলিতা আৰু  ৰোহিত উপাধ্যায় উপস্থিত থাকে।

সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ সাহায্য বিতৰণ

Image
সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ সাহায্য বিতৰণ সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ এপ্ৰিলঃ গোটেই বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ৰোণা ভাইৰাছৰ ফলত দেশত লক্ ডাউন ঘোষণা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই লক্ ডাউনৰ সয়ছোৱাত বহু অঞ্চলতে খাদ্য নাটনিৰ লগতে আৰ্থিক সংকটো আহি পৰা দেখা গৈছে। এইক্ষেত্ৰত বহুতো হৃদয়ৱান লোকে আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। অলপতে সৰুপেটা লেখিকা সমাৰোহ সমিতিয়েও সৰুপেটা অঞ্চলৰ ভালেখিনি দুখীয়া লোকৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে। প্ৰাক্তণ অধ্যাপিকা তথা বিশিষ্টা লেখিকা ড° অমিয়া মহন্তৰ নেতৃত্বত  সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াই সৰুপেটা অঞ্চলৰ দুখীয়া লোকৰ মাজত খাদ্য-সামগ্ৰী, মাক্স, চাবোন আদি বিতৰণ কৰে।

টিহুত আশা কৰ্মীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিধায়ক পবিন্দ্ৰ ডেকাৰ

Image
  বিশ্বত্ৰাস ক’ভিড–১৯ সংক্ৰমণে সৃষ্টি কৰা জটিল পৰিস্হিতিৰ মাজতো দিবা~নৈশ একাকাৰ কৰি  নিষ্ঠাৰে সেৱা আগবঢ়োৱা আশা কৰ্মী আৰু চিকিৎসালয়ৰ চাফাই কৰ্মী সকলৰ মাজত দেওবাৰে  বিধায়ক পবিন্দ্ৰ ডেকাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । দেওবাৰে  টিহু ৩০ খন বিচনাযুক্ত গ্ৰামীন চিকিৎসালয়ত স্হানীয় বিধায়ক পবিন্দ্ৰ ডেকাই  চিকিৎসালয়খনৰ ৫০ গৰাকী আশাকৰ্মী আৰু চাফাই কৰ্মীৰ মাজত মিঠাতেল, দালি, চাহপাত, চেনী, বিস্কুট, গাখীৰ আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। বিধায়ক ডেকাই সাম্প্ৰতিক জটিল সময়ৰ মাজতো চিকিৎসক, আশাকৰ্মী, স্বাস্হ্যকৰ্মী , চাফাই কৰ্মী সকলে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়ক গৰাকীয়ে টিহুৰ চিকিৎসালয়ৰ সাম্প্ৰতিক পৰিস্হিৰ বুজ লৈ দেশৰ এনে জটিল সময়ত চৰকাৰক সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। বিধায়ক ডেকাই পৰৱৰ্তী সময়ত দুৰ্গত সকলক পৰ্যায় ক্ৰমে সহায় আগবঢ়াব বুলি উনুকিয়াই শীঘ্ৰে তেওঁ বিশেষ ভাবে সক্ষম ব্যক্তিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি প্ৰকাশ কৰে।  অনুষ্টুপীয়া খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত টিহু চিকিৎসালয়ৰ অধীক্ষক  ডাঃ প্ৰমোদ তালুকদাৰ, চিকিৎসক ডাঃ তপন তালুকদাৰ, অগপ নেতা চ

কামৰূপ জিলা কৰ'না মুক্ত হোৱাৰ পথত

Image
কামৰূপ জিলা কৰ'না মুক্ত হোৱাৰ পথত !  জিলাখনত নতুনকৈ কৰ'নাত আক্ৰান্ত হোৱাৰ খবৰ নাই — যুটীয়া সঞ্চালক ডাঃ এন এছ তিষ্যা প্ৰতিবেদক, ৰঙিয়া, ২৭ এপ্ৰিলঃ অচিৰেই কামৰূপ জিলাক কৰনা মুক্ত বুলি ঘোষনা কৰিব পৰা যাব! কামৰূপ জিলাৰ একমাত্ৰ কৰ'না আক্ৰান্ত সোনতলী পুৰাণগাঁৱৰ মফিজ উদ্দিনক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াত কামৰূপ জিলা কৰ'না মুক্ত হিছাপে ঘোষনা কৰাৰ পথ প্ৰশস্ত হৈছে। অৱশ্যে মফিজুদ্দিনৰ ২৮ দিন সম্পূৰ্ণ নোহোৱাত তেওঁক এতিয়া সোনতলীত হোম কোৱাৰেন্টাইনত ৰখা হৈছে। তেওঁ বাস কৰা পুৰাণগাঁও জিলা প্ৰশাসনে ছীল কৰি দিয়াত তেওঁ অন্যত্ৰ কোৱাৰেন্টাইন কৰি ৰখা হৈছে। কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ এন এছ তিষ্যাই জনোৱা মতে জিলাখনত ২০৫ গৰাকী লোকৰ ভিতৰত বৰ্তমান সময়ত ৬২ জনক চিকিৎসালয়ত কোৱাৰেন্টাইনত ৰখা হৈছে। বাকী কেইজনে ২৮ দিন সম্পূৰ্ণ কৰাৰ পাছত ফলাফল নেগেটিভ হোৱাত মুকলি কৰি দিয়া হৈছে। ইপিনে হোম কোৱাৰেন্টাইনত থকা ৩৭৯৬ জনৰ ভিতৰত ৩০০৩ জনে ২৮ দিন আৰু ৩৫০০ জনে ১৪ দিন সম্পূৰ্ণ কৰিছে। জিলাখনত নতুনকৈ কোনো লোকে কৰ'না  আক্ৰান্ত হোৱাৰ কোনো খবৰ নাই বুলি ডাঃ

নলবাৰী আজান ফকীৰ প্ৰকল্প ন্যাসৰ আহ্বানঃ নিজ গৃহতে পালন কৰক ৰমজানৰ ৰোজা-নামাজ

নলবাৰী আজান ফকীৰ প্ৰকল্প ন্যাসৰ আহ্বানঃ নিজ গৃহতে পালন কৰক ৰমজানৰ ৰোজা-নামাজ *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ এপ্ৰিল* ইছলামধৰ্মী লোকসকলে এইবাৰ নিজৰ নিজৰ ঘৰতে পৱিত্ৰ ৰমজান মাহৰ সকলো ধৰ্মীয় ইবাদাত পালন কৰিবলৈ আহ্বান জনাইছে নলবাৰী আজান ফকীৰ প্ৰকল্প ন্যাসে ৷ চৰকাৰে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক্ ডাউন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত সকলো ইছলামধৰ্মী লোকক নীতি-নিয়ম মানি পৱিত্ৰ ৰমজান মাহৰ সকলো ধৰ্মীয় ইবাদাত ঘৰতে থাকি পালন কৰিবলৈ ন্যাসে অনুৰোধ জনাইছে ৷ *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

কামৰূপ জিলাত লকডাউনৰ সময়ছোৱাত আবদ্ধ বৰ্হিজিলাৰ লোকক নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ পৰিবহন বিভাগ ও কামৰূপ প্ৰশাসনৰ

Image
কামৰূপ জিলাত লকডাউনৰ সময়ছোৱাত আবদ্ধ বৰ্হিজিলাৰ লোকক নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ পৰিবহন বিভাগ ও কামৰূপ প্ৰশাসনৰ । পঙ্কজ নাথ, চাংসাৰি, ২৭ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাতো লকডাউনৰ বাবে বহুলোক আবদ্ধ হৈ আছে। এই লোকসকলে যাতে নিজ নিজ গন্তব্য স্থানলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহন বিভাগৰ সহযোগত কামৰূপ জিলাৰ পৰা পোন প্ৰথমে দূৰণিবটীয়া জিলাসমূহলৈ ২৫ এপ্ৰিলৰ পৰা লোকসকলৰ নিজ নিজ ক্ষেত্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমিনগাঁওৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ পৰা ধুবুৰী জিলালৈ প্ৰথম দিনা প্ৰথমখন বাছ আনুষ্ঠানিকভাৱে যাত্ৰা মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই । জিলা খনত এতিয়ালৈকে খবৰ পোৱা অনুসৰি প্ৰায় ৬০০০ যাত্ৰী আবদ্ধ হৈ থকা পুৰুষ মহিলাক এইদৰে আন আন জিলা সমূহলৈ বাছ যোগে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে । এই সমগ্র প্ৰক্ৰিয়াটোত প্ৰায় ৬০০০ লোকে অনলাইন যোগে আবেদন কৰিছে বুলি জানিব পৰা গৈছে । উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ামতে লকডাউনৰ সময়ছোৱাত জিলাখনত আবদ্ধ হৈ থকা

লকডাউনৰ সময়ত সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা ছাত্ৰসন্থাৰ স্মাৰক পত্ৰ প্ৰদান

লকডাউনৰ সময়ত সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা ছাত্ৰসন্থাৰ স্মাৰক পত্ৰ প্ৰদান : গোলাঘাট,২৭ এপ্ৰিল : লকডাউনৰ সময়ছোৱাত সমগ্ৰ গোলাঘাট জিলাত  উদ্ভৱ হোৱা সমস্যা সমাধানৰ দাবীত আজি সদৌ গোলাঘাট জিলা ছাত্ৰসন্থাই গোলাঘাটৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশেষকৈ লকডাউনৰ পিছত খুলিব লগীয়া বিদ্যালয়- মহাবিদ্যালয় সমূহত আগতীয়াকৈ চেনিটাইজেশ্যন কৰাৰ দাবী তোলাৰ লগতে বিগত সময়ত বৃহত্তৰ আঠখেলীয়া অঞ্চলত  বিধ্বংসী ধুমুহাই ক্ষতিগ্ৰস্ত কৰা গঞা ৰাইজক উপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰা , লকডাউনৰ ফলত জিলাখনৰ কৃষিজীৱী লোকসকলৰ হোৱা সমস্যা তথা ক্ষতিপূৰণৰ দাবী আৰু শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যা সমূহৰ সমাধানৰ বাবে  উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষিমী দত্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। আজি এই স্মাৰক পত্ৰ প্ৰেৰণৰ সময়ত ছাত্ৰ সংগঠনটোৰ হৈ  কেন্দ্ৰীয় পৰ্যায়ৰ ছাত্ৰ নেতা মনোৱাৰ হুছেইনকে কৰি জিলা পৰ্যায়ৰ তিনিজন সম্পাদক উপস্থিত থাকে।

অনুসূচিত জাতিৰ মৎসজিৱীসকলক এককালীন সাহাৰ্য্যৰ দাবীঅনুসূচিত জাতি ছাত্ৰ সন্থাৰ

অনুসূচিত জাতিৰ মৎসজিৱীসকলক এককালীন সাহাৰ্য্যৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ : ২৭ এপ্ৰিল : অসমৰ অনুসূচিত জাতিৰ অধিক সংখ্যক লোকেই মৎস বিত্তিৰ লগত জৰিত খাটি খোৱা মানুহ। সেই লোকসকলে মাছ মাৰি, বিক্ৰি কৰি সিমিত পৰিমানৰ উপাৰ্জনেৰে নিজৰ ঘৰ পৰিয়াল সহিতে জীৱন নিৰ্বাহ কৰে। এই দৰিদ্ৰ মৎসজীৱি সকলৰ জীৱন অতি বিপন্ন। চৰকাৰৰ নিৰ্দেশ অনুযায়ী প্ৰতি বছৰে ১৪ এপ্ৰিলৰ পৰা তিনি মাহ পৰ্য্যন্ত মাছ মৰা কাৰ্য্য বন্ধ থাকে। কিন্তু সেইখিনি সময়ত সেই মৎসজিৱী সকলে কেনেদৰে জীৱন নিৰ্বাহ কৰে, সেয়া চৰকাৰে এবাৰলৈকো ভাবি নাচায় । সেই ব্যক্তিসকলৰ বাবে নাই চৰকাৰৰ ওচৰত কোনো আচঁনি । এই মন্তব্য কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সম্পাদক গৰাকীয়ে কয় যে বিগত মাছ মৰা বন্ধ থকা সময়খিনিত অনুসূচিত জাতিৰ মৎসজীৱিসকলক এককালীন সহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ দাবী উত্থাপন কৰা হৈছিল যদিও আজিকোপতি চৰকাৰে একেবাৰেই গুৰুত্ব প্ৰদান কৰা নাই ।এনে দাবীৰ কাৰ্য্যকৰী কৰাৰ ক্ষেত্রত  সন্থাই আন্দোলনৰ দৰে কাৰ্য্যসূচীও হাতত লব লগা হৈছিল। কিন্তু প্ৰতিবাদৰ ভাষ

পাঁচ শতাধিক লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ এন জি অ' হেল্পিং হাৰ্টছৰ

Image
ষ্টাফৰিপৰ্টাৰ,,,২৬ এপ্ৰিল।।।স্বেচ্ছাসেৱী সংস্থা হেল্পিং হাৰ্টছে দেওবাৰে অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ সহযোগত মান্দাকাটা কমাণ্ডো বেটেলিয়ান শিবিৰত পাঁচ শতাধিক লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। এপিএছ তথা কমাণ্ডো বেটেলিয়নৰ অধিনায়ক ৰঞ্জন ভূঞা, এন জি অ' হেল্পিং হাৰ্টছৰ পংকজ চুৰানা, মুকেশ আছণ্টানি, আশিস জালান, পংকজ বাঞ্চালে পাঁচ শতাধিক লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে। এই খাদ্য সামগ্ৰীৰ ভিতৰত আছিল চাউল, মিঠাতেল, নিমখ, আলু, হালধি, আদিকে ধৰি আন আন সামগ্ৰী। মান্দাকাটা কমাণ্ডো শিবিৰৰ সমীপৱৰ্তী বাটা, ফুলুন, মাণিকপুৰ বাগান আৰু মান্দাকাটা অঞ্চলৰ লোকসকলৰ মাজত এই সামগ্রী বিতৰণ কৰা হয়।

ৰঙিয়াৰ বিশিষ্ট সাংবাদিক মিৰাজুল ইছলামৰ মাতৃৰ দেহাৱসান

Image
প্ৰতিবেদক, ৰঙিয়া , ২৬ এপ্ৰিল : ৰঙিয়া টাউন ৩ নম্বৰ ৱাৰ্ডৰ বাৰ্মিজ নগৰৰ ধৰ্মপ্ৰাণ মহিলা গুল নাহাৰ বেগমৰ আজি পুৱা দহমান বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত গুল নাহাৰ বেগমৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ। অতি অমায়িক, বিনয়ী তথা অনুকৰনীয় মহিলা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা গুল নাহাৰ বেগমে বিশেষকৈ মহিলা সমাজক সামাজিক দিশত আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। মৃত্যুৰ সময়ত বেগমে স্বামী সহ তিনিজন পুত্ৰ, দুজনী কন্যা আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে বহু গুণমুগ্ধই  ৰঙিয়া ৩ ওৱাৰ্ডৰ বাৰ্মিজ নগৰৰ বাসগৃহত উপস্থিত হৈ গুৱাহাটীৰ পৰা আনি পোৱাৰ পিছত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজ্যত লকডাউন অব্যাহত থকাত আবেলি তিনিবজাত ৰঙিয়াৰ বাৰ্মিজ নগৰৰ নিজগৃহত সীমিত লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰি ৰঙিয়া টাউন কবৰস্থানত কবৰ দিয়া হয় ।গুল নাহাৰ বেগমৰ মৃত্যুত  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে প্ৰয়াত বেগমৰ পুত্ৰ মিৰাজুল ইছলামে অসমীয়া বাতৰি কাকত "দৈনিক অসম" আৰু "জনমভূমি" কাকতত ৰঙিয়াৰ প্ৰতিবেদক হিচাপে ৰাইজৰ মাজত পৰিচিত।

এম.এ.চিৰ প্ৰতিনিধিৰ সৈতে স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ

Image
এম.এ.চিৰ প্ৰতিনিধিৰ সৈতে স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ : বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ _______________________________ পৰাণজ্যোতি বৰা, মাজুলী,২৬,এপ্ৰিল: মহামাৰী কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে সমগ্ৰ ৰাজ্যত লক ডাউন অব্যাহত আছে।তাৰ মাজতে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত সাম্প্ৰতিক সময়ত বিৰাজ কৰা বহু কেইটা বিষয়ৰ পৰ্যালোচনা আৰু লক ডাউন খোলাৰ পৰৱৰ্তী পৰ্যায়ত মিচিং অঞ্চল সমূহত সন্মুখীন হব পৰা পৰিস্থিতিক কি দৰে মোকাবিলা কৰিব লাগিব এই বিষয়ত যোৱা ২৩ এপ্ৰিলত মিচিং স্বায়ত্ব পৰিষদৰ মাজুলীৰ তিনিও গৰাকী কাৰ্যবাহী সাধাৰণ সদস্য মিলিত হয়।সাধাৰণ সদস্য ক্ৰমে ত্ৰৈলোক্য পামে গাম ,উমা পাঠৰী,নীল দলে উপস্থিত থকা আলোচনা কালত মাজুলী জিলা TMPK, MMK ,TMMK সংগঠনৰ নেতৃবৰ্গৰ লগতে অন্য চাৰিটিকৈ গোটো আলোচনাত মিলিত হয় ৷ইফালে যোৱাকালি মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে নামনি মাজুলীৰ কৰতিপাৰৰ পৰা আৰম্ভ কৰি উজনী মাজুলীৰ গেজেৰালৈকে থকা মিছিং অধ্যুষিত অঞ্চলত থকা বহুকেইখন স্বাস্থ্য কেন্দ্ৰ ( PHC, MPHC ,State Dispensary ,HSC ,HWC) পৰিদৰ্শন কৰি আন্তগাঠনি আৰু বিভিন্ন সমস্যা সমূহৰ বুজ লয়।

সাংবাদিক - সংবাদকৰ্মীক খাদ্য -সামগ্ৰীৰ টোপলা বিতৰণ

Image
গুৱাহাটী  ২৬এপ্ৰিল :  দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আজি পুনৰ চতুৰ্থ বাৰৰ বাবে  মহানগৰীত কৰ্মৰত অৰ্ধ  শতাধিক  সাংবাদিক -  সংবাদকৰ্মীৰ  মাজত   অত্যাৱশ্যকীয়  খাদ্য - সামগীৰ টোপলা বিতৰণ কৰা হ'য় ।        দিছপুৰ প্ৰেছ ক্লাবক এই খাদ্য - সামগ্ৰীৰ টোপালা সমুহ যোগান ধৰে   Voluntary Association For Social Upliftment( VASU )  য়ে ।      সাংবাদিক - সংবাদকৰ্মীক প্ৰদান কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছিল চাউল , দাইল ,   আলু ,  মিঠাতেল আদি ।      উল্লেখ্য যে অসমৰ বিভিন্ন স্থানত কৰ্মৰত আৰ্থিক ভালে স্বচ্ছল নোহৱা সাংবাদিক - সংবাদকৰ্মীক সহায় কৰাৰ বাবে দল -  সংগঠনক আগবাঢ়ি আহিবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাফা'ই  জনোৱা আহ্বানৰ প্ৰতি বিভিন্ম জনে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ।

চৰকাৰী মূল্যত মাস্ক ক্ৰয় কৰাৰ আহ্বান চি ডি এ এ'ৰ

Image
ষ্টাফৰিপৰ্টাৰ,,,২৫ এপ্ৰিল।।।মহামাৰী কৰ'না ভাইৰাছে  সমগ্র বিশ্ব ছানি ধৰাৰ সময়ত বজাৰত ছেনিটাইজাৰ আৰু ইয়াৰ লগত সম্বন্ধিত আন আন সামগ্ৰী পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় বুলি প্ৰচাৰ চলাৰ সময়তেই কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ'ছিয়েচন অফ আসাম' ৰ মিডিয়া অধ্যক্ষ ডাঃ এন এন আগৰৱালা আৰু সচিব জিন্টু বৰ্মনে উল্লেখ কৰি কয়"-কৰ'না  ভাইৰাছ সম্বন্ধত হাইদ্ৰজেনিক সামগ্ৰী সমূহ যেনে হেন ছেনিটাইজাৰ, মাস্ক আদি এই এছ'ছিয়েচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত সকলো খুচুৰা ফাৰ্মাচিত উপলব্ধ কৰোৱা হৈছে। এছ'ছিয়েচনে গ্ৰাহকক উদেশ্যি আৰু কয়"-চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া মূল্যত তেওঁলোকৰ স্বীকৃতি প্ৰাপ্ত ফাৰ্মাচীত হেন ছেনিটাইজাৰ আৰু অন্যান্য সামগ্রী যেনে হাত ধোৱা চাবোন, ডেটল, আদি ক্ৰয় কৰিব পাৰিব'। আনহাতে, জি আৰ ফাৰ্মাৰ্চিটিকেলৰ ঘনশ্যাম ধানুকাই কয়"-উত্তৰ পূৱৰ অভাৱ পূৰণ কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী মজুত আছে।

পঞ্চভূতত বিলীন দেৱানন্দ কোঁৱৰঃ

Image
পঞ্চভূতত বিলীন দেৱানন্দ কোঁৱৰঃ  পিতৃ ভিঠা নিতাই পুখুৰী কোঁৱৰ গাঁৱত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যপাল গৰাকীৰ ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ এপ্ৰিত : পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ ২৫ এপ্ৰিলৰ নিশা নেতা গৰাকীৰ নশ্বৰ দেহ  নিতাইপুখুৰী কোঁৱৰ গাঁৱত উপস্থিত হোৱাৰ পাছত আজি পুৱা শেষকৃত্য সম্পন্ন কৰা হয় ৰাজ্যৰ প্ৰাক্তন আইন আৰু বিত্তমন্ত্ৰী তথা তিনিখন ৰাজ্যৰ ৰাজ্যপাল গৰাকীৰ | পিতৃ ভিঠা নিতাইপুখুৰী কোঁৱৰ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন প্ৰবীন ৰাজনীতিক গৰাকীৰ | পিতৃ-মাতৃৰ সমাধিৰ কাষতে শেষ শয়ন তীক্ষ্ণধী ৰাজনীতিক গৰাকীৰ | শোকাকূল অঞ্চলবাসীয়ে প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধা অজস্ৰজনৰ | আজি শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ হৈ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা, বিধায়ক কুশল দুৱৰী, সুশান্ত বৰগোঁহাইকে ধৰি শাসক-বিৰোধীৰ বহু সংখ্যক ৰাজনৈতিক নেতাৰ কোঁৱৰৰ শেষ যাত্ৰাত অংশ গ্ৰহণ কৰে | শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে অজস্ৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নেতা গৰাকীক ৷ আনহাতে মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী যোগেন মহনে জ্ঞাপন কৰে

বঙাইগাঁও জিলাত আৱদ্ধ আন জিলাৰ ব্যক্তিক নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ ব্যৱস্থা গ্ৰহণ

Image
অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি লকডাউনৰ সময়ত বঙাইগাঁও জিলাত আৱদ্ধ আন জিলাৰ ব্যক্তিক নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ ব্যৱস্থা গ্ৰহণ   বঙাইগাঁওঃ ২৫ এপ্ৰিলঃঅসম চৰকাৰৰ নিৰ্দেশ অনুসৰি লকডাউনৰ সময়ত আন জিলাৰ যিসকল ব্যক্তি বঙাইগাঁও জিলাত আৱদ্ধ হৈ আছে সেইসকল ব্যক্তিক আজিৰে পৰা নিজ গৃহ জিলালৈ যোৱাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জিলা প্ৰশাসনে লকডাউনৰ বাবে আন জিলাৰ পৰা আহি বঙাইগাঁও জিলাত আৱদ্ধ হৈ থকা লোকসকলক অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে বঙাইগাঁও গান্ধী ময়দানৰ পৰা নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷ প্ৰথম দিনটোত বঙাইগাঁও জিলাৰ পৰা চিৰাং ,বৰপেটা , বাক্সা , গোৱালপাৰা আৰু ধুবুৰী এই পাঁচখন জিলাৰ যিসকল লোক বঙাইগাঁও জিলাত অহাৰ পিছত লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল সেইসকলক লোকক নিজ নিজ জিলালৈ যোৱাৰ বাবে সুবিধা প্ৰদান কৰে ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে এই জিলাকেইখনলৈ যোৱাৰ বাবে ২০৩ জন ব্যক্তিয়ে ১০৪ নম্বৰৰ লগতে অনলাইনযোগে আবেদন কৰিছিল ৷ লোকসকলক উক্ত জিলা কেইখনলৈ কঢ়িয়াই নিয়া বাছসমূহ চেনিটাইজেচন কৰা হৈছে ৷ ইপিনে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে