কষ্ণাইৰ ভেলাখামাৰত আৰক্ষী পিতা পুত্ৰৰ সাহায্য বিতৰণ

কষ্ণাইৰ ভেলাখামাৰত আৰক্ষী পিতা পুত্ৰৰ  সাহায্য বিতৰণ
ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতে লকডাউনৰ মাজত দিশহাৰা দুখীয়া-দৰিদ্ৰ লোকক কিছু পৰিমাণে হ’লেও সহায় কৰাৰ বাবে ওলাই আহিল  চৰকাৰী কৰ্মচাৰী সকল ৷ এই ধাৰা অক্ষুণ্ণ ৰাখি গোৱালপাৰাৰ বাপুজীনগৰ নিবাসী দুই আৰক্ষী পিতা পুত্ৰ গোপাল নাথ আৰু জিতু কুমাৰ নাথে তেওলোকৰ নিজ জন্ম গাওঁ কৃষ্ণাইৰ  ভেলাখামাৰত প্ৰায় ২৫  দুখীয়া পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে কিছু নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা আগবঢ়ায়  ৷ উল্লেখযোগ্য যে দেশ জুৰি লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত বহু শ্ৰমজীৱী লোক নিজৰ পৰিয়ালৰ ভৰণপোষণৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ এনে সময়তে স্বাস্থ্য মন্ত্ৰীৰ আহ্বানৰ পিছত ৰাজ্য জুৰি কৰ্মচাৰী সকলে গ্ৰহণ কৰা ভুমিকাত সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report


××××××××××××××××××××

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা