বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণক তীব্ৰ গৰিহণা সাংবাদিক সংগঠন আইৰা আৰু অইচমনাৰ

বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণক তীব্ৰ গৰিহণা সাংবাদিক সংগঠন আইৰা আৰু অইচমনাৰ।শীঘ্ৰেই ঘটনাৰ সৈতে জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী দুয়ো সংগঠনৰ ।

পঙ্কজ নাথ, চাংসাৰি, ২৪ এপ্ৰিল :

দেশৰ আপোচহীন সাংবাদিক বুলি পৰিচিত বৰ্তমান সময়ত ভাৰতবৰ্ষৰ আগশাৰীৰ নিউজ চেনেল ৰিপাব্লিক ভাৰতৰ সম্পাদক হিচাপে কৰ্মৰত অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নীৰ ওপৰত শাৰীৰিক আক্ৰমণৰ প্ৰচেষ্টাক দেশৰ আগশাৰীৰ সাংবাদিক সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছচিয়েছন চমূকৈ আইৰাৰ অসম ৰাজ্যিক সমিতিৰ লগতে অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজ পেপাৰ এছচিয়েছন চমূকৈ অইচমনাৰ তৰফৰ পৰা ইয়াৰ বাবে তীব্ৰ গৰিহণা প্ৰদান কৰিছে । অসম গৌৰৱ নিৰ্ভীক সাংবাদিক অৰ্ণৱ গোস্বামীৰ ওপৰত আক্ৰমণ কৰি তেওঁৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস কৰাৰ বাবে দুয়ো সংগঠনৰ সভাপতি ক্ৰমে কিৰণ কুমাৰ গগৈ আৰু পণ্ডিত সঞ্জীৱ নাৰায়ণ দাসে এই কাৰ্য্যক ধিক্কাৰ প্ৰদান কৰিছে । যোৱা ২৩ তাৰিখে সপত্নীক যাত্ৰা সময়তে গোস্বামীৰ মুম্বাইস্থিত বাসভৱনত সমীপত চলিছিল এক ভয়ংকৰ আক্ৰমণ। যি আক্ৰমণক দেশৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰা বুলি অভিহিত কৰি আজি এক বিবৃতি যোগে অল ইণ্ডিয়া স্মল আৰু মিডিয়াম নিউজ পেপাৰ এছচিয়েছনৰ তৰফৰ পৰা সভাপতি পণ্ডিত সঞ্জীৱ নাৰায়ণ দাস, সাধাৰণ সম্পাদক ৰনবীৰ সিং আৰু সম্পাদক কুলদীপ দাসে মোম্বাইত সংঘটিত হোৱা বৰ্বৰ আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে গৰিহণা দিছে। আজি বিবৃতি যোগে দুয়োটা সংগঠনৰ সভাপতিয়ে উক্ত ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনোৱাৰ উপৰিও আইৰাৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক পঙ্কজ নাথ আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে সাংবাদিক গৰাকীক সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা