টিহুত আশা কৰ্মীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিধায়ক পবিন্দ্ৰ ডেকাৰ

  বিশ্বত্ৰাস ক’ভিড–১৯ সংক্ৰমণে সৃষ্টি কৰা জটিল পৰিস্হিতিৰ মাজতো দিবা~নৈশ একাকাৰ কৰি  নিষ্ঠাৰে সেৱা আগবঢ়োৱা আশা কৰ্মী আৰু চিকিৎসালয়ৰ চাফাই কৰ্মী সকলৰ মাজত দেওবাৰে  বিধায়ক পবিন্দ্ৰ ডেকাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । দেওবাৰে  টিহু ৩০ খন বিচনাযুক্ত গ্ৰামীন চিকিৎসালয়ত স্হানীয় বিধায়ক পবিন্দ্ৰ ডেকাই  চিকিৎসালয়খনৰ ৫০ গৰাকী আশাকৰ্মী আৰু চাফাই কৰ্মীৰ মাজত মিঠাতেল, দালি, চাহপাত, চেনী, বিস্কুট, গাখীৰ আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। বিধায়ক ডেকাই সাম্প্ৰতিক জটিল সময়ৰ মাজতো চিকিৎসক, আশাকৰ্মী, স্বাস্হ্যকৰ্মী , চাফাই কৰ্মী সকলে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়ক গৰাকীয়ে টিহুৰ চিকিৎসালয়ৰ সাম্প্ৰতিক পৰিস্হিৰ বুজ লৈ দেশৰ এনে জটিল সময়ত চৰকাৰক সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। বিধায়ক ডেকাই পৰৱৰ্তী সময়ত দুৰ্গত সকলক পৰ্যায় ক্ৰমে সহায় আগবঢ়াব বুলি উনুকিয়াই শীঘ্ৰে তেওঁ বিশেষ ভাবে সক্ষম ব্যক্তিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি প্ৰকাশ কৰে।  অনুষ্টুপীয়া খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত টিহু চিকিৎসালয়ৰ অধীক্ষক  ডাঃ প্ৰমোদ তালুকদাৰ, চিকিৎসক ডাঃ তপন তালুকদাৰ, অগপ নেতা চাণক্য চৰন কলিতা, সমাজ কৰ্মী হৰেকৃষ্ণ মেধি, মেলেৰিয়া পৰিদৰ্শক ভূপেন ৰাজবংশী, ব্লক ফাৰ্মাচিষ্ট পুলকেশ দাস আদি উপস্হিত থাকে।

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা