ধলাইবিলৰ চাহিনে বাতৰি কাগজেৰে পোচাক তৈয়াৰ কৰি পিন্ধি সৃষ্টি কৰিছে চমক

# ধলাইবিলৰ চাহিনৰ সৃষ্টিশীল মনৰ অনন্য পৰিচয়।
# বাতৰি কাগজেৰে পোচাক তৈয়াৰ কৰি পিন্ধি সৃষ্টি কৰিছে চমক
# স্বাভাৱিক ভাৱেই নাচিলে কেইবাপাকো।

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৮ এপ্ৰিল:- লক ডাউনৰ পৰিপেক্ষিতত বিশেষকৈ বিদ্যালয়বোৰ বন্ধ হৈ আছে । ইয়াৰ সমান্তৰালকৈ ছাত্র ছাত্ৰী সকলো ঘৰতে থাকি এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছে । তদুপৰি লক্ষণীয় ভাৱে ক্ষতিগ্ৰস্হ হৈছে শিক্ষা আহৰণ । বিদ্যালয় বন্ধ হৈ পৰাৰ বাবে অধিকাংশ ছাত্র ছাত্ৰীয়ে অবাবতে সময় নষ্ট কৰাৰ বিপৰীতে একাংশই ঘৰৰ ভিতৰতে কেতবোৰ সৃষ্টিশীল কাৰ্যত নিজকে নিয়োগ কৰি লাভ কৰিছে মানসিক প্ৰাশান্তি । কোনে যদি ফুল ৰুইছে, কোনোৱে বিহু নাচিছে । কোনোৱে যদি গান গাইছে কোনোৱে আঁকিছে ছবি । কিন্তু আমি আজি আপোনাক দেখুৱাম এনে এজোৰ পোচাক যি পোচাকে হয়তো আশাৰ বাৰ্তা কঢ়িয়াই আনিব ড্ৰেচ ডিজাইনিং জগতলৈ । এজনী চতুৰ্থ শ্ৰেণীৰ কণমানি ছাত্ৰীয়ে বিদ্যালয় বন্ধৰ আপাহতে প্ৰস্তুত কৰি উলিয়াইছে এজোৰ ধুনীয়া পোচাক । লক্ষণীয় বিষয় যে এই পোচাকেযোৰত কাপোৰ বা আন সামগ্ৰী ব্যৱহাৰ হোৱা নাই । কেৱল কেইখনমান বাতৰি কাগজ, অকণমান আঠা আৰু দুটামান ষ্টেলেলাৰৰ পিন ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে এই পোছাকযোৰ । শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ জামুগুৰিৰ ধলাইবিলৰ চাহিন আহমেদ নামৰ কণমানি ছাত্ৰী গৰাকীয়ে কালি সাজি উলিয়াইছে উক্ত পোচাক বা ফ্ৰকটো । জানিব পৰা মতে মূঠ ৬ খন পুৰণি বাতৰি কাকত ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে ফ্ৰকটো । কেৱল এক ঘন্টাৰ ভিতৰত তৈয়াৰ কৰি উলিওৱা পোচাক যোৰ পিন্ধি তাই সহজ ভাৱেই নাচিলে কেইবাপাকো । অৱশ্যে চাহিনে অৱশ্যে ইউটিউবত প্ৰথম এনে পদ্ধতি  দেখাৰ কথা প্ৰকাশ কৰে সাংবাদিকৰ আগত । যিযোৰ পোচাকে সম্প্ৰতি চছিয়েলমেডিয়াত মেডিয়াটো হাজাৰ হাজাৰ ৰাইজৰ মাজত ভূৱসী প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে । কণমানি চাহিনে জানিবলৈ দিয়া মতে সম্পূৰ্ণ নিজা চিন্তাৰে সাজযোৰ তৈয়াৰ কৰিছে । তদুপৰি সুন্দৰকৈ বিহুৰ লগতে কেতবোৰ নৃত্য নিখুঁত ভাৱে কৰিব জনা চাহিন এগৰাকী সম্ভাৱনাপূৰ্ণ চিত্ৰকৰ । অতি সুন্দৰ কৈ পেঞ্চিল আৰ্ট, ওৱাতাৰ কালাৰ আদি কৰিব পৰাৰ লগতে গীত গাবলৈ আছে এটি সুন্দৰ কন্ঠ ।মনকৰিবলগীয়া যে চাহিনৰ ইয়াৰ উপৰিও আছে আন ভালে মান সৃজনশীল বিদ্যা । জানিব পৰা মতে বাতৰি কাগজেৰে জোতা তৈয়াৰ কৰিও তাই নাচিছে কেইবাদিনো । ধলাইবিলৰ চাইফুদ্দিন আহমেদ আৰু তনুজা আহমেদৰ এক মাত্ৰ কন্যা চাহিনৰ এনে সৃষ্টিশীল চিন্তাই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ মাজত । জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা