ৰাইজৰ বিভিষিকাৰ সময়ত ডিকমৰ ভিক্টৰ পাল, অভিজিত ফুকনৰ প্ৰশংসনীয় পদক্ষেপ

ৰাইজৰ বিভিষিকাৰ সময়ত ডিকমৰ ভিক্টৰ পাল, অভিজিত ফুকনৰ প্ৰশংসনীয় পদক্ষেপ



চাবুৱাঃ  মহামাৰী ক'ৰণা ভাইৰাছে বিশ্বতে আতংক সৃষ্টি কৰা সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰিছিল। দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে চাহ বাগিচা শ্ৰমিকসকলৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বাগিচাসমূহত লকডাউন শিথিল কৰি দিয়া হৈছে। ইয়াৰ লগে লগে অসম চৰকাৰে প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিক সকললৈ অত্যাৱশকীয় সামগ্ৰীৰ অভাৱ পূৰণ কৰিবলৈ কিছু নিয়ম বান্ধি দিছে। ডিব্ৰুগড় জিলাৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্রমা বিভাগৰ ক্ষেত্ৰ বিষয়াৰ অনুমতি লৈ ডিকমৰ দুগৰাকী যুৱকে অতি কম মূল্যত লোকেল কেঁচা শাক-পাচলিৰ যোগান ধৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। ডিব্ৰুগড় জিলাৰ ডিকমৰ উদীয়মান যুৱ সমাজকৰ্মী ভিক্টৰ পাল আৰু অভিজিত ফুকনে প্ৰতিকেজি খাদ্য সামগ্ৰীসমূহৰ ভিতৰত জলকীয়া ৪০ টকা, বিলাহী ৩০, জিকা ৪০, ৰঙালাও ২০, জাতিলাউ ২০, স্কোৱাচ ৩০, বেঙেনা ২০, গাজৰ ৩০, কেপচিকাম ৩০, তিঁয়হ ৩০ আৰু ফেচবিন ৩৫ টকাত চাহ বাগিছাৰ গ্ৰাহক সকলক যোগান ধৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে উক্ত কেঁচা সামগ্ৰীসমূহ ধেমাজি, তিনিচুকীয়া, বেলবাৰী, গুইজান পানীঘাট আৰু ৰাণীঘাট অতি ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰি ডিকম চাহ বাগিছা, নাহৰতলী চাহ বাগিছা, নাদুৱা চাহ বাগিছা আৰু মোহনবাৰী চাহ বাগিছা অঞ্চলত যোগান ধৰি আছে। তদুপৰি এই যুৱ সমাজকৰ্মী দুগৰাকীয়ে চৰকাৰী নীতি নিৰ্দেশনা, সামাজিক দূৰত্ব বজাই ৰাখি শৃংখলাবদ্ধতাভাৱে প্ৰতিজন গ্ৰাহকক কেঁচা শাক-পাচলি যোগান ধৰাত ডিকম তথা বাগিছা অঞ্চলৰ ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা