কামাখ্যা ধামত সাধাৰণ ভাৱে কেৱল ধৰ্মীয় ৰীতি নীতিৰে অনুষ্টুপীয়াকৈ পালন কৰা হব অম্বুবাচী মেলা

কামাখ্যা ধামত সাধাৰণ ভাৱে কেৱল ধৰ্মীয় ৰীতি নীতিৰে অনুষ্টুপীয়াকৈ পালন কৰা হব অম্বুবাচী মেলা। 

পঙ্কজ নাথ, চাংসাৰি, ২৩ এপ্ৰিল :

বৰ্তমান সমগ্ৰ বিশ্বতে ক'ৰণাৰ ত্ৰাসৰ মাজতে অসমতো শেহতীয়াকৈ ক'ৰণা ভাইৰাছ COVID-19 ৰ সংক্ৰমণ ফলত জনসাধাৰণ আতংকিত হৈ পৰিছে । ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে এই সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে ৪০ দিনীয়া লকডাউন ঘোষণা কৰিছে। এই ৰোগ সংক্ৰমণ নহবৰ বাবে সামাজিক দুৰত্ব, চাফ চিকুণতা আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই সকলো বোৰ দিশ চালিজাৰি চাই মাঁ কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ দলৈৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে এইবাৰ অম্বুবাচী মহোৎসৱ মহা আড়ম্বৰপূৰ্ণ কৈ পালন কৰাৰ পৰিবৰ্তে কেৱল ধৰ্মীয় ৰীতি নীতিৰে এই পৰ্ব অনুষ্টুপীয়াকৈ পালন কৰা হব। অহা ২২ জুনৰ পৰা অনাড়ম্বৰ ভাৱে এই পৰম্পৰা পালন কৰা হব। এই সময়ছোৱাত কামাখ্যা ধামলৈ কোনো তীৰ্থ যাত্ৰী ও সাধু সন্তৰ আগমন তথা থকা খোৱাৰ ব্যৱস্থা নাথাকিব। কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ দলৰ তৰফৰ পৰা আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰাৰ লগতে ইয়াৰ বাবে সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা