লক্ ডাউনৰ মাজতে সৰুপেটা অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা
লক্ ডাউনৰ মাজতে সৰুপেটা অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা
সঞ্জীৱ দাস, ভৱানীপুৰ, ১৮ এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ নিয়ন্ত্ৰণাৰ্থে দেশত চলি থকা লক্ডাউনৰ সময়ছোৱাত সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত কেতবোৰ স্থানত চুলাই মদৰ ৰমৰমীয়া বেহা চলা দেখা গৈছে। চুলাই মদ তৈয়াৰ কৰা ঘাটিবোৰত চলিছে চুলাই মদৰ ব্যৱসায়। সৰুপেটা আৰক্ষী চকীৰ আশে-পাশে থকা চাৰি-পাঁচখন গাঁৱত থকা অবৈধ চুলাই মদৰ ঘাটিবোৰলৈ লক্ডাউনৰ সময়ছোৱাতো বিভিন্ন স্থানৰ পৰা দুচকীয়া, চাৰিচকীয়া বাহনেৰে এচাম চুলাই মদ সেৱন কৰা লোকে গৈ মদৰ আড্ডাত মিলিত হোৱাৰ উপৰিও চুলাই মদ ক্ৰয় কৰি লৈ যোৱা কাৰ্য অব্যাহত আছে। সৰুপেটা অঞ্চলত এনেধৰণৰ দুষ্কাৰ্য মুকলি হৈ পৰাত কোৰোণাৰ আতংকই বিৰাজ কৰা অঞ্চলটোৰ ৰাইজ অধিক সন্ত্ৰাসিত হৈ পৰিছে। উল্লেখ্য যে, লক্ডাউনৰ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি ওলাই অহা দুখীয়া শ্ৰমজীৱি মানুহকো লকডাউন ভংগ কৰাৰ অজুহাতত মাৰধৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষীৰ চুলাই মদৰ ঘাটিত মদৰ ব্যৱসায় চলাৰ প্ৰতি গুৰুত্বহীনতা লক্ষণীয় বিষয় হৈ পৰিছে।
Comments
Post a Comment