গুৱাহাটী প্ৰেছ ক্লাৱত খাদ্য সামগ্ৰী বিতৰণ

ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল :: সৰ্বগ্ৰাসী ন’ভেল কৰ’না ৰোধৰ বাবে দেশত দীঘলীয়া লকডাউন। লকডাউনৰ সময়ছোৱাত আৰ্তজনৰ কাষত থিয় হৈছে বহু সহৃদয়ৱান লোক। চৌদিশে স্থবিৰ হৈ পৰা এই সময়ত অহৰ্নিশে নিজ কৰ্তব্যত নিয়োজিত আমাৰ একাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ পৰিয়াল অসুবিধাৰ সন্মুখীন হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত। এই বিপদৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাবে তেওঁলোকক সামৰ্থ অনুযায়ী এটা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণৰ ব্যৱস্থা কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ব্যৱসায়ী বিমল নাহাতাই আগবঢ়াইছে সাহায্যৰ টোপোলা। মঙলবাৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা প্ৰায় ডেৰশ সংবাদকৰ্মীয়ে  এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলাসমূহ
সংগ্ৰহ কৰিলে বুলি গুৱাহাটী প্ৰেছ ক্লাৱত সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতি যোগে জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা